১৬ খনকৈ ৰে’ল ভাড়াত লৈছে চৰকাৰে! পুনৰ কিহৰ আয়োজন মহম্মদ ইউনুছৰ…
ৰে'ল ভাড়াত লৈছে মহম্মদ ইউনুছ চৰকাৰে। প্ৰায় ১৬ খনকৈ ৰে'ল ভাড়াত লৈছে চৰকাৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক ঢাকালৈ অনা হ'ব।

বাংলাদেশ
ৰে’ল ভাড়াত লৈছে ইউনুছ চৰকাৰে। কেৱল এখন বা দুখন নহয়, একেলগে ১৬ খনকৈ ৰে’ল লৈছে ভাড়াত। বাংলাদেশৰ ৰাজশ্বাহী, ৰংপুৰ, ফৰিদপুৰ, আৰু চিলেটৰ পৰা ঢাকালৈ ইয়াৰ জৰিয়তে মানুহ অনা হ’ব। ইয়াৰ বাবে চৰকাৰী কোষাগাৰে কমেও ৩০ লাখতকৈ অধিক টকা খৰচ কৰিব। কিন্তু প্ৰশ্ন হয়, হঠাৎ কিয় ৰে’ল ভাড়া কৰিলে চৰকাৰে?
বাংলাদেশৰ ৰাজনৈতিক পৰিবৰ্তনৰ প্ৰায় ১ বছৰ হ’ল। ৫ আগষ্টত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিছিল। তাৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। সেই চৰকাৰখনে এতিয়াও দেশ চলাই আছে।
ইফালে যোৱা বছৰৰ জুলাই আন্দোলনক স্মৰণ কৰিবলৈ বাংলাদেশত জুলাই সদনপত্ৰ বা ঘোষণাপত্ৰ প্ৰস্তুত কৰা হৈছে। কাইলৈ ৫ আগষ্টত মাণিক মিয়া এভিনিউত ঢাকাৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সন্মুখত জুলাই ঘোষণাপত্ৰ পাঠ কৰা হ’ব। এতিয়া তাৰ বাবে প্ৰস্তুতি চলাই আছে অন্তৱৰ্তীকালীন চৰকাৰে। এনে পৰিস্থিতিত অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক এই অনুষ্ঠানলৈ অংশগ্ৰহণ কৰাবলৈ ১৬ খনকৈ ৰে’ল ভাড়া কৰিছে।
প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে পুৱা বা বিয়লি ১৬খন ৰে’লেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক ঢাকালৈ অনা হ’ব। ৰাজশ্বাহী, ৰংপুৰ, ফৰিদপুৰ, চিলেট, নাৰায়ণগঞ্জকে ধৰি কেইবাটাও স্থানৰ পৰা আহিব এই ৰে’ল। কাৰ্যসূচীৰ অন্তত তেওঁলোকক গন্তব্যস্থানলৈ লৈ যোৱা হ’ব।
জানিব পৰা মতে এই ৰে’লখন ভাড়াত লোৱাৰ খৰচ হ’ব প্ৰায় ৩০ লাখ ৪৬ হাজাৰ টকা। এই ধন মুক্তি যুদ্ধ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰিব। দেওবাৰে জুলাই গণ বিদ্ৰোহৰ কাৰ্যালয়ে এখন পত্ৰযোগে মুক্তি যুদ্ধ পৰিক্ৰমা মন্ত্ৰালয়ক অৱগত কৰে। উল্লেখ কৰা প্ৰয়োজন যে, আৱামি লীগ চৰকাৰে নিজৰ বিভিন্ন কাৰ্যসূচীৰ বাবে মানুহ আনিবলৈ এনেদৰে ৰে’ল ভাড়া কৰি লৈছিল। আৱামী লীগ চৰকাৰৰ পতনৰ পাছত জামাত-ই-ইছলামী আৰু বিএনপিয়ে ৰে’ল ভাড়া কৰি মানুহ আনিবলৈ লৈছিল।
অন্য খবৰ পঢ়কঃ অসাৰ ট্ৰাম্পৰ ভাবুকি! আমেৰিকাৰ শত্ৰু ইৰাণৰ সৈতে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ পাকিস্তানৰ…