গ্ৰেপ্তাৰ হ’ল দীপু চন্দ্ৰ দাসৰ প্ৰাণ লোৱা মুখ্য অভিযুক্ত, ঢাকা আৰক্ষীৰ কবলত প্ৰাক্তন মাদ্ৰাছা শিক্ষক আৰাফাট

উত্থাপিত অভিযোগ মতে, যোৱা ১৮ ডিচেম্বৰত দীপু চন্দ্ৰ দাসক ফেক্টৰীৰ গেটৰ সমুখত আক্ৰমণ কৰা উত্তেজিত লোকৰ ভিৰটোক য়াচিনে নেতৃত্ব দিছিল। কেৱল সিমানেই নহয়, দীপুৰ মৃতদেহ চোঁচৰাই নি মৈমনসিং জিলাৰ স্কোৱায়াৰ মাষ্টাৰবাৰী এলেকাত জ্বলাই দিয়াৰ ক্ষেত্ৰতো তেওঁ মূল ভূমিকা পালন কৰিছিল।

গ্ৰেপ্তাৰ হ’ল দীপু চন্দ্ৰ দাসৰ প্ৰাণ লোৱা মুখ্য অভিযুক্ত, ঢাকা আৰক্ষীৰ কবলত প্ৰাক্তন মাদ্ৰাছা শিক্ষক আৰাফাট

বাংলাদেশ

Updated On: 

08 Jan 2026 | 07:07 PM

উত্তপ্ত বাংলাদেশত একাংশ উন্মত্ত লোকৰ হাতত শেহতীয়া সময়ছোৱাত নিগ্ৰহৰ সন্মুখীন হৈছে সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকসকল। দেশখনত সৃষ্টি হোৱা উত্তেজনাৰ সময়তে হত্যাৰ বলি হৈছিল দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱক। এই ঘটনাই ভাৰততো সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। নিহত দীপু চন্দ্ৰ দাসৰ ন্যায়ৰ দাবীৰে অসমতো দেখা গৈছিল প্ৰতিবাদ। এই হত্যাকাণ্ডৰ প্ৰায় তিনি সপ্তাহ পিছত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক। ধৃত অভিযুক্তজনক য়াচিন আৰাফাট বুলি চিনাক্ত কৰা হৈছে।

হত্যাকাণ্ডৰ মূল অভিযুক্ত য়াচিন আৰাফাট এগৰাকী প্ৰাক্তন মাদ্ৰাছা শিক্ষক। ঢাকা মেট্ৰ’পলিটান পুলিচৰ সহযোগত ডেমৰা থানাৰ অন্তৰ্গত চাৰুলিয়াৰ পৰা আৰাফাটক কৰায়ত্ত কৰা হয় বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ধৃত য়াচিন আৰাফাট ভালুকাৰ দক্ষিণ হবিৰবাৰীৰ বাসিন্দা।

উত্থাপিত অভিযোগ মতে, যোৱা ১৮ ডিচেম্বৰত দীপু চন্দ্ৰ দাসক ফেক্টৰীৰ গেটৰ সমুখত আক্ৰমণ কৰা উত্তেজিত লোকৰ ভিৰটোক য়াচিনে নেতৃত্ব দিছিল। কেৱল সিমানেই নহয়, দীপুৰ মৃতদেহ চোঁচৰাই নি মৈমনসিং জিলাৰ স্কোৱায়াৰ মাষ্টাৰবাৰী এলেকাত জ্বলাই দিয়াৰ ক্ষেত্ৰতো তেওঁ মূল ভূমিকা পালন কৰিছিল।

য়াচিন আৰাফাটে যোৱা ১৮ মাহ ধৰি এখন মাদ্ৰাছাত শিক্ষকতা কৰাৰ লগতে শেখাবাৰী মছজিদত ইমাম হিচাপে কাম কৰি আছিল। হত্যাকাণ্ডৰ পাছত তেওঁ ১২ দিন ধৰি আত্মগোপন কৰি আছিল। নিজৰ পৰিচয় লুকুৱাই তেওঁ ঢাকাৰ বিভিন্ন মাদ্ৰাছাত আশ্ৰয় লৈছিল আৰু আনকি এটা মিছা পৰিচয়েৰে ‘ছুফফা মাদ্ৰাছা’ত শিক্ষকৰ কামো কৰিছিল।

উল্লেখ্য যে ছাত্ৰ নেতা শ্বৰীফ ওচমান হাদীৰ মৃত্যুক কেন্দ্ৰ কৰি বাংলাদেশত পুনৰ সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। এনে অস্থিৰতাৰ মাজতে দীপু চন্দ্ৰ দাসক ‘ধৰ্মীয় অবমাননা’ৰ অভিযোগ তুলি একাংশ উন্মত্ত লোকে হত্যা কৰিছিল। এই গোচৰত এতিয়ালৈকে ২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে ৯ জনে আদালতত নিজৰ দোষ স্বীকাৰ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...