থলুৱা প্ৰযুক্তিৰ বাবে সফল হৈছিল অপাৰেশ্যন সেন্দূৰ! এতিয়া মোদীৰ পুনৰ নতুন পৰিকল্পনা…

ভাৰতৰ প্ৰযুক্তিৰ ওপৰত ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে, অপাৰেশ্যন সেন্দূৰৰ সফলতা থলুৱা প্ৰযুক্তিৰ বাবে সম্ভৱ হৈছে। গতিকে পৰৱৰ্তী সময়ত এই প্ৰযুক্তিক ভাৰতে গুৰুত্ব দিব লাগিব।

থলুৱা প্ৰযুক্তিৰ বাবে সফল হৈছিল অপাৰেশ্যন সেন্দূৰ! এতিয়া মোদীৰ পুনৰ নতুন পৰিকল্পনা...

নৰেন্দ্ৰ মোদী

Published: 

11 Aug 2025 | 02:55 PM

আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা ক্ৰমবৰ্ধমান শুল্কৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ মন্তব্য কৰে। তেওঁ কয় যে, পৰৱৰ্তী সময়ত ভাৰতৰ ডাঙৰ অগ্ৰাধিকাৰ হ’ব লাগে প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। বাংগালুৰুত নতুন মেট্ৰ’ লাইন উদ্বোধন কৰি মোদীয়ে কয় যে, ভাৰতীয় টেক কোম্পানীসমূহে সমগ্ৰ বিশ্বৰ বাবে চফটৱেৰ আৰু প্ৰডাক্ট ডেভেলপ কৰি বৈশ্বিক স্তৰত নিজৰ পৰিচয় দিছে। এতিয়া সময় আহিছে যে, ভাৰতে নিজৰ প্ৰয়োজনীয়তাখিনিত গুৰুত্ব আৰোপ কৰা। এতিয়া সকলো ক্ষেত্ৰত ছফ্টৱেৰ আৰু এপৰ ব্যৱহাৰ হৈ আছে। গতিকে এতিয়া ভাৰতে নতুন সামগ্ৰীৰ বিকাশ ত্বৰান্বিত কৰা উচিত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ মাজতে মোদীয়ে এই মন্তব্য কৰিছে। মোদীয়ে উদীয়মান ক্ষেত্ৰসমূহত আগবাঢ়ি যোৱাৰ লগতে দেশৰ উৎপাদন খণ্ডক শক্তিশালী কৰাৰ বাবেও আহ্বান জনাইছে। তেওঁ ভাৰতীয় কোম্পানীসমূহক থলুৱা সামগ্ৰী নিৰ্মাণ কৰিবলৈ কৈছে যিয়ে ‘জিৰ’ ডিফেক্ট, জিৰ’ ইফেক্ট’ মানদণ্ড পূৰণ কৰে অৰ্থাৎ গুণগত মানৰ ক্ষেত্ৰত অত্ৰুটিহীন আৰু পৰিৱেশৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰা হব।

অপাৰেশ্যন সেন্দূৰৰ সময়ত প্ৰযুক্তিৰ ব্যৱহাৰ

ভাৰতৰ সীমান্ত সুৰক্ষা কৰাৰ ক্ষেত্ৰত থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত মোদীয়ে কয় যে, প্ৰযুক্তিৰ শক্তিৰ বাবে অপাৰেশ্যন সেন্দূৰ সফল হৈছে। এই অভিযানত তেওঁ বাংগালুৰুৰ কাৰিকৰী অৱদানকো প্ৰশংসা কৰে। তেওঁ কয় যে, সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিব পৰা ভাৰতৰ ক্ষমতাই সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ অহা পাকিস্তানক কেইঘণ্টামানৰ ভিতৰতে আঁঠু ল’বলৈ বাধ্য কৰাইছিল। মোদীয়ে কয় যে, সমগ্ৰ বিশ্বই নতুন ভাৰতৰ ৰূপ দেখিছে। চৰকাৰে AI পাৱাৰ্ড থ্ৰেড ডিকেটশ্যনত বিনিয়োগ কৰি আছে যাতে নিশ্চিত হয় ডিজিটেল বিপ্লৱৰ সুবিধা প্ৰতিগৰাকী নাগৰিকে লাভ কৰিছে।

মেড-ইন-ইণ্ডিয়া চিপ

মোদীয়ে আৰু কয় যে, ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি। ভাৰতে এ আই মিছন আৰু ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্পৰে বিশ্বব্যাপী এ আই নেতৃত্বৰ দিশত আগবাঢ়িছে উদ্দেশ্য। মোদীয়ে আৰু কয়, দেশত শীঘ্ৰেই মেড-ইন-ইণ্ডিয়া চিপছ থাকিব, য’ত বেংগালুৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেৱল এয়াই নহয়, নতুন প্ৰযুক্তিৰ সকলো ক্ষেত্ৰতে দেশ আগবাঢ়িছে আৰু এই অগ্ৰগতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ’ল দৰিদ্ৰক সহায় কৰা। তেওঁ কয়, বিগত ১১ বছৰত ভাৰতৰ অৰ্থনীতি বিশ্বৰ দশম স্থানৰ পৰা বৰ্তমান পঞ্চম স্থানলৈ বৃদ্ধি পাই শীৰ্ষ তিনিটাত যোগদানৰ পথত আগবাঢ়িছে।

 

অন্য খবৰ পঢ়কঃ ভাৰতক সমৰ্থন চীনৰ! ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কৰিলে ডাঙৰ মন্তব্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...