Bangladesh fighter Jet crash: বাংলাদেশত কলেজত খুন্দা মাৰিলে যুদ্ধ বিমানে, নিহত পাইলট, কেবাগৰাকীও শিক্ষাৰ্থী নিহত হোৱাৰ সন্দেহ

উৰণৰ কিছু সময়ৰ পিছতে ঢাকাৰ এখন কলেজ বিল্ডিঙৰ ওপৰত বিমানখন খহি পৰে। এই দুৰ্ঘটনাত পাইলটজনৰ মৃত্যু হয়, ইয়াৰ বাহিৰেও বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

Bangladesh fighter Jet crash: বাংলাদেশত কলেজত খুন্দা মাৰিলে যুদ্ধ বিমানে, নিহত পাইলট, কেবাগৰাকীও শিক্ষাৰ্থী নিহত হোৱাৰ সন্দেহ

বাংলাদেশত যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত

Updated On: 

21 Jul 2025 15:23 PM

সোমবাৰে বাংলাদেশ বায়ুসেনাৰ এখন FT-7BGI যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। উৰণৰ কিছু সময়ৰ পিছতে ঢাকাৰ এখন কলেজ বিল্ডিঙৰ ওপৰত বিমানখন খহি পৰে। এই দুৰ্ঘটনাত পাইলটজনৰ মৃত্যু হয়, ইয়াৰ বাহিৰেও বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই। কোৱা হৈছে যে দুৰ্ঘটনাগ্ৰস্ত যুদ্ধ বিমানখন চীনত নিৰ্মিত। ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে বায়ুসেনাৰ FT-7BGI এখন ট্ৰেনিং বিমান। আন্তঃসেৱা জনসংযোগৰ তথ্য অনুসৰি যুদ্ধ বিমানখনে দুপৰীয়া ১:০৬ বজাত উৰা মাৰে আৰু দুপৰীয়া ১:৩০ বজালৈ দুৰ্ঘটনাত পতিত হয়। হজৰত শ্বাহজাহান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই দুৰ্ঘটনাৰ তথ্য নিশ্চিত কৰিছে। এই দুৰ্ঘটনাত পাইলটগৰাকীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও এই পৰ্যন্ত দুৰ্ঘটনাটোত আন আন হতাহতৰ বিষয়ে কোনো তথ্য দিয়া হোৱা নাই।

বাংলাদেশ বায়ুসেনাৰ এই যুদ্ধ বিমানখন ঢাকাৰ উত্তৰ দিশত অৱস্থিত মাইলষ্টোন কলেজ চৌহদত বাগৰি পৰে। জানিব পৰা গৈছে যে দুৰ্ঘটনাৰ সময়ত মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল, গতিকে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী হতাহত হোৱাৰ সম্ভাৱনা আছে। ঢাকা অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ৮টা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। ডেইলী ষ্টাৰে ছদমান ৰুহচিনৰ উদ্ধৃতি দি লিখিছে যে বিমানখনে কলেজৰ ভৱনত পোনপটীয়াকৈ খুন্দা মাৰিছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী আৰু সেনাৰ দল সাহায্য আৰু উদ্ধাৰৰ বাবে উপস্থিত হৈ আহত ছাত্ৰ-ছাত্ৰীক উঠাই ৰিক্সা আৰু অন্যান্য বাহনেৰে চিকিৎসালয়লৈ লৈ যায়। কোৱা হৈছে যে এতিয়াও সেই স্থানত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে, দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ বিষয়ে এতিয়াও কোনো তথ্য দিয়া হোৱা নাই।

মাইলষ্টোন কলেজৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষকৰ উদ্ধৃতি দি ডেইলী ষ্টাৰে লিখিছে যে যুঁজাৰু বিমানখনে মাইলষ্টোন কলেজৰ চৌহদত নিৰ্মিত তিনিমহলীয়া অট্টালিকাত খুন্দা মাৰে। তেওঁ জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ মহাবিদ্যালয়খনৰ ১০ মহলীয়া অট্টালিকাটোত থিয় হৈ আছিল। সেই সময়তে যুঁজাৰু বিমানখনে ওচৰতে থকা তিনিমহলীয়া অট্টালিকাটোত খুন্দা মাৰে আৰু বিমানখন জ্বলি যায়।

দুৰ্ঘটনাৰ ফলত অট্টালিকাটোত আবদ্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে দৌৰি গৈ তেওঁলোকক বচাবলৈ চেষ্টা কৰে, দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে সেনাবাহিনীৰ লোক আহি উদ্ধাৰৰ কাম আৰম্ভ কৰে। শিক্ষকগৰাকীৰ মতে, অট্টালিকাটোৰ বহু ছাত্ৰ-ছাত্ৰী অগ্নিদগ্ধ হৈছে।

শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে বাধা, কিন্তু কেনেকৈ?
পত্নী বা প্ৰেমিকাৰ এনে কু-অভ্যাসে ৰসাতলে নিব পাৰে পৰিয়ালক, চাণক্যৰ নীতিয়ে কৰি গৈছে উল্লেখ
নিম্ন ৰক্তচাপৰ ৰোগীয়ে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব ?
উজ্জ্বল ছালৰ বাবে এইদৰে ব্যৱহাৰ কৰক এলোভেৰা