কিমান বৃদ্ধি পাব? মোবাইল ৰিচাৰ্জৰ নামত অহা সপ্তাহৰ পৰা ভৰিব লাগিব পাৰে অধিক ধন…

Phone Recharge Price Hike: আপুনিও ফোন ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে আছে এক বেয়া খবৰ। কিয়নো পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য় অনুসৰি ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম।

কিমান বৃদ্ধি পাব? মোবাইল ৰিচাৰ্জৰ নামত অহা সপ্তাহৰ পৰা ভৰিব লাগিব পাৰে অধিক ধন...

ফোন ৰিচাৰ্জ

Updated On: 

11 Dec 2025 | 03:04 PM

ফোন ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক বেয়া খবৰ! কিয়নো পুনৰ বৃদ্ধি হব পাৰে ৰিচাৰ্জৰ মূল্য। আগন্তুক সপ্তাহৰ পৰা ৰিচাৰ্জৰ নামৰ আপুনি অধিক ধন ভৰিব লাগিব পাৰে। টেলিকম সেৱা প্ৰদানকাৰীয়ে পুনৰ দাম বৃদ্ধিৰ কথা চিন্তা কৰিছে। অৱশ্যে সকলো ৰিচাৰ্জৰ ক্ষেত্ৰত এই পৰিৱৰ্তন দেখা নাযাব। গতিকে কব পাৰি যে,একাংশই এই মূল্যবৃদ্ধিৰ পৰা কিছু পৰিমাণে ৰেহাই লাভ কৰিব।

সৰ্বভাৰতীয় সংবাদ মাধ্যম দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায়ভাগ টেলিকম কোম্পানীয়ে ৰিচাৰ্জৰ মূল্যবৃদ্ধি কৰাৰ কথা ভাবিছে। কিয়নো অধিকাংশ টেলিকম কোম্পানীৰ ছেপ্টেম্বৰৰ ৰাজহ পূৰ্বৰ ত্ৰৈমাসিকৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। প্ৰথম ত্ৰৈমাসিকত য’ত ৰাজহ বৃদ্ধি ১৪ৰ পৰা ১৬ শতাংশ আছিল, এই তৃতীয় ত্ৰৈমাসিকত ই সৰ্বনিম্ন স্তৰত আছে। এনে ক্ষেত্ৰত ডিচেম্বৰ মাহতো ৰাজ বৃদ্ধি হ’ব বুলি বিশেষজ্ঞসকলে আশা কৰা নাই। এনে পৰিস্থিতিত কোম্পানীসমূহে ৰিচাৰ্জ মূল্য কিছু পৰিমাণে বৃদ্ধি কৰাৰ কথা ভাবিছে।

খবৰ অনুসৰি, সকলোবোৰ কোম্পানীৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি নহ’ব পাৰে। কিন্তু জিঅৰ বাহিৰে আন সকলোৱে মূল্য বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে ভোডাফোন-আইডিয়াই বাৰ্ষিক ৰিচাৰ্জৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰি ২০০০ টকা কৰিছে। ৮৪ দিনীয়া ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে। ভাৰতী এয়াৰটেলেও একেই সিদ্ধান্ত লৈছে। শেহতীয়াকৈ সস্তীয়া প্লেনত ১০ টকা বৃদ্ধি কৰিছে। অৱশ্যে চৰকাৰী কোম্পানী BSNL য়েহে মূল্য হ্ৰাস কৰিছে।

এই সকলোবোৰ অৱশ্য়ে অনুমানহে। এতিয়াও মূল্যবৃদ্ধি ক্ষেত্ৰত সিদ্ধান্ত চূড়ান্ত হোৱা নাই। পিছে প্ৰশ্ন হয়, যি ৰিচাৰ্জৰ ক্ষেত্ৰত পৰিৱৰ্তন আহে তেন্তে কিমান টকা বাঢ়িব। ওপৰত উল্লেখিত একেই প্ৰতিবেদন অনুসৰি, ২৮ দিনীয়া ৰিচাৰ্জৰ মূল্য ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে। সূত্ৰই জনাই যে, ‘এয়াৰটেল আৰু জিঅ’ৰ বাবে ভোডাফোন-আইডিয়াই বেছিভাগ গ্ৰাহক হেৰুৱাইছে। আগতে সস্তীয়া প্লেন লোৱা বেছিভাগ ব্যৱহাৰকাৰীয়ে  ভোডাফোন-আইডিয়া ত্যাগ কৰিছে।  ফলত দাম বৃদ্ধিৰ এই দৌৰত ভোডাফোন সকলোতকৈ আগবাঢ়ি আছে বুলি অৱগত সূত্ৰই প্ৰকাশ কৰিছে।

 

অন্য খবৰ পঢ়কঃ ICC Ranking: এদিনীয়াৰ বাবে ICC ৰেংকিং ঘোষণাঃ ৰোহিত ১ নম্বৰ, বিৰাটৰ স্থান কিমান?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...