কেনেকৈ হাইজেক কৰা হৈছিল জাফৰ এক্সপ্ৰেছ? বেলুচ আৰ্মীৰ আক্ৰমণৰ চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

পাকিস্তানৰ ট্ৰেইনখন কেনেকৈ হাইজেক কৰা হৈছিল তাৰ ভিডিঅ' শ্বেয়াৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে । ভিডিঅ'টোত দেখা গৈছে জাফৰ এক্সপ্ৰেছৰ চৌপাশে ঘেৰি ধৰিছে বিএলএৰ সদস্যই । আঠ নং সুৰংগ পাৰ হোৱাৰ সময়তেই ট্ৰেইনৰ সমীপত সংঘটিত কৰা হয় বিস্ফোৰণ । ৰৈ যায় ট্ৰেইনখন । তাৰ পাছত বন্দুকধাৰীয়ে ট্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি যাত্ৰীসকলক নমাই আনে ।

কেনেকৈ হাইজেক কৰা হৈছিল জাফৰ এক্সপ্ৰেছ? বেলুচ আৰ্মীৰ আক্ৰমণৰ চাঞ্চল্যকৰ ভিডিঅ প্ৰকাশ

প্ৰতীকী ছবি

Updated On: 

13 Mar 2025 16:39 PM

বিভিন্ন চিনেমাত দুস্কৃতিকাৰীয়ে ট্ৰেইন হাইজেক কৰা আপুনি নিশ্চয় দেখিছে । চিনেমাৰ দৰে এটা ঘটনা শেহতীয়াকৈ সংঘটিত হ’ল পাকিস্তানত । বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে হাইজেক কৰে এখন যাত্ৰীবাহী ট্ৰেইন । তাৰ পাছত বন্দী কৰি ৰাখে ট্ৰেইনৰ ৪৫০ গৰাকী যাত্ৰীক । অৱশেষত উদ্ধাৰ কৰা হ’ল যাত্ৰীসকলক । সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় ৩৩ জন বিএলএ সদস্য । ৩০ ঘন্টীয়া এক ৰুদ্ধশ্বাস পৰিৱেশৰ অন্তত উদ্ধাৰ হয় বন্দীসকলক । পাকিস্তানৰ ট্ৰেইনখন কেনেকৈ হাইজেক কৰা হৈছিল তাৰ ভিডিঅ’ শ্বেয়াৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে ।

ভিডিঅ’টোত দেখা গৈছে জাফৰ এক্সপ্ৰেছৰ চৌপাশে ঘেৰি ধৰিছে বিএলএৰ সদস্যই । আঠ নং সুৰংগ পাৰ হোৱাৰ সময়তেই ট্ৰেইনৰ সমীপত সংঘটিত কৰা হয় বিস্ফোৰণ । ৰৈ যায় ট্ৰেইনখন । তাৰ পাছত বন্দুকধাৰীয়ে ট্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি যাত্ৰীসকলক নমাই আনে ।

বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ মজিদ বিগ্ৰেডে এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে । প্ৰথম দিনা প্ৰায় ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰাৰ পাছত ১২ মাৰ্চৰ নিশাৰ ভিতৰত বাকীসকলক উদ্ধাৰ কৰা হয় । এই সংঘৰ্ষত প্ৰায় ৩০ জন পাক সেনা নিহত হোৱা বুলি জানিব পৰা গৈছে । কিন্তু পাক চৰকাৰে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।

আনদিনাৰ দৰে ১১ মাৰ্চতো জাফৰ এক্সপ্ৰেছে কোৱেটাৰ পৰা পেছোৱাৰ অভিমুখে যাত্ৰা কৰিছিল । ট্ৰেইনখন যেতিয়াৰ ছিবিৰ বেলন পাহাৰৰ এটি সুৰংগৰ মাজেৰে পাৰ হৈছিল তেতিয়া অতৰ্কিতে বিএলএৰ ৮ জন সশস্ত্ৰ সদস্যই ট্ৰেইনত আক্ৰমণ কৰে । জাফৰ এক্সপ্ৰেছৰ ৯ টা দবাত প্ৰায় ৪৫০ গৰাকী যাত্ৰী আছিল ।

বোলান কোৱেটা আৰু ছিবিৰ মাজত প্ৰায় ১০০০ কিঃমিঃৰো অধিক দূৰত্বৰ পাহাৰীয়া অঞ্চল আছে । এই অঞ্চলত আছে ১৭ টা সুৰংগ । ইয়াৰ মাজেৰেই পাৰ হৈ যায় ৰেলখন । পাহাৰীয়া অঞ্চল হোৱা বাবে ইয়াত ট্ৰেইনৰ গতিবেগ কিছু কম হয় ।

আক্ৰমণকাৰীয়ে কুনৰি আৰু গুডলাৰৰ পাহাৰীয়া অঞ্চলৰ সমীপত এটি সুৰংগত ট্ৰেইনখন হাইজেক কৰে । বন্দী কৰা হৈছিল ট্ৰেইনখনত থকা ৪৫০ জন যাত্ৰীক । অৱশেষত ৩০ ঘন্টীয়া ৰুদ্ধশ্বাস পৰিৱেশৰ অন্তত উদ্ধাৰ কৰা হয় যাত্ৰীসকলক । ইয়াৰ ২১ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

আই পি এলৰ নতুন সূচী মতে পুনৰ অনুষ্ঠিত হ’বনে পঞ্জাৱ আৰু দিল্লীৰ অৰ্ধসমাপ্ত মেচখন!
টেষ্ট ক্ৰিকেটক বিদায় কিং কোহলীৰ, এই ফৰ্মেটত তেওঁৰ দৰমহা কিমান আছিল জানেনে?
গ্ৰীষ্মকালত কেনেকৈ শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ আঁতৰাব পাৰি ? উপায় জানক
মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক