যিকোনো সময়তে দ্বিখণ্ডিত হ’ব পাৰে পাকিস্তান! স্বাধীনতা ঘোষণা কৰিব নেকি বেলুচিস্তানে?
পাকিস্তানে ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টাত ব্ৰতী থকাৰ সময়তে বেলুচিস্তানে শীঘ্ৰে স্বাধীনতাৰ দাবী জনাইছে। বিগত কিছুদিন ধৰি বেলুচ বিদ্ৰোহীৰ হেঁচাত অস্থিৰ হৈ পৰিছে পাকিস্তান প্ৰশাসন। এতিয়া ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধৰ মাজতে এক নতুন শ্লোগানৰ উন্মেষ ঘটাইছে বেলুচ বিদ্ৰোহীয়ে।

জন্ম হ’ব নেকি বেলুচিস্তানৰ!
ভাৰতত আক্ৰমণ চলাবলৈ বৃথা চেষ্টা কৰি এতিয়া নিজেই বিপৰ্যয়ৰ সন্মুখীন হ’বলগা হৈছে পাকিস্তান। ইখনৰ পিছত সিখনকৈ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত ভাৰতে চলোৱা প্ৰত্যাক্ৰমণত পাকিস্তানৰ থৰকাছুটি হেৰাইছে। ভাৰতৰ এই ভয়ংকৰ আক্ৰমণত সমান্তৰালকৈ ইফালে গৃহ বিদ্ৰোহেও দেশখনলৈ বিপদ চপাই আনিছে। এফালে পাকিস্তান সেনাৰ ভিতৰতে বিদ্ৰোহৰ ফলস্বৰূপে সেনা প্ৰধানৰ অপসাৰণ তথা গ্ৰেপ্তাৰৰ খবৰ পোহৰলৈ আহিছে, আনফালে আকৌ পাকিস্তানে ভুগিছে বেলুচ বিদ্ৰোহীৰ আক্ৰমণ।
পাকিস্তানে ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টাত ব্ৰতী থকাৰ সময়তে বেলুচিস্তানে শীঘ্ৰে স্বাধীনতাৰ দাবী জনাইছে। বিগত কিছুদিন ধৰি বেলুচ বিদ্ৰোহীৰ হেঁচাত অস্থিৰ হৈ পৰিছে পাকিস্তান প্ৰশাসন। এতিয়া ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধৰ মাজতে এক নতুন শ্লোগানৰ উন্মেষ ঘটাইছে বেলুচ বিদ্ৰোহীয়ে।
দেশখনৰ অস্থিৰ পৰিস্থিতিৰ মাজতে বেলুচ বিদ্ৰোহীয়ে যিকোনো সময়তে স্বাধীনতা ঘোষণা কৰিব পাৰে বুলিও বহু বাতৰি প্ৰচাৰ হৈছে। এটা ছ’চিয়েল মিডিয়া পোষ্টত এগৰাকী বেলুচ বিদ্ৰোহীয়ে তাৎক্ষণিক স্বাধীনতাৰ দাবী জনোৱা দেখিবলৈ পোৱা গৈছে। আনকি ভাৰতত এটা দূতাবাস খোলাৰ বাবেও অনুৰোধ জনাইছে ভিডিঅ’টোত।
ইতিমধ্যে স্বতন্ত্ৰ বেলুচিস্তান চৰকাৰ গঠন কৰি ক্ষমতা দখল কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও খবৰ প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে যোৱা কেইদিনমানৰ পৰা বেলুচ বিদ্ৰোহীয়ে বাৰে বাৰে পাকিস্তানী সেনাক লক্ষ্য কৰি আক্ৰমণ চলাই আহিছে। বৃহস্পতিবাৰে পুৱা বেলুচিস্তানৰ উগ্ৰপন্থীয়ে পাকিস্তানী সেনাৰ এখন বাহন বিস্ফোৰণ কৰে।
বেলুচ বিদ্ৰোহীৰ এই আক্ৰমণৰ ফলত ১২ৰ পৰা ১৪ জন পাকিস্তানী সেনা নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছিল। ইয়াৰ পিছতে আন এক আক্ৰমণত বেলুচ বিদ্ৰোহীহে এক গুৰুত্বপূৰ্ণ গেছ পাইপলাইন উৰুৱাই দিয়া বুলি জানিব পৰা গৈছে।