ইজৰাইলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰৰ পৰোৱানা, ভাৰতৰ শত্ৰু দেশে কৰিলে এই কাম…
তুৰস্কই গণহত্যাৰ অভিযোগত মুঠ ৩৭ জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। এই তালিকাত আছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ, ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইতামাৰ বেন গ্ভিৰ, আৰু সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল ইয়াল জমিৰ। এই সম্পূর্ণ তালিকা এতিয়াও ৰাজহুৱা হোৱা নাই৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰৰ পৰোৱানা
দীৰ্ঘদিন ধৰি উত্তেজনাৰ অন্তত ইজৰাইল আৰু হামাছৰ মাজত শেহতীয়াকৈ যুদ্ধবিৰতি সম্পন্ন হয়। তাৰ পিছতে এতিয়া ইজৰাইলৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে তুৰস্কই। শুকুৰবাৰে তুৰস্কই ঘোষণা কৰে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুে আৰু তেওঁৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে গণহত্যা (Genocide)ৰ অভিযোগত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।
ইস্তানবুলৰ প্ৰচিকিউটৰ অফিচৰ এক বিবৃতি অনুসৰি তুৰস্কই গণহত্যাৰ অভিযোগত মুঠ ৩৭ জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। এই তালিকাত আছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ, ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইতামাৰ বেন গ্ভিৰ, আৰু সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল ইয়াল জমিৰ। এই সম্পূর্ণ তালিকা এতিয়াও ৰাজহুৱা হোৱা নাই৷
ইজৰাইলৰ বিৰুদ্ধে তুৰস্কৰ অভিযোগ
তুৰস্কই এইসকলৰ বিৰুদ্ধে “গাজাত পৰিকল্পিত গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ”ৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবেদনত “তুৰস্ক-পেলেষ্টাইন বন্ধুত্ব চিকিৎসালয়”ৰ কথাও উল্লেখ কৰা হৈছে। যিটো গাজা ষ্ট্ৰিপত তুৰস্কই নিৰ্মাণ কৰিছিল আৰু মাৰ্চ মাহত ইজৰাইলে বোমা বিস্ফোৰণৰ জৰিয়তে ধ্বংস কৰিছিল। যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ গোচৰতো তুৰস্কই অংশগ্ৰহণ কৰিছিল, য’ত ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (ICJ) ত গণহত্যাৰ অভিযোগ উত্থাপন হৈছিল।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ মন্তব্য
তুৰ্কীৰ গ্ৰেপ্তাৰৰ পৰোৱানাৰ পিছত এতিয়া বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰৰ এক বিবৃতি প্ৰকাশ পাইছে। তেওঁ এক্সত কয় যে, “ইজৰাইলে একনায়কত্ববাদী [ৰাষ্ট্ৰপতি ৰেচেপ টাইপ] এৰদোগানৰ এই নতুন পাব্লিচিটি ষ্টাণ্টক তীব্ৰভাৱে নাকচ কৰিছে।”
ছ’চিয়েল মিডিয়াত এটা পোষ্টত ছাৰে কয় যে, এৰদোগানৰ তুৰস্কৰ ন্যায়পালিকা কেৱল ৰাজনৈতিক বিৰোধীক নীৰৱ কৰি ৰখা আৰু সাংবাদিক, ন্যায়াধীশ, মেয়ৰক আটক কৰাৰ বাবে ব্যৱহাৰ কৰা আহিলা হৈ পৰিছে। তেওঁ চলিত বৰ্ষৰ আৰম্ভণিতে ইস্তানবুলৰ মেয়ৰ একৰেম ইমামোগ্লুক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰে।
হামাছৰ প্ৰতিক্ৰিয়া
ইফালে, তুৰস্কৰ এই পদক্ষেপক আদৰণি জনাই হামাছে কয় যে, এই গ্ৰেপ্তাৰৰ পৰোৱানে তুৰ্কী জনসাধাৰণ আৰু ইয়াৰ নেতৃত্বৰ মহান মানৱীয় মনোভাৱ আৰু উচ্চ নীতিক নিশ্চিত কৰিছে।
চলিত সপ্তাহৰ আৰম্ভণিতে ইস্তানবুলত কেইবাখনো মুছলমান সংখ্যাগৰিষ্ঠ দেশে গাজাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্থিতিশীলতা বাহিনী (আই এছ এফ)ৰ বিষয়ে আলোচনা কৰিবলৈ সমবেত হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ড’নাল্ড ট্ৰাম্পে দাখিল কৰা ২০ দফীয়া গাজা শান্তি পৰিকল্পনাত এই শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে।
কিন্তু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে, গাজাত যিকোনো বিদেশী সৈন্য নিয়োগ কৰিবলৈ ইজৰাইলৰ সন্মতিৰ প্ৰয়োজন হ’ব।