নিজ দেশৰ ভিতৰতে আৰম্ভ কৰা বাংলাদেশৰ ‘অপাৰেচন ডেভিল হাণ্ট’ কি ? কাৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান ?

দেশখনৰে একাংশ লোকক এক প্ৰকাৰে 'চয়তান' বুলি গণ্য কৰি বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেচন ডেভিল হাণ্ট’ । কেতিয়ালৈকে চলি এই অভিযান ?

নিজ দেশৰ ভিতৰতে আৰম্ভ কৰা বাংলাদেশৰ ‘অপাৰেচন ডেভিল হাণ্ট’ কি ? কাৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান ?

বাংলাদেশ সেনা

Updated On: 

10 Feb 2025 | 01:18 PM

এতিয়াও সুস্থিৰ হোৱা নাই বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশ । কোনে দেশখনৰ এই অস্থিৰতাত অৰিহণা যোগাইছে সেয়া এতিয়াও স্পষ্ট নহয় । কিন্তু ইয়াৰ মাজতে দেশখনৰে একাংশ লোকক এক প্ৰকাৰে ‘চয়তান’ বুলি গণ্য কৰি বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেচন ডেভিল হাণ্ট’ । এই ‘অপাৰেচন ডেভিল হাণ্ট’ৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব এই ‘চয়তান’সকলক ।

যোৱা শুকুৰবাৰে নিশা বাংলাদেশৰ গাজীপুৰত ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ ওপৰত সংঘটিত আক্ৰমণৰ পিছতে সমগ্ৰ দেশখনতে আৰম্ভ কৰা হয় এই অভিযান । এই অভিযানৰ অধীনত বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে এই পৰ্যন্ত ১৩০৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। একে সময়তে দেশখনৰ বাবে ‘সকলো অশুভ উপাদান’ আঁতৰাই নিদিয়ালৈকে প্ৰশাসনে এই অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে।

অপাৰেচন ডেভিল হাণ্ট কি?

শেহতীয়াকৈ বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঢাকাৰ ঘৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ সংঘটিত কৰি ঘৰটো ভাঙি লণ্ডভণ্ড কৰে। এই আক্ৰমণৰ সময়ত বহু ছাত্ৰ কৰ্মী আহত হয়। এই ঘটনাৰ পিছতহে মহম্মদ ইউনুছে ‘অপাৰেচন ডেভিল হাণ্ট’ চলাবলৈ নিৰ্দেশনা দিয়ে। এই অভিযানৰ উদ্দেশ্য সমগ্ৰ দেশত আইন-শৃংখলা প্ৰতিষ্ঠা কৰা।

লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে, এই অভিযানৰ জৰিয়তে দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা লোকসকলক আটক কৰি ৰখা হৈছে আৰু দেশখনক অস্থিৰ কৰি ৰখাত ইন্ধন যোগোৱা সকল ধৰা নপৰালৈকে এই অভিযান চলি থাকিব।

সকলো নিৰাপত্তা বাহিনী জড়িত হৈ পৰিছে এই অভিযানত

বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে শনিবাৰে সন্ধিয়া আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে হোৱা বৈঠকত এই অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। এই অভিযানত কেৱল আৰক্ষীয়েই নহয় বাংলাদেশৰ সেনা, নৌসেনা, বায়ুসেনা, সীমান্তৰক্ষী বাংলাদেশ (বিজিবি), আনছাৰ আৰু উপকূলৰক্ষী বাহিনীৰ জোৱানসকলো জড়িত হৈ আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...