গ্ৰাহকৰ মাজলৈ Jioই আনিছে নতুন পৰিকল্পনা, বিপৰ্যস্ত হ’ব নেকি Airtel আৰু Viৰ বজাৰ!
মাহৰ সময়সীমাৰে ৰিছাৰ্জ প্লেনৰ সমান্তৰালকৈ টেলিকম কোম্পানীসমূহে বাৰ্ষিক ৰিছাৰ্জ প্লেনো প্ৰদান কৰে। বহু লোকে অধিক মূল্যৰ বাবে এনে প্লেনেৰে ৰিছাৰ্জ কৰিবলৈ মন নকৰে। কিন্তু নানা অফাৰ আৰু সুবিধাসহ এনে প্লেন লাভ কৰিলে স্বাভাৱিকতেই গ্ৰাহকসকলে আগ্ৰহী হ’ব। গ্ৰাহকক আকৃষ্ট কৰিব পৰাকৈ এতিয়া ৰিলায়েঞ্চ জিঅ’ই মুকলি কৰিছে এনে এক বাৰ্ষিক ৰিছাৰ্জ প্লেন।

Jio, Airtel আৰু Viৰ ৰিছাৰ্জ প্লেন
সাম্প্ৰতিক সময়ত আমাৰ জীৱনৰ অংগস্বৰূপ হৈ পৰিছে হাতৰ মোবাইলটো। পিছে মোবাইল থাকিলেই নহ’ব, লগতে থাকিব ব্যৱহাৰ কৰা টেলিমক কোম্পানীৰ সঠিক ৰিছাৰ্জ প্লেন। সাধাৰণতে গ্ৰাহকৰ বাবে টেলিকম কোম্পানীসমূহে নিৰ্ধাৰিত মূল্যৰ ৰিছাৰ্জ প্লেনৰ বিনিময়ত নিৰ্দিষ্ট সময়লৈ মোবাইল সেৱা প্ৰদান কৰে। কেতিয়াবা পিছে কম সময়ৰ বাবে কৰা ৰিছাৰ্জ হঠাতে সমাপ্ত হোৱাৰ বাবে ব্যৱহাৰকাৰীসকল সমস্যাত পৰে। সেয়ে বহু লোকে দীৰ্ঘসময়লৈ ব্যৱহাৰ কৰিব পৰাকৈ ৰিছাৰ্জ কৰি লয়।
মাহৰ সময়সীমাৰে ৰিছাৰ্জ প্লেনৰ সমান্তৰালকৈ টেলিকম কোম্পানীসমূহে বাৰ্ষিক ৰিছাৰ্জ প্লেনো প্ৰদান কৰে। বহু লোকে অধিক মূল্যৰ বাবে এনে প্লেনেৰে ৰিছাৰ্জ কৰিবলৈ মন নকৰে। কিন্তু নানা অফাৰ আৰু সুবিধাসহ এনে প্লেন লাভ কৰিলে স্বাভাৱিকতেই গ্ৰাহকসকলে আগ্ৰহী হ’ব। গ্ৰাহকক আকৃষ্ট কৰিব পৰাকৈ এতিয়া ৰিলায়েঞ্চ জিঅ’ই মুকলি কৰিছে এনে এক বাৰ্ষিক ৰিছাৰ্জ প্লেন।
গ্ৰাহকসকলৰ বাবে জিঅ’ই বজাৰত ৩৫৯৯ টকাৰ এক বিশেষ পৰিকল্পনা মুকলি কৰিছে। সম্পূৰ্ণ ৩৬৫ দিনৰ বৈধতা প্ৰদান কৰা এই ৰিছাৰ্জ প্লেনত গ্ৰাহকসকলে দৈনিক ২.৫জিবি হাই-স্পীড ডাটাসহ সৰ্বমুঠ ৯১২জিবি ডাটা লাভ কৰিব। ইয়াৰ উপৰিও আনলিমিটেড কলিং, আনলিমিটেড ৫জি ডাটা আৰু জিঅ’চিনেমা প্ৰিমিয়ামৰ ৯০ দিনৰ বিনামূলীয়া চাবস্ক্ৰিপচনো লাভ কৰিব। জিঅ’টিভি আৰু ৫০জিবি জিঅ’ক্লাউড AI ষ্ট’ৰেজৰ সুবিধা উপলব্ধ।
কেৱল ইমানেই নহয়, দৈনিক ডাটা শেষ হ’লেও এই প্লেনেৰে ৰিছাৰ্জ কৰিলে ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ নহয়। কেৱল মাত্ৰ ইণ্টাৰনেটৰ গতি ৬৪Kbps লৈ হ্ৰাস পাব। এই ৰিছাৰ্জ প্লেনে স্বাভাৱিকতেই এয়াৰটেল আৰু ভোডাফোনৰ ব্যৱসায়ত প্ৰভাৱ পেলাব। জিঅ’ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দুয়োটা কোম্পানীয়ে প্ৰায় একেধৰণৰ ৰিছাৰ্জ প্লেন আনিছে। পিছে এই কোম্পানী দুটাৰ ৰিছাৰ্জ প্লেনত জিঅ’ৰ দৰে সুবিধা লাভ কৰিবনে?
এয়াৰটেলৰ বছৰেকীয়া ৰিচাৰ্জ প্লেন লাভজনক যদিও ই দৈনিক মাত্ৰ ২জিবি ডাটাহে প্ৰদান কৰিব। এই প্লেনত আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছৰ সুবিধা লাভ কৰে। 5G ডাটাৰ সুবিধা এয়াৰটেলৰ পৰিকল্পনাত উপলব্ধ নহয়। ৰিছাৰ্জ প্লেনটোত Airtel Xstream Play আৰু Hellotunes বিনামূলীয়াকৈ দিয়া হৈছে।
আনহাতে Vi- ৰ ৰিছাৰ্জ প্লেনৰ মূল্যও ৩৫৯৯ টকা আৰু ইয়াত প্ৰতিদিনে ২জিবি ডাটা, আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছ প্ৰদান কৰা হৈছে। 5G উপলব্ধ স্থানত আনলিমিটেড ডাটা, মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ হাফ ডে আনলিমিটেড ডাটা এই ৰিছাৰ্জ প্লেনৰ অন্যতম সুবিধা।