শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২০২০ চনৰ পৰা ৫ সংগঠনৰ সৈতে ঐতিহাসিক চুক্তি, মূলসুঁতিলৈ ঘূৰিছে প্ৰায় ৯০২২  সদস্যঃ জয়ন্ত মল্ল

২০২০ চনৰ পৰা ৫ সংগঠনৰ সৈতে ঐতিহাসিক চুক্তি, মূলসুঁতিলৈ ঘূৰিছে প্ৰায় ৯০২২ সদস্যঃ জয়ন্ত মল্ল

barasha-sarma
Barasha Sarma | Published: 11 Dec 2025 16:30 PM

আজি প্ৰাক্তন বি এল টি সদস্যক আৰ্থিকভাৱে সাহাৰ্য প্ৰদান কৰিছে অসম চৰকাৰে। কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে।

বৃহস্পতিবাৰে প্ৰাক্তন বি এল টি সদস্যক বিশেষভাৱে সন্মান দিছে চৰকাৰে। এই ক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত আৰ্থিক সাহাৰ্য প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, আজি ৪২২ গৰাকী প্ৰাক্তন BLT সদস্যক আৰ্থিক ভাৱে সহায় কৰা হ’ব। প্ৰত্যেক গৰাকী সদস্যক ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। ২০২০ চনৰ পৰা ৫ সংগঠনৰ সৈতে ঐতিহাসিক চুক্তি হৈছে।বৰ্তমানলৈ প্ৰায় ৯০২২গৰাকী সদস্য মূলসুঁতি লৈ ঘূৰি আহিছে।

ইফালে আজিৰ অনুষ্ঠান সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে, আজি অনুষ্ঠান সম্ভৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে। ২০০৩ চনৰ চুক্তিৰ পিছত বহু বছৰ হ’ল। বড়োলেণ্ড গঠন হোৱাৰ পিছত বড়োলেণ্ডৰ বাহিৰৰ জিলাৰ প্ৰাক্তন বি এ টিসকলক এনেদৰে সন্মান দিছে। তেওঁ আৰু কয় যে, অসমখন ভাগ বতৰা হোৱাটো নিবিচাৰো। বড়োসকলক যি লাগে দিয়ক অসমখনৰ ক্ষতি নোহোৱাকৈ। বড়োসকলে নিজৰ উন্নয়ন হোৱাটো বিচাৰো। ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ কেৱল পাহাৰীয়া লোকৰ বাবে। ট্ৰাইবেলৰ ক্ষতি নোহোৱাকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দিয়ক।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…