আফগানিস্তানত পুনৰ ভয়াৱহ আক্ৰমণ পাকিস্তানৰ, তিনি ক্ৰিকেটাৰসহ ৮ জনৰ মৃত্যু

পাকিস্তানৰ আক্ৰমণত ৩জন ক্ৰিকেটাৰসহ ৮জন লোক নিহত হোৱাৰ খবৰ নিশ্চিত কৰিছে আফগান প্ৰশাসনে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডেও ক্ৰিকেটাৰকেইগৰাকীৰ মৃত্যুৰ বিষয়ে প্ৰকাশ কৰি শোক প্ৰকাশ কৰিছে।

আফগানিস্তানত পুনৰ ভয়াৱহ আক্ৰমণ পাকিস্তানৰ, তিনি ক্ৰিকেটাৰসহ ৮ জনৰ মৃত্যু

নিহত তিনি আফগান ক্ৰিকেটাৰ

Updated On: 

18 Oct 2025 10:14 AM

যুদ্ধবিৰতি ভংগ কৰি আফগানিস্তানত পুনৰ ভয়াৱহ আক্ৰমণ চলাইছে পাকিস্তানে। শুকুৰবাৰে নিশা চলোৱা এই বিমান আক্ৰমণত ৩জন ক্ৰিকেটাৰকে ধৰি কমেও ৮ জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। পাকিস্তানৰ এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে তালিবানৰ এগৰাকী শীৰ্ষ বিষয়াই। আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ তিনিটা স্থানত পাকিস্তানে এই বোমা বিস্ফোৰণ ঘটোৱা বুলি জানিব পৰা গৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে আফগানিস্তানত অতৰ্কিতে আক্ৰমণ চলোৱাৰ পিছত দুয়োদেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।

ইয়াৰ পিছতে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত দুয়োখন দেশৰ কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৱশ্যে কাটাৰৰ মধ্যস্থতাত দুয়োখন দেশ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মত হৈছিল। কিন্তু যুদ্ধবিৰতি ভংগ কৰি শুকুৰবাৰে নিশা আফগানিস্তানত পুনৰ আক্ৰমণ কৰে পাকিস্তানে। ইয়াৰ পিছতে এতিয়া যুদ্ধৰ ভয়াৱহতা বৃদ্ধিৰ শংকা বৃদ্ধি পাইছে।

পাকিস্তানৰ আক্ৰমণত ৩জন ক্ৰিকেটাৰসহ ৮জন লোক নিহত হোৱাৰ খবৰ নিশ্চিত কৰিছে আফগান প্ৰশাসনে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডেও ক্ৰিকেটাৰকেইগৰাকীৰ মৃত্যুৰ বিষয়ে প্ৰকাশ কৰি শোক প্ৰকাশ কৰিছে। নিহত ক্ৰিকেটাৰকেইগৰাকী এক ক্ৰিকেট প্ৰতিযোগিতাত খেলাৰ উদ্দেশ্যে উৰ্গুনৰ পৰা সাৰানা ভ্ৰমণ কৰিছিল।

 

মৃত আফগান ক্ৰিকেটাৰকেইনৰ নাম কবিৰ, হাৰুণ আৰু শিবঘাতুল্লাহ বুলি জানিব পৰা গৈছে। ইফালে এই আক্ৰমণৰ প্ৰতিবাদত আফগানিস্তানে ত্ৰিদেশীয় শৃংখলাৰ পৰা দল প্ৰত্যাহাৰ কৰিছে। পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে আফগানিস্তানে এই ত্ৰিদেশীয় শৃংখলাত অংশ লোৱাৰ কথা আছিল। কিন্তু আক্ৰমণৰ পিছত আফগানিস্তানে এতিয়া এই শৃংখলাত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে।

আফগান খেলুৱৈৰ শোক প্ৰকাশ

শুকুৰবাৰে নিশা হোৱা এই আক্ৰমণৰ পিছতে আফগানিস্তানৰ তাৰকা খেলুৱৈসকলে শোক প্ৰকাশ কৰিছে। আফগান অধিনায়ক ৰছিদ খানে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই আক্ৰমণত অসামৰিক লোকৰ প্ৰাণহানিৰ বাবে অত্যন্ত দুখী বুলি উল্লেখ কৰে। এই ট্ৰেজেডীয়ে নিজ দেশক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰাৰ সপোন দেখা মহিলা, শিশু আৰু যুৱ ক্ৰিকেটাৰসকলৰ প্ৰাণ কাঢ়ি লৈ ​​গ’ল বুলিও ক্ষোভ প্ৰকাশ কৰে ৰছিদ খানে।

 

তেওঁ লগতে এইদৰে অসামৰিক আন্তঃগাঁথনিক আক্ৰমণক লক্ষ্য কৰি লোৱাটো অত্যন্ত বৰ্বৰ আখ্যা দিয়ে। সমান্তৰালকৈ পাকিস্তানৰ বিৰুদ্ধে আগন্তুক মেচসমূহত অংশ নোলোৱাৰ বাবে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ সিদ্ধান্তকো আদৰণি জনায় ৰছিদ খানে। “এই কঠিন সময়ত মই মোৰ মানুহৰ সৈতে থিয় দিছো, সকলোতকৈ আগত আমাৰ জাতীয় মৰ্যাদা আহিব লাগিব।”- এইদৰে কয় তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

আফগান দলৰ তাৰকা পেচাৰ ফজলহক ফাৰুকিয়ে ইনষ্টাগ্ৰামত এক পোষ্টযোগে এই আক্ৰমণক গৰিহণা দিছে। তেওঁ লিখিছে, “এই অত্যাচাৰীসকলৰ দ্বাৰা নিৰীহ সাধাৰণ নাগৰিক আৰু আমাৰ ঘৰুৱা ক্ৰিকেটাৰৰ হত্যাকাণ্ড এক জঘন্য অপৰাধ। আল্লাহে শ্বহীদসকলক জন্নতত সৰ্বোচ্চ স্থান প্ৰদান কৰক। তেওঁ লগতে ইশ্বৰে অপৰাধীসকলক কঠোৰ শাস্তি বিহাৰো আশা প্ৰকাশ কৰে।

 

অভাৱ-অনাটন দূৰ কৰিবলৈ দেৱালীত কৰক এই উপায়!
ধনতেৰাচত দুৰ্লভ সংযোগ, কপাল ফুলিব এই ৰাশিৰ লোকৰ!
ধনতেৰাচত এনেধৰণৰ কাম কৰিলেই জীৱনত হ’ব ধনৰ বৰষুণ! জানি লওক এতিয়াই
ধনেৰে উভৈনদী হ'ব আপোনাৰ ঘৰ, মাথোঁ ধনতেৰাচত পিন্ধক এই ৰঙৰ কাপোৰ!