দেশত নতুন শ্ৰম সংহিতা প্ৰৱৰ্তন, কেতিয়া কমিব আপোনাৰ দৰমহা?
বহু কোম্পানীৰে বেচিক পে’ আছিল ২৫ শতাংশ বা তাতকৈ অধিক। এই নতুন নিয়মৰ অধীনত কোম্পানীটোৰ মৌলিক দৰমহা বৃদ্ধি কৰিব লাগিব। ফলত অন্যান্য ভাট্টা আৰু বোনাছ হ্ৰাস পাব। কিন্তু তাৰ পিছতো বৃদ্ধি নহয় চিটিচি বা কোম্পানীৰ খৰচ। ফলত হ্ৰাস পাব কৰ্মচাৰীৰ দৰমহা। আৰু সঞ্চয় কৰা ধন পি এফত জমা হ’ব। ফলত কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ চিন্তা কম হ’ব।
অৱশেষত সমগ্ৰ দেশতে ৰূপায়ণ কৰা হ’ল ৪ খন নতুন শ্ৰম সংহিতা । আৰু এই পৰিৱৰ্তনৰ পিছত আটাইতকৈ বেছি প্ৰভাৱ পৰিব যিকোনো ব্যক্তিৰ মাহিলী আয়ত। কাৰণ নতুন আইন অনুসৰি বেচিক পে আৰু ডি একে ধৰি কোম্পানী বা চিটিচিৰ খৰচ কমেও ৫০ শতাংশ হ’ব লাগে। আৰু ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেচুইটিৰ পৰিসংখ্যাত পৰিব। কাৰণ, মৌলিক মজুৰি বৃদ্ধি হ’লে এই দুয়োটা পৰিসংখ্যা যথেষ্ট বৃদ্ধি পাব৷
বহু কোম্পানীৰে বেচিক পে’ আছিল ২৫ শতাংশ বা তাতকৈ অধিক। এই নতুন নিয়মৰ অধীনত কোম্পানীটোৰ মৌলিক দৰমহা বৃদ্ধি কৰিব লাগিব। ফলত অন্যান্য ভাট্টা আৰু বোনাছ হ্ৰাস পাব। কিন্তু তাৰ পিছতো বৃদ্ধি নহয় চিটিচি বা কোম্পানীৰ খৰচ। ফলত হ্ৰাস পাব কৰ্মচাৰীৰ দৰমহা। আৰু সঞ্চয় কৰা ধন পি এফত জমা হ’ব। ফলত কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ চিন্তা কম হ’ব।
সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…
Latest Videos
