Earthquake: পুনৰ ৬.৭ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প, সতৰ্কবাণী জাৰি…

ভূমিকম্পৰ লগে লগে সংস্থাটোৱে সকীয়াই দিছিল যে উত্তৰ উপকূলীয় অঞ্চলত ১ মিটাৰ (৩ ফুট) উচ্চতালৈকে ছুনামী ঢৌৱে আঘাত কৰিব পাৰে। এই সতৰ্কবাণী ভূমিকম্পৰ পিছত এঘণ্টা ধৰি প্ৰযোজ্য কৰা হৈছিল। জাপানৰ ৰাজহুৱা সম্প্ৰচাৰক  NHK-এ উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

Earthquake: পুনৰ ৬.৭ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প, সতৰ্কবাণী জাৰি...

ভূমিকম্প

Published: 

09 Nov 2025 16:55 PM

দেওবাৰে সন্ধিয়া উত্তৰ জাপানত ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত আৰু কেইবাটাও আফটাৰশ্বক অনুভূত হয়। জাপান বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ভূমিকম্পৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সংস্থাটোৱে জনোৱা মতে, ইৱাটে প্ৰিফেকচাৰৰ উপকূলৰ পৰা প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো সংঘটিত হয়। অৱশ্যে এতিয়ালৈকে অঞ্চলটোৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ দুটাৰ ক্ষতি বা বিঘিনি ঘটাৰ কোনো খবৰ পোৱা নাই।

ভূমিকম্পৰ লগে লগে সংস্থাটোৱে সকীয়াই দিছিল যে উত্তৰ উপকূলীয় অঞ্চলত ১ মিটাৰ (৩ ফুট) উচ্চতালৈকে ছুনামী ঢৌৱে আঘাত কৰিব পাৰে। এই সতৰ্কবাণী ভূমিকম্পৰ পিছত এঘণ্টা ধৰি প্ৰযোজ্য কৰা হৈছিল। জাপানৰ ৰাজহুৱা সম্প্ৰচাৰক  NHK-এ উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। কিয়নো যিকোনো সময়তে ছুনামীৰ ঢৌ আশংকা ব্যক্ত কৰা হৈছে। এন এইচ কেয়ে সকীয়াই দিয়ে যে অঞ্চলটোত আৰু অধিক ভূমিকম্প আহিব পাৰে।

এন এইচ কেৰ মতে, ইৱাটে প্ৰিফেকচাৰৰ অফুনাটো চহৰ আৰু ওমিনাটো বন্দৰত প্ৰায় ১০ চেণ্টিমিটাৰ (৪ ইঞ্চি) উচ্চতাৰ ছুনামীৰ ঢৌ ৰেকৰ্ড কৰা হৈছে। জে আৰ ইষ্ট ৰে’লৱে অপাৰেটৰে জনোৱা মতে, এই ভূমিকম্পৰ বাবে অঞ্চলটোত চলাচল কৰা বুলেট ৰে’লসমূহ কিছু সময়ৰ বাবে পলম হৈছিল। একাংশ অঞ্চলত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে।

জাপানত কিয় ভূমিকম্প হয়?

ভূমিকম্পৰ প্ৰৱণতা থকা দেশসমূহৰ ভিতৰত জাপান অন্যতম। দেশখন প্ৰশান্ত মহাসাগৰৰ ৰিং অৱ ফায়াৰত অৱস্থিত, যিটো অঞ্চলত পৃথিৱীৰ টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত সঘনাই ভূমিকম্প হয়।

এই একেটা অঞ্চলতে ২০১১ চনৰ মাৰ্চ মাহত এক ভয়াৱহ ভূমিকম্প আৰু ছুনামীৰ প্ৰভাৱত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু ব্যাপক বিঘিনি ঘটিছিল। এইবাৰ কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই যদিও বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

জীৱনলৈ আহিব দুৰ্দশা! কেতিয়াও উপহাৰ নিদিব এই ৫ বিধ বস্তু...
চাইনাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকে কি কয় জানক...
কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে দৈনিক কি কি খাদ্য খাব লাগে ? জানক
ঘৰৰ কোন দিশত পাকঘৰ থকাটো আটাইতকৈ ভাল? জানক...