ভাৰতলৈ পলায়ন ওছমান হাদীৰ প্ৰাণ লোৱা দুই অভিযুক্তৰ! বাংলাদেশ আৰক্ষীৰ চাঞ্চল্যকৰ দাবী
ঢাকা মহানগৰ আৰক্ষীয়ে (DMP) এক চাঞ্চল্যকৰ দাবী কৰিছে। দ্য ডেইলী ষ্টাৰৰ মতে, ঢাকা মহানগৰ আৰক্ষীয়ে বাংলাদেশী ৰাজনৈতিক কৰ্মী ওছমান হাদীৰ হত্যাকাণ্ডৰ দুজন মূল অভিযুক্তই এই হত্যাকাণ্ডৰ পিছত মেঘালয় সীমান্তৰে ভাৰতলৈ পলায়ন কৰে।

ওছমান শ্বৰীফ হাদী
শেহতীয়াকৈ বাংলাদেশৰ ছাত্ৰ নেতা তথা ইনকিলাব মঞ্চৰ প্ৰতিষ্ঠাপক ওছমান শ্বৰীফ হাদীৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ বাংলাদেশ উত্তাল হৈ পৰিছে। এই হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত দেশখনত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ঢাকা মহানগৰ আৰক্ষীয়ে (DMP) এক চাঞ্চল্যকৰ দাবী কৰিছে। দ্য ডেইলী ষ্টাৰৰ মতে, ঢাকা মহানগৰ আৰক্ষীয়ে বাংলাদেশী ৰাজনৈতিক কৰ্মী ওছমান হাদীৰ হত্যাকাণ্ডৰ দুজন মূল অভিযুক্তই এই হত্যাকাণ্ডৰ পিছত মেঘালয় সীমান্তৰে ভাৰতলৈ পলায়ন কৰে।
ঢাকা মহানগৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই দাবী কৰা মতে হাদীৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত ফাইছাল কৰিম মাছুদ আৰু আলমগীৰ শ্বেখে স্থানীয় সহযোগীৰ সহায়ত মৈমেনছিঙৰ হালুৱাঘাট সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে। দুই অভিযুক্তৰ পলায়ন সন্দৰ্ভত তেওঁ আন কেতবোৰ দাবীও কৰিছে।
কিদৰে প্ৰৱেশ কৰিলে ভাৰতত?
আৰক্ষী বিষয়াগৰাকীৰ উদ্ধৃতিৰে দ্য ডেইলী ষ্টাৰত প্ৰকাশিত বাতৰি অনুসৰি, স্থানীয় সহযোগীৰ সহায়ত দুই অভিযুক্তই ভাৰতত প্ৰৱেশ কৰে। ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকক প্ৰথমে পূৰ্ণি নামৰ এজন ব্যক্তিয়ে আশ্ৰয় দিয়ে। ইয়াৰ পিছত ছামি নামৰ এজন টেক্সি চালকে তেওঁলোকক মেঘালয়ৰ তুৰা চহৰলৈ লৈ যায় বুলি আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে।
ভাৰতীয় সংস্থাৰ জিম্মাত সহযোগী
ইফালে দুই অভিযুক্তক সহায় কৰা পূৰ্ণি আৰু ছামিক সম্প্ৰতি ভাৰতীয় সংস্থাই আটক কৰি ৰখাৰ তথ্য লাভ কৰা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে। অৱশ্যে এই তথ্যৰ আনুষ্ঠানিক নিশ্চিতি এতিয়াও হোৱা নাই। তেওঁৰ মতে, বাংলাদেশ চৰকাৰে পলাতক অপৰাধীকেইজনক প্ৰত্যাৰ্পণৰ বাবে ভাৰতৰ সৈতে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা মাধ্যমেৰে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে।
কোন আছিল ওছমান হাদী?
উল্লেখ্য যে ওছমান হাদী আছিল বাংলাদেশৰ এক প্ৰতিপত্তিশালী ছাত্ৰ নেতা তথা ভাৰত আৰু আৱামি লীগৰ তীব্ৰ সমালোচক। বিগত বৰ্ষৰ জুলাই মাহত শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটোৱা গণ-বিদ্ৰোহৰ অন্যতম অগ্ৰণী নেতা আছিল হাদী। চৰকাৰ পতনৰ পিছত তেওঁ ইনকিলাব মঞ্চ নামৰ এক দল গঠন কৰিছিল আৰু অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি চলাইছিল।
হাদীৰ হত্যাকাণ্ড আৰু পৰৱৰ্তী হিংসা
যোৱা ১২ ডিচেম্বৰত ঢাকাত অচিনাক্ত দুৰ্বৃত্তই হাদীৰ ওপৰত গুলীচালনা কৰে। সংকটজনক অৱস্থাত তেওঁক উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ লৈ যোৱা হয় যদিও ৬ দিনৰ পিছত তেওঁ মৃত্যুবৰণ কৰে। হাদীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বাংলাদেশত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰাৰ লগতে ঢাকাৰ আগশাৰীৰ বাতৰি কাকত প্ৰথম আলো আৰু দ্য ডেইলী ষ্টাৰৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে। ইয়াৰ উপৰি সাংস্কৃতিক সংগঠন ছাযানাট আৰু উদিচি শিল্পী গোষ্ঠীৰ কাৰ্যালয়তো আক্ৰমণৰ ঘটনা সংঘটিত হয়।