ৰাছিয়াত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰে’ল… এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু, ৩০ জন আহত

বিষয়াসকলে জনোৱা মতে, এই দুৰ্ঘটনাত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ৩০ জন আহত হয়। মস্কো ৰে’লৱেই এক বিবৃতিত কয় যে ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা দেশৰ পশ্চিম অংশৰ ক্লিমভলৈ যোৱাৰ সময়ত ব্ৰাইয়ানস্ক অঞ্চলত দলং ভাঙি পৰাৰ ফলত ৰে'লপথৰ পৰা বিচ্ছিন্ন হৈ পৰে ৰে’লখন । উল্লেখ কৰা হৈছে যে দলংখনৰো যথেষ্ট ক্ষতিসাধন হৈছে।

ৰাছিয়াত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰেল... এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু, ৩০ জন আহত

ৰাছিয়াত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰে'ল

Published: 

01 Jun 2025 | 08:40 AM

শনিবাৰে মাজনিশা পশ্চিম ৰাছিয়াত লাইনচ্যুত হয় এখন যাত্ৰীবাহী ৰে’ল। বিষয়াসকলে জনোৱা মতে, এই দুৰ্ঘটনাত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ৩০ জন আহত হয়। মস্কো ৰে’লৱেই এক বিবৃতিত কয় যে ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা দেশৰ পশ্চিম অংশৰ ক্লিমভলৈ যোৱাৰ সময়ত ব্ৰাইয়ানস্ক অঞ্চলত দলং ভাঙি পৰাৰ ফলত ৰে’লপথৰ পৰা বিচ্ছিন্ন হৈ পৰে ৰে’লখন । উল্লেখ কৰা হৈছে যে দলংখনৰো যথেষ্ট ক্ষতিসাধন হৈছে।

ঘটনা সন্দৰ্ভত ব্ৰাইয়ানস্কৰ আঞ্চলিক গৱৰ্ণৰ আলেকজেণ্ডাৰ বগোমাজে কয় যে , কিছুসংখ্যক যাত্ৰী আহত হৈছে।  অৱশ্যে তেওঁ বিশেষ তথ্য নিদিলে। ঘটনাস্থলীত জৰুৰীকালীন সেৱা আৰু চৰকাৰী বিষয়াই কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ভুক্তভোগীক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদানৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।

ব্ৰাইয়ানস্কৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ বগোমাজে এই কথা নিশ্চিত কৰি কয় যে, ঘটনাস্থলীত জৰুৰীকালীন সেৱা নিয়োজিত কৰা হৈছে। ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ৰ তথ্য অনুসৰি ফেডাৰেল ঘাইপথৰ ওচৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। য’ত কেইবাটাও উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা RIA আৰু TASS য়ে প্ৰকাশ কৰা অনুসৰি মৃতসকলৰ ভিতৰত ৰে’লখনৰ লোকো পাইলটো আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি স্বতন্ত্ৰ টেলিগ্ৰাম চেনেল বাজা আৰু শ্বটে ইচ্ছাকৃতভাৱে দলংখন উৰুৱাই দিয়া হ’ব পাৰে বুলি দাবী কৰিছে যদিও এই খবৰ এতিয়াও নিশ্চিত হোৱা নাই।

সম্প্ৰতি ঘটনাৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিষয়াসকলে । ষড়যন্ত্ৰৰ সম্ভাৱনা নুই কৰা হোৱা নাই।  আৰম্ভ হৈছে তদন্ত, য’ত ঘটনাৰ বাবে দোষীক চিনাক্ত কৰাৰ চেষ্টা চলাইছে বিষয়াসকলে ইয়াৰ। তদন্তত দলংখনৰ গঠনৰ সম্যক পৰীক্ষাৰ লগতে সুৰক্ষা উলংঘা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিব পৰা গৈছে। ৰাছিয়াৰ বিষয়াসকলে কয় যে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে এক বিস্তৃত তদন্ত কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...