জালিয়াতি-প্ৰৱঞ্চনাত বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ বাংলাদেশ- মহম্মদ ইউনুছ
বুধবাৰে ঢাকাৰ শ্বেৰ-ই-বাংলা নগৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মহম্মদ ইউনুছে। তাত তেওঁ বাংলাদেশীয়ে কোনটো কথা লাজ পাই সেই বিষয়ে উল্লেখ কৰে। কেৱল তেওঁৱেই নহয়, বহু বাংলাদেশী এই লাজৰ সন্মুখীন হৈছে। সেয়া হৈছে ভুৱা নথি প্ৰস্তুত কৰা কাৰ্য।
পৃথিৱীৰ শ্ৰেষ্ঠ হওক বা নহওক, প্ৰৱঞ্চনাত শ্ৰেষ্ঠ বাংলাদেশ! এই কথা আমি কোৱা নাই। এই কথা কৈছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। বাংলাদেশত এতিয়া বলিছে নিৰ্বাচনী বতাহ। অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচন।
অন্তৱৰ্তীকালীন চৰকাৰ শেষ হোৱাৰ পিছত পুনৰ আহিব এখন নিৰ্বাচিত চৰকাৰ। ক্ষমতা এৰি যোৱাৰ আগতে ইউনুছৰ এনে মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্য। অৱশ্যে ইয়াৰ আঁৰৰ কাৰণটো অতি গুৰুতৰ।
বুধবাৰে ঢাকাৰ শ্বেৰ-ই-বাংলা নগৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মহম্মদ ইউনুছে। তাত তেওঁ বাংলাদেশীয়ে কোনটো কথা লাজ পাই সেই বিষয়ে উল্লেখ কৰে। কেৱল তেওঁৱেই নহয়, বহু বাংলাদেশী এই লাজৰ সন্মুখীন হৈছে। সেয়া হৈছে ভুৱা নথি প্ৰস্তুত কৰা কাৰ্য।
মহম্মদ ইউনুছে কয়, “এটা কথাত বাংলাদেশ এতিয়া এটা কথাত বিশ্ব চেম্পিয়ন। আপোনালোক সকলোৱে হয়তো সেই কথা জানে। কিন্তু মই আকৌ ক’ম। কিহৰ ক্ষেত্ৰত বিশ্ব চেম্পিয়ন? প্ৰৱঞ্চনাত। সকলো ভুৱা। বহু দেশে আমাৰ পাছপ’ৰ্ট গ্ৰহণ কৰিব নিবিচাৰে। ভিছা নকল, পাছপ’ৰ্ট নকল। ইয়াত আমি নকলৰ কাৰখানা এটা সৃষ্টি কৰিছো।”
ইউনুছে উল্লেখ কৰে যে এই ভুৱা নথি-পত্ৰৰ বাবে বাংলাদেশীয়ে বিশ্বৰ আগত শিৰনত কৰিবলগীয়া হৈছে। প্ৰযুক্তিৰ অপব্যৱহাৰ এনেদৰে কৰা উচিত নহয়। বৰঞ্চ ইমান নিখুঁতভাৱে প্ৰৱঞ্চনা কৰি ভুৱা নথি-পত্ৰ সৃষ্টি কৰাসকলে নিজৰ বুদ্ধিমত্তাক সৎ কামত প্ৰয়োগ কৰিব লাগে বুলিও তেওঁ পৰামৰ্শ দিয়ে। ইউনুছে কয়, “আমি নিবিচাৰো যে আমাৰ দেশ নকলৰ কাৰখানা হওক। আমি আমাৰ যোগ্যতাৰ ভিত্তিত মূৰ ওপৰলৈ তুলি পৃথিৱীত খোজ দিব বিচাৰো।”
ইফালে ইউনুছৰ মন্তব্যৰ পিছতে আৰম্ভ হৈছে সমালোচনা। আৱামি লীগেও সেই মন্তব্যক আহিলা হিচাপে ব্যৱহাৰ কৰি আৰম্ভ কৰিছে আক্ৰমণ।
