BSNL 4G Launch: স্বাৱলম্বীতাৰ দিশত আন এক খোজ, স্বদেশী 4G নেটৱৰ্ক মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

PM Modi BSNL 4G Launch: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা ভাৰতৰ এই থলুৱা 4G নেটৱৰ্ক স্বাৱলম্বীতাৰ দিশত এক মাইলষ্ট’ন হিচাপে চিহ্নিত হৈছে। এই 4G নেটৱৰ্কে ভাৰতৰ প্ৰতিটো কোণলৈ উন্নত মানৰ দূৰসংযোগ সেৱা আগবঢ়াব।

BSNL 4G Launch: স্বাৱলম্বীতাৰ দিশত আন এক খোজ, স্বদেশী 4G নেটৱৰ্ক মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে BSNLৰ 4G নেটৱৰ্ক

Updated On: 

27 Sep 2025 13:18 PM

আজি ভিন্ন কাৰ্যসূচীৰে ওড়িশা ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ওড়িশাত আন কেইবাটাও প্ৰকল্পৰ লগতে BSNL 4G নেটৱৰ্ক মুকলি কৰে। BSNL এই 4G নেটৱৰ্ক ৯৮ হাজাৰ ছাইটত মুকলি কৰা হৈছে। এই 4G নেটৱৰ্কৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে BSNLৰ এই 4G নেটৱৰ্ক নিৰ্মাণ কৰা হৈছে আৰু ভৱিষ্যতে এই নেটৱৰ্কক সহজে 5G লৈ উন্নীত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এইদৰে ভাৰতে এতিয়া নিজাকৈ টেলিকম সঁজুলি নিৰ্মাণ কৰা শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান লাভ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা ভাৰতৰ এই থলুৱা 4G নেটৱৰ্ক স্বাৱলম্বীতাৰ দিশত এক মাইলষ্টন হিচাপে চিহ্নিত হৈছে এই 4G নেটৱৰ্কে ভাৰতৰ প্ৰতিটো কোণলৈ উন্নত মানৰ দূৰসংযোগ সেৱা আগবঢ়াব। BSNL- মাইক্ৰ’ব্লগিং প্লেটফৰ্ম এক্স যোগে এই 4G নেটৱৰ্ক সন্দৰ্ভত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে

এই পোষ্টটোত BSNL- এ লিখিছে, “এয়া দ্ৰুত ইণ্টাৰনেটতকৈও অধিক; এয়া নতুন আশা, নতুন সুযোগ, আৰু নতুন ভাৰত।” ভাৰতত নিৰ্মিত আৰু মালিকানাধীন 4G নেটৱৰ্কৰ জৰিয়তে BSNL- এ দেশক আলোকিত কৰিছে বুলিও চৰকাৰী খণ্ডৰ টেলিকম সংস্থাটোৱে এই পোষ্টটোত উল্লেখ কৰিছে।

 

কেন্দ্ৰীয় দূৰসংযোগ বিভাগৰ অফিচিয়েল এক্স হেণ্ডেল যোগে এই 4G নেটৱৰ্ককপ্ৰতিজন ভাৰতীয়ক সংযোগ, প্ৰতিটো সপোনৰ সবলীকৰণআখ্যা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা ভাৰতৰ স্বদেশী 4G নেটৱৰ্ক আত্মনিৰ্ভৰশীলতাৰ এক মাইলষ্ট বুলি পোষ্টটোত উল্লেখ কৰা হৈছে

 

দূৰসংযোগ বিভাগে লগতে পোষ্টটোত BSNLৰ এই 4G নেটৱৰ্কে ভাৰতৰ প্ৰতিটো কোণলৈ বিশ্বমানৰ টেলিকম সেৱা কঢ়িয়াই আনিব বুলিও উল্লেখ কৰিছে। ইফালে শেহতীয়াকৈ BSNLৰ সূত্ৰৰ উদ্ধৃতিৰে টেলিকম টকে অতি সোনকালে দেশৰ প্ৰধান মহানগৰ দিল্লী আৰু মুম্বাইত 5G সেৱা আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

কণ্ডমৰ বিজ্ঞাপনত কেৱল জাহ্নৱী কাপুৰ! কোনে প্ৰকাশ কৰিলে এনে ইচ্ছা
এই উপায়েৰে সন্তুষ্ট কৰক ভগৱান হনুমানক, জিলিকি উঠিব ভাগ্য!
হাড় মজবুত আৰু ডায়েবেটিছৰ বাবে উপকাৰী, মাত্ৰ এইবিধ বস্তুৰ লগত মিহলি কৰি খাওক মাখানা
শনিবাৰে দান কৰক এইবোৰ সামগ্ৰী, বাধা আঁতৰিব আপোনাৰ!