আপোনালৈ আহিছে নেকি এনে মেছেজ? সাৱধান, লুটি নিব সকলো ধন! SBI- এ কৰি দিছে সতৰ্ক

এছ বি আই-য়ে জনোৱা মতে, বৰ্তমান 'ৰিৱাৰ্ড পইণ্টছ' (Reward Points) ৰ নামত গ্ৰাহকসকলক লুটপাত চলোৱা হৈছে। এই বিপদৰ পৰা কেনেকৈ বাচি থাকিব পাৰি, সেই সন্দৰ্ভত বেংক কৰ্তৃপক্ষই ইনষ্টাগ্ৰামৰ জৰিয়তে সবিশেষ তথ্য দাঙি ধৰিছে।

আপোনালৈ আহিছে নেকি এনে মেছেজ? সাৱধান, লুটি নিব সকলো ধন! SBI- এ কৰি দিছে সতৰ্ক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

30 Jan 2026 | 06:35 PM

ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)-য়ে শেহতীয়াকৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে ছচিয়েল মিডিয়াত এটা গুৰুত্বপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰিছে। বৰ্তমান সময়ত প্ৰৱঞ্চকসকলে এনে কিছুমান কৌশল অৱলম্বন কৰিছে, যাৰ জালত শিক্ষিত লোকসকলো অতি সহজেই আৱদ্ধ হৈ পৰে। এছ বি আই-য়ে জনোৱা মতে, বৰ্তমান ‘ৰিৱাৰ্ড পইণ্টছ’ (Reward Points) ৰ নামত গ্ৰাহকসকলক লুটপাত চলোৱা হৈছে। এই বিপদৰ পৰা কেনেকৈ বাচি থাকিব পাৰি, সেই সন্দৰ্ভত বেংক কৰ্তৃপক্ষই ইনষ্টাগ্ৰামৰ জৰিয়তে সবিশেষ তথ্য দাঙি ধৰিছে।

কেনেকৈ চলে এই প্ৰৱঞ্চনা?

প্ৰৱঞ্চকসকলে ব্যৱহাৰকাৰীসকলৰ ওচৰলৈ এছএমএছ (SMS) বা হোৱাটছএপৰ জৰিয়তে মেচেজ পঠিয়ায়। তাত লিখা থাকে যে আপোনাৰ একাউণ্টত হাজাৰ হাজাৰ ৰিৱাৰ্ড পইণ্ট জমা হৈ আছে, যিবোৰ অতি সোনকালে ম্যাদ উকলিব (Expire) ধৰিছে। এই পইণ্টবোৰৰ বিনিময়ত নগদ ধন লাভ কৰিবলৈ এটা লিংকত ক্লিক কৰিবলৈ কোৱা হয়।

যাত্ৰীসকলে যেতিয়া ৰিৱাৰ্ড পইণ্ট হেৰুওৱাৰ ভয়ত সেই লিংকত ক্লিক কৰে, তেতিয়া তেওঁলোকক ডেবিট কাৰ্ডৰ তথ্য ভৰাবলৈ কোৱা হয়। ভুলবশতঃ কোনোবাই এই তথ্য দিলে মুহূৰ্তৰ ভিতৰতে তেওঁৰ বেংক একাউণ্ট খালী হৈ যাব পাৰে।

ভুৱা মেচেজ কেনেকৈ চিনাক্ত কৰিব?

যিকোনো ভুৱা মেচেজ চিনাক্ত কৰাৰ আটাইতকৈ সহজ উপায় হ’ল মেচেজটোত থকা ভুল বানান আৰু ভুল ব্যাকৰণৰ ব্যৱহাৰ। বেংকৰ ফালৰ পৰা যদি কোনো অফিচিয়েল কল আহে, তেন্তে সেই নম্বৰটো সাধাৰণতে ১৬০০ ৰে আৰম্ভ হয়।

এছ বি আই-য়ে স্পষ্টকৈ জনাইছে যে কোনো লোকে যদি এনে প্ৰৱঞ্চনাৰ বলি হয়, তেন্তে তেওঁলোকে পলম নকৰি লগে লগে ১৯৩০ হেল্পলাইন নম্বৰত কল কৰিব লাগে অথবা cybercrime.gov.in পৰ্টেলত অভিযোগ দাখিল কৰিব লাগে।

সাৱধানতা অৱলম্বন কৰক

কোনো অচিনাকি লিংকত কেতিয়াও ক্লিক নকৰিব।

নিজৰ অ’টিপি (OTP), চিভিভি (CVV) নম্বৰ, ইউপিআই পিন বা বেংকিং তথ্য কাৰো সৈতে শ্বেয়াৰ নকৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...