ভাৰতৰ অৰ্থনীতি ধ্বংস কৰিবলৈ কিমান তললৈ নামিছিল পাকিস্তান? চাওক এই কাহিনী

Jan 22, 2026 | 7:39 PM

ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ লগে লগে পাকিস্তানী নিউজ চেনেল, ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকে ভাৰতৰ বৃহৎ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। ভাৰতীয় সেনাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ ধৰিলে।

ভাৰতীয় সেনাই কেনেকৈ অপাৰেচন সেন্দূৰত পাকিস্তানী সন্ত্ৰাসবাদী আৰু সেনা জোৱানৰ কঁকাল ভাঙি পেলালে সেয়া সকলোৱে জানে। কিন্তু মিছাইল বা ড্ৰ’নৰ বাহিৰেও ইছলামবাদে ভাৰতৰ বুকুত কিমান গভীৰ আঘাত দিবলৈ চেষ্টা কৰিছিল সেয়াও এতিয়া পোহৰলৈ আহিছে। অপাৰেচন সেন্দূৰৰ প্ৰথম দিনাই পাকিস্তানে ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত কমেও ৩ কোটি বাৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰতিবাৰেই বিফল হৈছিল তেওঁলোকৰ এই প্ৰচেষ্টা।

ভাৰতৰ শ্বেয়াৰ বজাৰত চাইবাৰ আক্ৰমণ চলাই বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতিত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে। সংখ্যাটোৰ কথা ভাবি চাওকচোন! এবাৰ দুবাৰ কিম্বা হাজাৰবাৰ নহয়! ৩ কোটি বাৰ আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানী হেকাৰে। এবাৰলৈও সেই প্ৰচেষ্টা সফল হ’লে থানবান হ’লহেঁতেন দেশৰ শ্বেয়াৰ বজাৰ ৷ টকাৰ হিচাপত লোকচানৰ পৰিমাণ কল্পনা কৰাটোও অসম্ভৱ! কিন্তু ভাৰতীয় সেনা আৰু এথিকেল হেকাৰে সেই প্ৰচেষ্টা প্ৰতিবাৰেই বিফল কৰি পেলালে।