নৰেন্দ্ৰ মোদীৰ পূৰ্বে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা নাছিলঃ মুখ্যমন্ত্ৰী

Dec 21, 2025 | 4:47 PM

এই অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, 'প্ৰধানমন্ত্ৰীয়ে আজি শ্বহীদ স্মাৰকত উপস্থিত হৈ অমৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। শ্বহীদক শ্ৰদ্ধাঞ্জলি যাচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিক সন্মান দিলে। মোদীৰ পূৰ্বে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা নাছিল।'

গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰকত অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ক্ষেত্ৰখনত থকা শ্বহীদ গেলাৰী পৰিদৰ্শন কৰে। অসম ভ্ৰমণৰ দ্বিতীয় দিনা মোদীয়ে গুৱাহাটীৰ নবনিৰ্মিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ত অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

এই অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰধানমন্ত্ৰীয়ে আজি শ্বহীদ স্মাৰকত উপস্থিত হৈ অমৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। শ্বহীদক শ্ৰদ্ধাঞ্জলি যাচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিক সন্মান দিলে। মোদীৰ পূৰ্বে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা নাছিল।’