বিশ্বৰ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মহম্মদ ইউনুছ, স্থান নাপালে কোনো ভাৰতীয়ই…

আমেৰিকাৰ টাইম মেগাজিনে বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকা জাৰি কৰিছে। য'ত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নামে স্থান লাভ কৰিছে। এই তালিকাত নাম নাই কোনো ভাৰতীয়ৰ।

বিশ্বৰ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মহম্মদ ইউনুছ, স্থান নাপালে কোনো ভাৰতীয়ই...

মোদী-ইউনুছ

Published: 

17 Apr 2025 16:13 PM

ভাৰত-বাংলাদেশৰ মাজত চাঞ্চল্য অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ আমেৰিকাৰ এক তথ্যই চকু কপালত তুলিছে বিভিন্নজনৰ। আমেৰিকাৰ টাইম মেগাজিনে বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকা জাৰি কৰিছে। য’ত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নামে স্থান লাভ কৰিছে। কিন্তু আচৰিত কথা এয়াই যে, এই তালিকাত কোনো ভাৰতীয়ই স্থান লাভ নকৰিলে। যোৱা বৰ্ষত অভিনেত্ৰী আলিয়া ভাট আৰু অলিম্পিক বিজেতা সাক্ষী মালিকে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

তালিকাত কোন কোন

বিশ্বৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মহম্মদ ইউনুছৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প,বিশ্বৰ ধনী ব্যক্তি ইলন মাস্ক, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমৰ আদিৰ নাম আছে। টাইম মেগাজিনে ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ৰাজনীতিকৰ পৰা আৰম্ভ কৰি বিজ্ঞান, বাণিজ্য, মনোৰঞ্জন আদি দিশৰ লগত জড়িতসকলক অন্তৰ্ভুক্ত কৰিছে।

এই তালিকাত মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম, আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিক, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, ডব্লিউ এইচ অ’ৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছ, জাৰ্মান ৰক্ষণশীল নেতা ফ্ৰেড্ৰিচ মেৰ্জ আৰু দক্ষিণ কোৰিয়াৰ নেতা লি জে-ম্যুংকে ধৰি বহু বিশিষ্ট বিশ্ব নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰোপি তালিকাত স্থান লাভ কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি মহম্মদ ইউনুছ (৮৪) ।

ভাৰতীয়মূলৰ CEO

আমেৰিকাৰ স্বাস্থ্য সচিব ৰবাৰ্ট এফ কেনেডি জুনিয়ৰেও এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এই তালিকাত ভাৰতীয়ই স্থান লাভ নকৰিলেও  ভাৰটেক্স ফাৰ্মাচিউটিকেলছৰ ভাৰতীয় মূলৰ চিইঅ’ ৰেশমা কেৱালমণীয়ে স্থান লাভ কৰে। তেওঁ আমেৰিকাৰ এটা বৃহৎ জৈৱ প্ৰযুক্তি কোম্পানীৰ প্ৰথমগৰাকী মহিলা চিইঅ’।

২০২৫ চনৰ টাইম মেগাজিনত পাঁচখন আন্তঃৰাষ্ট্ৰীয় কভাৰেৰে মুক্তি লাভ কৰিছিল। এই পাঁচজন ব্যক্তি হৈছে অভিনেতা ডেমি মূৰ, আমেৰিকাৰ ৰেপাৰ স্নুপ ডগ, প্ৰাক্তন টেনিছ চেম্পিয়ন চেৰেনা উইলিয়ামছ, ইংৰাজ গায়ক-গীতিকাৰ এড শ্বিৰান আৰু গুগল ডিপমাইণ্ডৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ডেমিছ হাছাবিছ।

মহম্মদ ইউনুছক প্ৰশংসা

টাইমত প্ৰকাশিত এটা প্ৰবন্ধত আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হিলাৰী ক্লিণ্টনে মহম্মদ ইউনুছক প্ৰশংসা কৰিছে। তেওঁ কয় যে, বাংলাদেশত গণতন্ত্ৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত ইউনুছে যথেষ্ঠ কাম কৰিছে। যোৱা বছৰ ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহে বাংলাদেশৰ প্ৰধানমন্ত্ৰীক পদচ্যুত কৰি দেশখনক গণতন্ত্ৰৰ দিশে আগবঢ়াই নিয়াৰ দায়িত্ব নোবেল বঁটা বিজয়ী ইউনুছৰ ওপৰত এৰি দিছিল বুলি ক্লিণ্টনে লিখিছে। ইয়াৰোপৰি বাংলাদেশৰ গ্ৰামীণ বিকাশ বেংক স্থাপনৰ কথা সুঁৱৰিও ইউনুছক প্ৰশংসা কৰে তেওঁ।

উল্লেখ্য যে, বিশ্বৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি বুলি ধৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।  বিভিন্ন দেশৰ সৈতে সম্পৰ্ক বৰ্তাই ৰখা মোদীক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতে প্ৰশংসা কৰা দেখা যায়। কিন্তু তাৰ পাছতো এই তালিকাত মোদীৰ নাম নথকাত একাংশই চিন্তা প্ৰকাশ কৰিছে।

 

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey