আপুনি ৰীল বনাই ভাল পাই নেকি? তেন্তে লাভ কৰিব ১৫ হাজাৰ টকা, জানক…

আজিকালি প্ৰায়ভাগ মানুহে ৰীল বনাই ভাল পায়। এনেক্ষেত্ৰত আপোনাৰ বাবে আছে এক ভাল খবৰ। এটা ৰীলৰ বাবদ আপুনি লাভ কৰিব ১৫ হাজাৰ টকা। কিন্তু কেনেকৈ জানেনে?

আপুনি ৰীল বনাই ভাল পাই নেকি? তেন্তে লাভ কৰিব ১৫ হাজাৰ টকা, জানক...

ৰীল

Published: 

16 Jul 2025 | 07:49 PM

আপুনিও ৰীল বনাই ভাল পাই নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো ৰীল বনাই এতিয়া লাভ কৰিব টকা। ভাৰতৰ Ambitious Digital ইণ্ডিয়া অনুষ্ঠানৰ ১০ বছৰ সম্পূৰ্ণ। এই অনুষ্ঠানটোক বিশেষ কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে এ ডেকেড অৱ ডিজিটেল ইণ্ডিয়া-ৰিল কনটেষ্ট ( A Decade of Digital India-Reel Contest) নামৰ এক অনন্য প্ৰতিযোগিতা। ২০২৫ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন ২০২৫ চনৰ ১ আগষ্টলৈকে চলিব।

কি এই প্ৰতিযোগিতা?

যিসকল লোকে ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে নিজৰ জীৱনত কোনো ডাঙৰ পৰিবৰ্তন কৰিব বিচাৰে সেইসকলৰ বাবে এই প্ৰতিযোগিতা। যদি অনলাইন সেৱা, ডিজিটেল শিক্ষা, স্বাস্থ্য সেৱা বা বিত্তীয় সঁজুলিৰ বাবে আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিছে, তেন্তে ইয়াক আপুনি ক্ৰিয়েটিভ ৰীললৈ ৰূপান্তৰিত কৰাৰ সুযোগ লাভ কৰিছে।

বিজয়ীসকলে লাভ কৰিব পুৰস্কাৰ

এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক চৰকাৰে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰিব। শীৰ্ষ ১০ গৰাকী বিজয়ীয়ে ১৫ হাজাৰ, বাকী ২৫ গৰাকী অংশগ্ৰহণকাৰীয়ে ১০ হাজাৰ আৰু পৰৱৰ্তী ৫০ গৰাকী নিৰ্বাচিত ব্যক্তিয়ে ৫ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিব।

প্ৰয়োজনীয় চৰ্ত

  • ৰীলটো ১ মিনিট দীঘল হ’ব লাগিব।
  • ভিডিঅ’টো অৰিজিনেল হ’ব লাগিব।
  • আগতে কেতিয়াও পোষ্ট কৰা হ’ব নালাগিব।
  • হিন্দী, ইংৰাজী বা যিকোনো ভাৰতীয় ভাষাত বনাব পাৰে।
  • ৰীলটো প’ৰ্ট্ৰেইট মোডত আৰু MP4 ফৰ্মেটত হ’ব লাগে।
  • ডিজিটেল ইণ্ডিয়াই আপোনাৰ জীৱন কেনেকৈ সলনি কৰিলে তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ ভিডিঅ’টো হ’ব লাগে।

আপোনাৰ ৰীল ক’লৈ আৰু কেনেকৈ পঠাব?

এই প্ৰতিযোগিতাৰ সকলো তথ্য আৰু আপলোডৰ লিংকৰ বাবে ক্লিক কৰক-  https://www.mygov.in/task/decade-digital-india-reel-contest 

 

২০১৫ চনৰ পৰা আৰম্ভ হোৱা ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীয়ে আজি গাঁৱৰ পৰা চহৰলৈ মানুহক প্ৰযুক্তিৰ দ্বাৰা সংযোগ কৰিছে। অনলাইনত মানুহ বেছি জড়িত হৈ পৰিছে। ডিজিটেল হেল্থ ৰেকৰ্ডৰ পৰা আৰম্ভ কৰি আধাৰ লিংকড সেৱা, ইউ পি আই লেনদেনৰ দৰে আদি সকলো ইয়াৰ অধীনত। এনে ক্ষেত্ৰত এতিয়া চৰকাৰে বিচাৰিছে যে মানুহে তেওঁলোকৰ কাহিনীৰ জৰিয়তে সফলতা উদযাপন কৰক। ডিজিটেল ইণ্ডিয়াৰ লগত জড়িত আপোনাৰো যদি কিবা কাহিনী আছে তেন্তে এই ৰীল প্ৰেৰণ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ এটা দিনত ৪.৪৩ কোটি! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…

জীৱনলৈ বেয়া সময় অহাৰ পূৰ্বে মানুহে লাভ কৰে এইবোৰ সংকেত! জানক...
বাঢ়িব পাৰে এই স্বাস্থ্যজনিত সমস্যা, কোনসকল লোকে ইলাচী খাব নালাগে ?
এই খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে, জানক কি কি নাখাব ?
আপোনাৰ ক্ষতি কৰিব নেকি কেঁচা অমিতাই! এনে সমস্যা আছে যদি নোখোৱাই ভাল
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...