শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তান এৰিলে মাইক্ৰ’ছফ্টে, পাক টেক উদ্যোগত বৃহৎ জোঁকাৰণি, কি হ’ব বিকল্প?

মাইক্ৰ'ছফ্টৰ এই পদক্ষেপে পাকিস্তানৰ সমগ্ৰ প্ৰযুক্তিৰ উদ্যোগক স্তম্ভিত কৰি তুলিছে। কোম্পানীটোৱে কিয় এই সিদ্ধান্ত ল'ল আৰু চুবুৰীয়া দেশখনে এতিয়া কি কৰিব?

পাকিস্তান এৰিলে মাইক্ৰ’ছফ্টে, পাক টেক উদ্যোগত বৃহৎ জোঁকাৰণি, কি হ’ব বিকল্প?
পাকিস্তান এৰিলে মাইক্ৰ'ছফ্টেImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 05 Jul 2025 12:02 PM

২৫ বছৰ পূৰ্বে পাকিস্তানত নিজৰ কাম-কাজ আৰম্ভ কৰিছিল মাইক্ৰ’ছফ্টে, কিন্তু এতিয়া কোম্পানীটোৱে দেশখনত প্ৰায় সকলো কাম বন্ধ কৰি দিছে। মাত্ৰ এটা কাৰ্যালয় বাকী আছে য’ত ৫ জন কৰ্মচাৰীয়ে কাম কৰি আছে। এই পদক্ষেপে পাকিস্তানৰ সমগ্ৰ প্ৰযুক্তিৰ উদ্যোগক স্তম্ভিত কৰি তুলিছে। কোম্পানীটোৱে কিয় এই সিদ্ধান্ত ল’ল আৰু চুবুৰীয়া দেশখনে এতিয়া কি কৰিব?

এই যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?

খবৰ অনুসৰি ১৯৯৯ চনত পাকিস্তানত মাইক্ৰ’ছফটে নিজৰ কাম-কাজ আৰম্ভ কৰিছিল। এই পদক্ষেপত জাভেদ ৰেহমান নামৰ এজন ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁক মাইক্ৰ’ছফ্ট পাকিস্তানৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। শেহতীয়াকৈ লিংকডইন পোষ্টৰ জৰিয়তে ৰেহমানে নিশ্চিত কৰে যে কোম্পানীটোৱে পাকিস্তানত কাম প্ৰায় বন্ধ কৰি দিছে। তেওঁ নিজৰ পোষ্টত লিখিছে যে “এটা যুগ শেষ হ’ল।”

মাইক্ৰ’ছফ্টৰ বাহিৰেও আছে এইবোৰ বিকল্প

যদিহে মাইক্ৰ’ছফ্টে পাকিস্তানত নিজৰ সেৱা বন্ধ কৰি দিয়ে বা তাৰ পৰা নিজৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে তেন্তে ই পাকিস্তানৰ টেক উদ্যোগ, চৰকাৰী কাম, শিক্ষা খণ্ড আৰু আই টি ষ্টাৰ্টআপৰ বাবে এক ডাঙৰ ক্ষতি হ’ব পাৰে। কিন্তু প্ৰশ্ন উত্থাপন হয় যে পাকিস্তানে এতিয়া কি কৰিব? পাকিস্তানৰ জনসাধাৰণৰ বাবে কি কি বিকল্প উপলব্ধ?

  • গুগল ৱৰ্কস্পেচঃ মাইক্ৰ’ছফ্ট অফিচৰ বিকল্প হিচাপে পাকিস্তানে Google Workspace (Gmail, Google Docs, Sheets, Slides)ৰ ব্যৱহাৰ বৃদ্ধি কৰিব পাৰে।
  • LibreOffice আৰু Apache OpenOffice ৰ দৰে প্লেটফৰ্মসমূহ Microsoft Office ৰ বিনামূলীয়া বিকল্প হ’ব পাৰে।
  • উবুন্টু, ফেডোৰা, বা লিনাক্স মিণ্টৰ দৰে অপাৰেটিং চিষ্টেমসমূহ মাইক্ৰ’ছফ্ট উইণ্ড’জৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰি।
  • পাকিস্তানে চীনৰ সহযোগত হুৱেই ক্লাউড, আলিবাবা ক্লাউড, বা টেনচেণ্ট ক্লাউডৰ দৰে সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
  • এই কোম্পানীসমূহে ডাটা ষ্ট’ৰেজ, ক্লাউড কম্পিউটিং আৰু AI সেৱা প্ৰদান কৰে, যিবোৰ মাইক্ৰ’ছফ্ট এজুৰৰ বিকল্প হ’ব পাৰে।

সমগ্ৰ পৃথিৱীত দখল আছে মাইক্ৰ’ছফ্টৰ

১৯০ খনতকৈও অধিক দেশত সক্ৰিয় হৈ থকা বিশ্বৰ অন্যতম বৃহৎ টেক কোম্পানী মাইক্ৰ’ছফ্ট। এই কোম্পানীটোৱে উইণ্ড’জ, মাইক্ৰ’ছফ্ট অফিচ, এজ ব্ৰাউজাৰ, ক্লাউড চাৰ্ভিচেছ, AI আৰু চাইবাৰ ছিকিউৰিটিৰ দৰে খণ্ডত বিশ্বব্যাপী আগস্থান লৈ আহিছে। পাকিস্তানৰ পৰা ইয়াৰ প্ৰস্থান কেৱল ব্যৱসায়িক সিদ্ধান্ত নহয়, স্থানীয় সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱ বুলি গণ্য কৰা হৈছে।

টেক উদ্যোগত প্ৰতিধ্বনি

এই খবৰত স্তম্ভিত হৈ পৰিছে পাকিস্তানৰ টেক উদ্যোগ। মাইক্ৰ’ছফ্টৰ দৰে বৃহৎ কোম্পানী এটাৰ প্ৰস্থানে কেৱল কৰ্মসংস্থাপনত প্ৰভাৱ পেলোৱাই নহয়, বিনিয়োগকাৰীৰ আত্মবিশ্বাসো দুৰ্বল কৰি তুলিব।

এতিয়া কিবা আশা আছে নে?

ৰেহমানে নিজৰ পোষ্টত পাকিস্তান চৰকাৰ আৰু আই টি মন্ত্ৰীক মাইক্ৰ’ছফ্টৰ উচ্চ পৰ্যায়ৰ নেতাসকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে যাতে ইয়াৰ সমাধানৰ পথ লাভ কৰিব পৰা যায় আৰু কোম্পানীটোৰ উপস্থিতি দেশখনত থাকিব পাৰে।