বাংলাদেশত হিংসাৰ দাবানল! লেখিকা তছলিমা নাছৰিনে স্বৰূপ উদঙালে জেহাদীৰ

বৃহস্পতিবাৰে হাদীৰ হত্যাকাণ্ডৰ পিছতে ঢাকা, চট্টগ্ৰামকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হয়। ক্ষুব্ধ জনতাই ঢাকাৰ দুটা মিডিয়া হাউছৰ কাৰ্যালয় জ্বলাই দিয়ে। চট্টগ্ৰামত থকা ভাৰতৰ দূতাবাসতো আক্রমণ কৰা হয় ৷

বাংলাদেশত হিংসাৰ দাবানল! লেখিকা তছলিমা নাছৰিনে স্বৰূপ উদঙালে জেহাদীৰ

বাংলাদেশ হিংসা সন্দৰ্ভত প্ৰতিক্ৰিয়া তছলিমা নাছৰিনৰ

Published: 

19 Dec 2025 12:07 PM

ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশী লেখিকা তাছলিমা নাছৰিনে। হাদীক জেহাদী আখ্যা দি নাছৰিনে কয় যে বাংলাদেশ জেহাদীস্তানলৈ পৰিণত হৈছে। নাছৰিনৰ মতে বাংলাদেশত যি হৈ আছে সেয়া স্বাভাৱিক নহয়। উগ্ৰপন্থীয়ে সমগ্ৰ দেশক জ্বলাবলৈ চেষ্টা চলাইছে।

নাছৰিনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখিছে, “এজন জেহাদীৰ মৃত্যুক লৈ সমগ্ৰ বাংলাদেশত হাজাৰ হাজাৰ জেহাদীয়ে অশান্তিৰ সৃষ্টি কৰিছে। তেওঁলোকে সমুখত পোৱা সকলো বস্তু ধ্বংস কৰি আছে। জুই জ্বলাইছে। সকলো ছাই কৰি পেলাইছে।”

নাছৰিনে আৰু লিখিছে যে হিন্দু যুৱক দীপু চন্দ্ৰ দাসক জেহাদীৰ বাবে গছত ওলোমাই থৈ জ্বলাই হত্যা কৰা হৈছিল যদিও কোনেও কোনো অনুশোচনা প্ৰকাশ কৰা নাছিল। কোনেও কোনো দুখ অনুভৱ কৰা নাছিল। সকলোৱে “নাৰা ই তকবীৰ আল্লাহ ও আকবৰ” বুলি ধ্বনি দিলে। এয়াই হৈছে জেহাদিস্তানৰ প্ৰকৃত স্বৰূপ।

হাদী কোন আছিল আৰু কেনেকৈ হত্যা কৰা হৈছিল?

ইকবাল ফ’ৰামৰ মুখপাত্ৰ আছিল ওছমান হাদী। ২০২৪ চনৰ জুলাই মাহত বাংলাদেশত সংঘটিত হোৱা অশান্তিৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ ফলত শ্বেখ হাছিনাক ক্ষমতাৰ পৰা বৰ্খাস্ত কৰা হৈছিল। হাদীয়ে ঢাকা-৮ৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল।

এই আসনৰ বাবে প্ৰচাৰ চলাওঁতে তেওঁৰ ওপৰত সাতদিন পূৰ্বে দুজন যুৱকে গুলীচালনা কৰিছিল। বাংলাদেশ চৰকাৰে ঢাকা আৰু ছিংগাপুৰত চিকিৎসা কৰোৱাইছিল যদিও তেওঁৰ জীৱন ৰক্ষা নপৰিল।

ৰাজনৈতিক দলসমূহে হিংসাৰ পৰা নিজকে আঁতৰাই ৰাখিছে

বৃহস্পতিবাৰে হাদীৰ হত্যাকাণ্ডৰ পিছতে ঢাকা, চট্টগ্ৰামকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হয়। ক্ষুব্ধ জনতাই ঢাকাৰ দুটা মিডিয়া হাউছৰ কাৰ্যালয় জ্বলাই দিয়ে। চট্টগ্ৰামত থকা ভাৰতৰ দূতাবাসতো আক্রমণ কৰা হয় ৷

ৰাজনৈতিক দলসমূহে হিংসাৰ পৰা নিজকে আঁতৰাই ৰাখিছে। হাদীয়ে যিটো সংগঠনৰ বাবে কাম কৰিছিল, সেই সংগঠনটোৱে কৈছে, “আমি নাজানো দাংগাকাৰী কোন।” জামাত আৰু বিএনপিৰ দৰে দলসমূহেও হিংসাত্মক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিছে। ঢাকা আৰু চট্টগ্ৰামৰ অধিকাংশ অঞ্চল সেনাই নিজৰ দখললৈ আনিছে।

তৎক্ষণাত পাব উপশম, শীতকালত মূৰৰ বিষ কমোৱাৰ ঘৰুৱা উপায় কি কি? জানক
নিতে খাওক এই ৮ বিধ খাদ্য, আপোনাৰ মগজু হৈ পৰিব অধিক চোকা আৰু কাৰ্যক্ষম
ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী