EPFO News: ব্যক্তিগত খণ্ডত চাকৰি কৰা সকলে এই বছৰত পাব পাৰে প্ৰায় ৫০,০০০ টকা!
EPFO: আপোনাৰ পি এফ একাউন্ট আছে নেকি? যদি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলে এইবাৰ লাভ কৰিব পাৰে ৫০,০০০ টকা। শীঘ্ৰেই এই সন্দৰ্ভত বিশেষ ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
ব্যক্তিগত খণ্ডত কাম কৰাসকলে এইবাৰ লাভ কৰিব পাৰে ৫০,০০০ টকা। যদি আপোনাৰ কৰ্মচাৰী ভৱিষ্য নিধিত একাউণ্ট আছে তেন্তে এই খবৰ আপোনাৰ বাবে। ২০২৫-২৬ বিত্তীয় বৰ্ষত কিমান সুত লাভ কৰিব তাক লৈ চৰ্চা চলি আছে। এইবাৰ সুতৰ হাৰ ৮.২৫ শতাংশৰ পৰা ৮.৭৫ শতাংশলৈ বৃদ্ধি কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আৰু যদি এই খবৰ সঁচা হয়, তেন্তে ব্যক্তিগত খণ্ডৰ ৮ কোটি কৰ্মচাৰী উপকৃত হ’ব।
ই ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ লাভ হ’ব। কিয়নো ২০২৪-২৫ বিত্তীয় বৰ্ষত চৰকাৰে ৮.২৫ শতাংশ সুত দিছিল। এই সুত এতিয়া বৃদ্ধি হব পাৰে। এতিয়ালৈকে এয়া স্পষ্ট হোৱা যদিও শীঘ্ৰেই চৰকাৰে এয়া ঘোষণা কৰিব পাৰে। যদি এনে হয়, তেন্তে পি এফ একাউন্টত ৮.৭৫ শতাংশ সুতত ৬ লাখ টকা থকাসকলে ৫০,০০০ টকা লাভ কৰিব।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
