কেনেকৈ হাইজেক কৰা হৈছিল জাফৰ এক্সপ্ৰেছ? বেলুচ আৰ্মীৰ আক্ৰমণৰ চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

পাকিস্তানৰ ট্ৰেইনখন কেনেকৈ হাইজেক কৰা হৈছিল তাৰ ভিডিঅ' শ্বেয়াৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে । ভিডিঅ'টোত দেখা গৈছে জাফৰ এক্সপ্ৰেছৰ চৌপাশে ঘেৰি ধৰিছে বিএলএৰ সদস্যই । আঠ নং সুৰংগ পাৰ হোৱাৰ সময়তেই ট্ৰেইনৰ সমীপত সংঘটিত কৰা হয় বিস্ফোৰণ । ৰৈ যায় ট্ৰেইনখন । তাৰ পাছত বন্দুকধাৰীয়ে ট্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি যাত্ৰীসকলক নমাই আনে ।

কেনেকৈ হাইজেক কৰা হৈছিল জাফৰ এক্সপ্ৰেছ? বেলুচ আৰ্মীৰ আক্ৰমণৰ চাঞ্চল্যকৰ ভিডিঅ প্ৰকাশ

প্ৰতীকী ছবি

Updated On: 

13 Mar 2025 | 04:39 PM

বিভিন্ন চিনেমাত দুস্কৃতিকাৰীয়ে ট্ৰেইন হাইজেক কৰা আপুনি নিশ্চয় দেখিছে । চিনেমাৰ দৰে এটা ঘটনা শেহতীয়াকৈ সংঘটিত হ’ল পাকিস্তানত । বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে হাইজেক কৰে এখন যাত্ৰীবাহী ট্ৰেইন । তাৰ পাছত বন্দী কৰি ৰাখে ট্ৰেইনৰ ৪৫০ গৰাকী যাত্ৰীক । অৱশেষত উদ্ধাৰ কৰা হ’ল যাত্ৰীসকলক । সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় ৩৩ জন বিএলএ সদস্য । ৩০ ঘন্টীয়া এক ৰুদ্ধশ্বাস পৰিৱেশৰ অন্তত উদ্ধাৰ হয় বন্দীসকলক । পাকিস্তানৰ ট্ৰেইনখন কেনেকৈ হাইজেক কৰা হৈছিল তাৰ ভিডিঅ’ শ্বেয়াৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে ।

ভিডিঅ’টোত দেখা গৈছে জাফৰ এক্সপ্ৰেছৰ চৌপাশে ঘেৰি ধৰিছে বিএলএৰ সদস্যই । আঠ নং সুৰংগ পাৰ হোৱাৰ সময়তেই ট্ৰেইনৰ সমীপত সংঘটিত কৰা হয় বিস্ফোৰণ । ৰৈ যায় ট্ৰেইনখন । তাৰ পাছত বন্দুকধাৰীয়ে ট্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি যাত্ৰীসকলক নমাই আনে ।

বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ মজিদ বিগ্ৰেডে এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে । প্ৰথম দিনা প্ৰায় ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰাৰ পাছত ১২ মাৰ্চৰ নিশাৰ ভিতৰত বাকীসকলক উদ্ধাৰ কৰা হয় । এই সংঘৰ্ষত প্ৰায় ৩০ জন পাক সেনা নিহত হোৱা বুলি জানিব পৰা গৈছে । কিন্তু পাক চৰকাৰে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।

আনদিনাৰ দৰে ১১ মাৰ্চতো জাফৰ এক্সপ্ৰেছে কোৱেটাৰ পৰা পেছোৱাৰ অভিমুখে যাত্ৰা কৰিছিল । ট্ৰেইনখন যেতিয়াৰ ছিবিৰ বেলন পাহাৰৰ এটি সুৰংগৰ মাজেৰে পাৰ হৈছিল তেতিয়া অতৰ্কিতে বিএলএৰ ৮ জন সশস্ত্ৰ সদস্যই ট্ৰেইনত আক্ৰমণ কৰে । জাফৰ এক্সপ্ৰেছৰ ৯ টা দবাত প্ৰায় ৪৫০ গৰাকী যাত্ৰী আছিল ।

বোলান কোৱেটা আৰু ছিবিৰ মাজত প্ৰায় ১০০০ কিঃমিঃৰো অধিক দূৰত্বৰ পাহাৰীয়া অঞ্চল আছে । এই অঞ্চলত আছে ১৭ টা সুৰংগ । ইয়াৰ মাজেৰেই পাৰ হৈ যায় ৰেলখন । পাহাৰীয়া অঞ্চল হোৱা বাবে ইয়াত ট্ৰেইনৰ গতিবেগ কিছু কম হয় ।

আক্ৰমণকাৰীয়ে কুনৰি আৰু গুডলাৰৰ পাহাৰীয়া অঞ্চলৰ সমীপত এটি সুৰংগত ট্ৰেইনখন হাইজেক কৰে । বন্দী কৰা হৈছিল ট্ৰেইনখনত থকা ৪৫০ জন যাত্ৰীক । অৱশেষত ৩০ ঘন্টীয়া ৰুদ্ধশ্বাস পৰিৱেশৰ অন্তত উদ্ধাৰ কৰা হয় যাত্ৰীসকলক । ইয়াৰ ২১ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...