কিমান বৃদ্ধি পাব? মোবাইল ৰিচাৰ্জৰ নামত অহা সপ্তাহৰ পৰা ভৰিব লাগিব পাৰে অধিক ধন…

Phone Recharge Price Hike: আপুনিও ফোন ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে আছে এক বেয়া খবৰ। কিয়নো পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য় অনুসৰি ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম।

কিমান বৃদ্ধি পাব? মোবাইল ৰিচাৰ্জৰ নামত অহা সপ্তাহৰ পৰা ভৰিব লাগিব পাৰে অধিক ধন...

ফোন ৰিচাৰ্জ

Updated On: 

11 Dec 2025 15:04 PM

ফোন ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক বেয়া খবৰ! কিয়নো পুনৰ বৃদ্ধি হব পাৰে ৰিচাৰ্জৰ মূল্য। আগন্তুক সপ্তাহৰ পৰা ৰিচাৰ্জৰ নামৰ আপুনি অধিক ধন ভৰিব লাগিব পাৰে। টেলিকম সেৱা প্ৰদানকাৰীয়ে পুনৰ দাম বৃদ্ধিৰ কথা চিন্তা কৰিছে। অৱশ্যে সকলো ৰিচাৰ্জৰ ক্ষেত্ৰত এই পৰিৱৰ্তন দেখা নাযাব। গতিকে কব পাৰি যে,একাংশই এই মূল্যবৃদ্ধিৰ পৰা কিছু পৰিমাণে ৰেহাই লাভ কৰিব।

সৰ্বভাৰতীয় সংবাদ মাধ্যম দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায়ভাগ টেলিকম কোম্পানীয়ে ৰিচাৰ্জৰ মূল্যবৃদ্ধি কৰাৰ কথা ভাবিছে। কিয়নো অধিকাংশ টেলিকম কোম্পানীৰ ছেপ্টেম্বৰৰ ৰাজহ পূৰ্বৰ ত্ৰৈমাসিকৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। প্ৰথম ত্ৰৈমাসিকত য’ত ৰাজহ বৃদ্ধি ১৪ৰ পৰা ১৬ শতাংশ আছিল, এই তৃতীয় ত্ৰৈমাসিকত ই সৰ্বনিম্ন স্তৰত আছে। এনে ক্ষেত্ৰত ডিচেম্বৰ মাহতো ৰাজ বৃদ্ধি হ’ব বুলি বিশেষজ্ঞসকলে আশা কৰা নাই। এনে পৰিস্থিতিত কোম্পানীসমূহে ৰিচাৰ্জ মূল্য কিছু পৰিমাণে বৃদ্ধি কৰাৰ কথা ভাবিছে।

খবৰ অনুসৰি, সকলোবোৰ কোম্পানীৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি নহ’ব পাৰে। কিন্তু জিঅৰ বাহিৰে আন সকলোৱে মূল্য বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে ভোডাফোন-আইডিয়াই বাৰ্ষিক ৰিচাৰ্জৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰি ২০০০ টকা কৰিছে। ৮৪ দিনীয়া ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে। ভাৰতী এয়াৰটেলেও একেই সিদ্ধান্ত লৈছে। শেহতীয়াকৈ সস্তীয়া প্লেনত ১০ টকা বৃদ্ধি কৰিছে। অৱশ্যে চৰকাৰী কোম্পানী BSNL য়েহে মূল্য হ্ৰাস কৰিছে।

এই সকলোবোৰ অৱশ্য়ে অনুমানহে। এতিয়াও মূল্যবৃদ্ধি ক্ষেত্ৰত সিদ্ধান্ত চূড়ান্ত হোৱা নাই। পিছে প্ৰশ্ন হয়, যি ৰিচাৰ্জৰ ক্ষেত্ৰত পৰিৱৰ্তন আহে তেন্তে কিমান টকা বাঢ়িব। ওপৰত উল্লেখিত একেই প্ৰতিবেদন অনুসৰি, ২৮ দিনীয়া ৰিচাৰ্জৰ মূল্য ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে। সূত্ৰই জনাই যে, ‘এয়াৰটেল আৰু জিঅ’ৰ বাবে ভোডাফোন-আইডিয়াই বেছিভাগ গ্ৰাহক হেৰুৱাইছে। আগতে সস্তীয়া প্লেন লোৱা বেছিভাগ ব্যৱহাৰকাৰীয়ে  ভোডাফোন-আইডিয়া ত্যাগ কৰিছে।  ফলত দাম বৃদ্ধিৰ এই দৌৰত ভোডাফোন সকলোতকৈ আগবাঢ়ি আছে বুলি অৱগত সূত্ৰই প্ৰকাশ কৰিছে।

 

অন্য খবৰ পঢ়কঃ ICC Ranking: এদিনীয়াৰ বাবে ICC ৰেংকিং ঘোষণাঃ ৰোহিত ১ নম্বৰ, বিৰাটৰ স্থান কিমান?

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...