H1B visa: বিপদত পৰিব ৭০% ভাৰতীয়! এতিয়াৰ পৰা আমেৰিকাক দিব লাগিব ৮৮ লাখ টকা…

H1 visa: আজিৰে পৰা কাৰ্যকৰী হ'ব আমেৰিকাৰ H1B ভিছাৰ নতুন মাচুল। ইয়াৰ অধীনত ভিছাৰ বাবে আবেদনকাৰীয়ে ৮৮ লাখ টকা দিব লাগিব। যিয়ে বিপদত পেলাব লাখ লাখ ভাৰতীয়ক।

H1B visa: বিপদত পৰিব ৭০% ভাৰতীয়! এতিয়াৰ পৰা আমেৰিকাক দিব লাগিব ৮৮ লাখ টকা...

এইচ ১ ভিছা

Published: 

21 Sep 2025 | 02:01 PM

আমেৰিকাত থাকিবলৈ হ’লে এতিয়াৰ পৰা ভৰিব লাগিব অত্যধিক মাচুল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে H1B Visa ৰ মাচুল ৬ লাখ টকাৰ পৰা ৮৮ লাখ টকালৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে। এই নতুন নিৰ্দেশনা ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। এনে ক্ষেত্ৰত এতিয়া বিপদত পৰিব পাৰে লাখ লাখ ভাৰতীয়। কিয়নো আমেৰিকাত বহু ভাৰতীয়ই H1B ভিছা লৈ থাকে। ট্ৰাম্পৰৰ এই নতুন নিৰ্দেশনাই এতিয়া চিন্তিত কৰিছে বহু ভাৰতীয়ক।

আমেৰিকাত বিশ্বৰ বহু লোকে এই ভিছা লৈ বাস কৰি আছে। কিন্তু ই ভাৰতীয়সকলক অতি বেছি প্ৰভাৱিত কৰিব। কিয়নো H1B ভিছা আবেদনকাৰীৰ প্ৰায় ৭০ শতাংশ ভাৰতীয় লোক।

কোনে দিব নালাগে মাচুল

এই সন্দৰ্ভত হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে এক লাখ ডলাৰৰ মাচুল কেৱল নতুন ভিছাধাৰীৰ বাবেহে। যিসকলৰ বৰ্তমান ভিছা আছে সেইসকলে এই মাচুল দিব নালাগে। যিসকল লোকে খৰখেদাকৈ ভাৰতৰ পৰা আমেৰিকালৈ যাত্ৰা কৰি আছে, সেইসকলে দেওবাৰৰ আগতে উপস্থিত হোৱাৰ প্ৰয়োজন নাই বা এক লাখ ডলাৰ মাচুল দিব নালাগে।

ইয়াৰোপৰি কোনো কোম্পানী বা শ্ৰমিক যদি আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক স্বাৰ্থ বা জনসাধাৰণৰ মংগলৰ সৈতে জড়িত তেওঁলোকে এই মাচুলৰ পৰা ৰেহাই লাভ কৰিব।

কোনে দিব লাগিব

ট্ৰাম্প প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি যদি কোনো কোম্পানীয়ে এই ভিছাত আমেৰিকাৰ বাহিৰৰ পৰা শ্ৰমিক নিয়োগ কৰিব বিচাৰে তেন্তে প্ৰথমে ৮৮ লাখ টকা দিব লাগিব। এই নিয়ম ভিচাধাৰীসকলৰ বাবে নহয়, যিয়ে তেওঁলোকক নিযুক্তি দিব তেওঁলোকৰ বাবে।

ভাৰতৰ ওপৰত প্ৰভাৱ

তথ্য অনুসৰি H1B ভিছাত আমেৰিকালৈ যোৱা শ্ৰমিকৰ ৭০ শতাংশই ভাৰতীয়। এনে অৱস্থাত ট্ৰাম্পৰ এই নিৰ্দেশৰ ফলত এতিয়া আমেৰিকাৰ কোম্পানীসমূহে অন্য দেশৰ পৰা শ্ৰমিক নিয়োগ কমকৈ কৰিব। এনে ক্ষেত্ৰত আমেৰিকাৰ নাগৰিকে প্ৰাধন্য লাভ কৰিব আৰু আমেৰিকাত নিবনুৱা সমস্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

এই ভিছা কাক দিয়া হয়

H1B  ভিছা হৈছে এক প্ৰকাৰৰ শ্ৰমিক ভিছা। এই ভিছাৰ জৰিয়তে আমেৰিকাৰ কোম্পানীসমূহে বিদেশৰ পৰা বিজ্ঞানী, অভিযন্তা, আৰু কম্পিউটাৰ প্ৰগ্ৰেমাৰ আদিক নিয়োগ কৰে। ইয়াৰ বৈধতা তিনি বছৰৰ পৰা ৬ বছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যায়।

কিয় এই সিদ্ধান্ত

ট্ৰাম্প প্ৰশাসনে আমেৰিকা ফাৰ্ষ্ট নীতি গ্ৰহণ কৰিছে। ট্ৰাম্পে কয় যে, এই ভিছাৰ লক্ষ্য আছিল উচ্চ দক্ষতাসম্পন্ন শ্ৰমিকক আমেৰিকালৈ অনা। কিন্তু বহুতে ইয়াৰ অপব্যহাৰ কৰিছে। বিভিন্ন কোম্পানীয়ে এই ভিছা ব্যৱহাৰ কৰি বিদেশৰ পৰা অতি কম দৰমহাত শ্ৰমিক নিয়োগ কৰে। ই আমেৰিকাৰ নাগৰিকৰ ক্ষতিও কৰে। কিন্তু ট্ৰাম্পৰ মাচুল বৃদ্ধিৰ পাছত এতিয়া কেৱল উচ্চ দক্ষতাসম্পন্ন লোকসকলহে আমেৰিকালৈ যাব পাৰবি।

 

 

অন্য খবৰ পঢ়কঃ ৭০% ভাৰতীয় পৰিব বিপদত! শুল্কৰ পাছতে আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে ট্ৰাম্প চৰকাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...