Afghanistan Earthquake: আফগানিস্তানৰ ভূমিকম্পত ১৪০০ৰো অধিক লোকৰ মৃত্যু, সহায়ৰ বাবে আগবাঢ়িছে ভাৰত

দেওবাৰে নিশা আফগানিস্তানত হোৱা ভূমিকম্পত ১৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে কাবুললৈ সাহায্য সামগ্ৰী বিমানেৰে লৈ যোৱা হৈছে।

Afghanistan Earthquake: আফগানিস্তানৰ ভূমিকম্পত ১৪০০ৰো অধিক লোকৰ মৃত্যু, সহায়ৰ বাবে আগবাঢ়িছে ভাৰত

Afghanistan Earthquake 1

Updated On: 

03 Sep 2025 | 01:23 PM

আফগানিস্তানত হোৱা ভয়ানক ভূমিকম্পই ব্যাহত কৰিছে জন-জীৱন। দেওবাৰে নিশা অহা এই ভূমিকম্পত ১৪০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ২৫০০ৰো অধিক লোক আহত হয়। আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে আফগানিস্তানৰ প্ৰতিটো পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে আৰু প্ৰয়োজন হ’লে ভাৰতে সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু।

এই সংকটৰ সময়ত সকলো দেশকে সহায় কৰিবলৈ আহ্বান জনায় তালিবানে। এই সংকটৰ পৰা ওলাই আহিবলৈ ব্ৰিটেইন, চীন আৰু বহু দেশে আফগানিস্তানক দুৰ্যোগ সাহায্য আগবঢ়াইছে। ১০ লাখ পাউণ্ডৰ জৰুৰী সাহায্যৰ প্ৰতিশ্ৰুতি দিছে ব্ৰিটেইনে ।

আফগানিস্তানক সহায় কৰিছে ভাৰতে

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, “ভাৰতৰ ভূমিকম্পৰ সাহায্য বিমানযোগে কাবুললৈ গৈ আছে। “তেওঁ কয় যে মঙলবাৰে আফগানিস্তানলৈ কম্বল, টেণ্ট, হাইজিন কিট, পানী সংৰক্ষণ টেংক, জেনেৰেটৰ, পাকঘৰৰ বাচন-বৰ্তন, পৰ্টেবল ৱাটাৰ পিউৰিফায়াৰ, শ্লীপিং বেগ, অত্যাৱশ্যকীয় ঔষধ, হুইল চেয়াৰ, হেণ্ড চেনিটাইজাৰ আৰু অত্যাৱশ্যকীয় ঔষধকে ধৰি ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। আফগানিস্তানৰ প্ৰতিটো পৰিস্থিতিৰ ওপৰত ভাৰতে চকু ৰাখিব আৰু অনাগত দিনত প্ৰয়োজন হ’লে অধিক মানৱীয় সাহায্য প্ৰেৰণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

সহায়ৰ বাবে সাজু ভাৰত: মোদী

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আফগানিস্তানৰ ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু আছে ভাৰত। তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, “আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণ আৰু সম্পত্তি হেৰুৱাৰ বাবে মই গভীৰভাৱে দুখিত। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা সদায় আছে।” তেওঁ কয়, “আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ” ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে ভাৰত ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ মানৱীয় সাহায্য আৰু সকাহ দিবলৈ সাজু।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...