আলাস্কাত নোলাল ইউক্ৰেইন যুদ্ধৰ সমাধান সূত্ৰঃ ফল ভুগিব নেকি ভাৰতে!

ভাৰতৰ দৃষ্টিকোণৰ পৰা ট্ৰাম্প-পুটিনৰ বৈঠকখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। এই বৈঠকৰ পূৰ্বে ট্ৰাম্পে এক সাক্ষাৎকাৰত স্পষ্টকৈ উল্লেখ কৰিছিল যে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে তেওঁ ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ নীতি গ্ৰহণ কৰিছে।

আলাস্কাত নোলাল ইউক্ৰেইন যুদ্ধৰ সমাধান সূত্ৰঃ ফল ভুগিব নেকি ভাৰতে!

ট্ৰাম্প-পুটিনৰ আলোচনাই কি প্ৰভাৱ পেলাব ভাৰতত!

Published: 

16 Aug 2025 | 08:58 AM

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আলাস্কাত যোৱা নিশা বৈঠকত মিলিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ উদ্দেশ্যে ট্ৰাম্পে পুটিনৰ সৈতে এই বৈঠকৰ আহ্বান জনাইছিল। আলাস্কাত দুয়োগৰাকী ৰাষ্ট্ৰপধানৰ মাজত প্ৰায় তিনি ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠক সম্পন্ন হয়। এই বৈঠকত অৱশ্যে ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হ’ব পৰা নগ’ল। অৱশ্যে ভৱিষ্যতে দুয়োগৰাকী নেতাৰ মাজত পুনৰ আলোচনা হোৱাৰ সম্ভাৱনা নিশ্চিত হয়।

ভাৰতৰ দৃষ্টিকোণৰ পৰা এই বৈঠকখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। এই বৈঠকৰ পূৰ্বে ট্ৰাম্পে এক সাক্ষাৎকাৰত স্পষ্টকৈ উল্লেখ কৰিছিল যে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে তেওঁ ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ নীতি গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তি নহ’লে আমেৰিকাই ৰাছিয়াৰ বন্ধু ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি আলোচিত হৈছিল।

কিন্তু ট্ৰাম্প আৰু পুটিনৰ এই বৈঠকত যুদ্ধবিৰতিৰ কোনো সমাধান সূত্ৰ নোলাল। এই সন্দৰ্ভত পুনৰ আলোচনাৰ বাবে পুটিনে ট্ৰাম্পক মস্কোলৈ আমন্ত্ৰণ জনাইছে। ইফালে ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটোৱাত ৰাছিয়া সহমতত উপনীত নোহোৱাৰ পিছত ভাৰতৰ বিৰুদ্ধে ট্ৰাম্পে গ্ৰহণ কৰা শুল্ক নীতিৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

প্ৰাক্তন ৰাষ্ট্ৰদূত জে কে ত্ৰিপাঠীয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে যুদ্ধবিৰতি নোহোৱাৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে কি স্থিতি লয়, সেয়া চিন্তনীয় হ’ব। একেদৰে বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞ ৰবীন্দ্ৰ সচদেৱেও ট্ৰাম্প আৰু পুটিনৰ এই ৩ ঘণ্টীয়া বৈঠকৰ পিছত আমেৰিকাই ভাৰতৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব বুলি মন্তব্য কৰিছে।

জে কে ত্ৰিপাঠীৰ মতে, এই বৈঠকত কোনো চুক্তি নহ’লেও পুটিনে ট্ৰাম্পক শান্ত কৰিবলৈ সক্ষম হয়। বৈঠকৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ পৰা ট্ৰাম্পে পুটিনক যিদৰে ৰক্ষা কৰিছিল, সেয়া পুটিনৰ সফলতাৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ বুলিও তেওঁ লগতে কয়। এনে পৰিস্থিতিত পৰৱৰ্তী বৈঠকৰ পূৰ্বে আমেৰিকাই ৰাছিয়া বা দেশখনৰ সৈতে জড়িত আন দেশৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা ক’ম বুলি বিশেষজ্ঞসকলে মত দিছে।

অৰ্থাৎ মস্কোৰ বৈঠকলৈকে আমেৰিকাৰ শুল্কৰ আৰোপৰ ভাবুকি বন্ধ হ’ব পাৰে। উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছিল। ট্ৰাম্পে লগতে ৰাছিয়াই তেল বিক্ৰী কৰা সেই ধনেৰে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে বুলিও দাবী কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...