শিৱসাগৰক ধুবুৰী বনোৱাৰ হুংকাৰ দি ক্ষমা খুজিলে ন-কংগ্ৰেছী ৰেজাউলে

| Jan 12, 2026 | 2:58 PM

সামাজিক মাধ্যমত তেওঁৰ ভাষ্যৰ ভুল ব্যাখ্যা হোৱা বুলি দাবী কৰিলেও, জনসাধাৰণৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সেই মন্তব্য উঠাই লয়। অৱশেষত বিতৰ্কৰ অৱসান ঘটাবলৈ তেওঁ সংবাদমেল যোগে দুখ প্ৰকাশ কৰি সকলোৰে ওচৰত ক্ষমা বিচাৰে।

এক মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰবল বিতৰ্কৰ পিছত অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিলে সদ্যকংগ্ৰেছী নেতা ৰেজাউল কৰিম চৰকাৰে। দেওবাৰে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ এখন সভাত কৰা বিশেষ মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই মন্তব্যক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত আজি তেওঁ নিজৰ স্থিতি স্পষ্ট কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ‘বৰ অসম’ গঢ়াৰ উদাহৰণ দিবলৈ গৈহে তেওঁ তেনেদৰে কৈছিল আৰু কাৰোবাক আঘাত দিয়াৰ কোনো উদ্দেশ্য তেওঁৰ নাছিল।