গাড়ীত AC লগাই শুই যোৱাৰ অভ্যাস আছে নেকি? সাৱধান, হ’ব পাৰে ডাঙৰ বিপদ…

বহু লোকে গাড়ীত এচি লগাই শুই যোৱা দেখা যায়। কিন্তু সাৱধান। ইয়ে আনিব পাৰে ডাঙৰ বিপদ। শেহতীয়াকৈ পোহৰলৈ আহিছে যে এচি লগাই শুৱাৰ ফলত ২ জন লোকৰ মৃত্যু হৈছে।

গাড়ীত AC লগাই শুই যোৱাৰ অভ্যাস আছে নেকি? সাৱধান, হব পাৰে ডাঙৰ বিপদ...

গাড়ীত শুই যোৱা

Published: 

05 Aug 2025 21:00 PM

কোনে আৰাম নিবিচাৰে! বহু মানুহে আৰামৰ বাবে গাড়ীত শুই পৰা দেখা যায়। দেখাত এয়া আৰামদায়ক লাগিলেও ই বহুত ডাঙৰ বিপদ হ’ব পাৰে। শুনি আচৰিত হ’ব যে, গাড়ীত এচি লগাই শুই যোৱা আপোনাৰ জীৱনৰ বাবে মাৰাত্মক হ’ব পাৰে। শেহতীয়াকৈ নয়ডাৰ ছেক্টৰ ৬২ৰ সমীপত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যিয়ে আচৰিত কৰি তুলিছে সকলোকে। ঘটনাৰ বিৱৰণী অনুসৰি, গাড়ীৰ চালক আৰু তেওঁৰ বন্ধু গাড়ীৰ ভিতৰত শুই পৰে। চালকজন যেতিয়া ঘৰত উপস্থিত নহয় তেতিয়া পৰিয়ালৰ লোকে বিচাৰ খোচৰ কৰে। তেতিয়া পৰিয়ালৰ লোকে দুয়োকে গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে।

এই ঘটনাৰ পাছত প্ৰায়ে এটা প্ৰশ্ন উত্থাপন হয় যে এচিয়ে কাৰোবাৰ প্ৰাণ কাঢ়িব পাৰে নেকি? নয়ডা টাইমছ (নৱভাৰত টাইমছ)ৰ মতে, দুয়োৰে মৃত্যু কেনেকৈ হ’ল সেই কথা জানিবলৈ আৰক্ষীয়ে দুয়ো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে দুয়োজনেই এচি অন কৰাৰ পিছত টোপনি যায় আৰু শ্বাসৰুদ্ধকৰ ফলত মৃত্যু হয়।

এ চিৰ ফলত কেনেকৈ মৃত্যু হয়?

কাৰ্বন মনোক্সাইডৰ লিকেজঃ গাড়ীৰ ইঞ্জিন চলাৰ সময়ত ইয়াৰ পৰা কাৰ্বন মনোক্সাইড গেছ নিৰ্গত হয়। কিন্তু এক্সজেষ্ট চিষ্টেমত যদি কোনো লিকেজ থাকে, তেন্তে এই গেছ এচি ভেণ্টৰ জৰিয়তে গাড়ীত প্ৰৱেশ কৰি শুই থকা ব্যক্তিজনৰ শৰীৰ প্ৰৱেশ কৰে। ইয়াৰ ফলত ব্যক্তিজনৰ অক্সিজেনৰ যোগান বন্ধ হয় আৰু শ্বাসৰুদ্ধ হৈ মৃত্যু মুখত পৰে।

অক্সিজেনৰ অভাৱ: এচি চলি থকাৰ সময়ত যদি গাড়ীখন সম্পূৰ্ণ বন্ধ হৈ থাকে তেতিয়া ভিতৰত বায়ু চলাচল কৰিব নোৱাৰে। আমি জীয়াই থাকিবলৈ অক্সিজেন লৈ কাৰ্বন-ডাই-অক্সাইড এৰি দিও। এনে অৱস্থাত যেতিয়া গাড়ীৰ গ্লাছ সম্পূৰ্ণ বন্ধ হৈ যায়, তেতিয়া গাড়ীৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। বহু সময়ত শুই থকা ব্যক্তিজনে এই কথা গম নাপাই আৰু উশাহ-নিশাহত কষ্ট পায়। কেতিয়াবা ইয়াৰ ফলত ডাঙৰ সমস্যা হ’ব পাৰে।

সাৱধানতা

  • গাড়ীত শুই থকাৰ সময়ত এচি বা ব্ল’ৱাৰ নচলাব।
  • যদি কিবা কাৰণত গাড়ীত শুব লগা হয় তেতিয়া গ্লাছখন সামান্য খুলি ৰাখিব।
  • সময়মতে গাড়ী চাৰ্ভিছ কৰা প্ৰয়োজন।

 

 

অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডাঙৰ পদক্ষেপ! অশ্লীল বিষয়বস্তু প্ৰচাৰ কৰা ৪৩ টা এপ নিষিদ্ধ…

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...