Ice Breaker Missile: শত্ৰুৰ বাবে হৈ পৰিব কাল! ভাৰতীয় নৌ সেনাই লাভ কৰিব ইজৰাইলত নিৰ্মিত ‘আইচ ব্ৰেকাৰ মিছাইল’…
Ice Breaker Missile: ইজৰাইলত নিৰ্মিত আইচ ব্ৰেকাৰ মিছাইল বিচাৰে ভাৰতীয় নৌ সেনাই। ইয়াৰ পাছতে শক্তি বৃদ্ধি পাব ভাৰতীয় নৌ সেনাৰ। ই প্ৰায় ৩০০ কিলোমিটাৰ দূৰৰ পৰা শত্ৰুক লক্ষ্য কৰি আক্ৰমণ কৰিব পাৰে।

ভাৰতীয় নৌ সেনা
পুনৰ শক্তি বৃদ্ধিৰ দিশে ভাৰতীয় নৌ সেনাৰ! এইবাৰ নৌ সেনাই লাভ কৰিব ইজৰাইলৰ দ্বাৰা নিৰ্মিত নতুন ক্ৰুজ মিছাইল। ৩০০ কিলোমিটাৰ ৰেঞ্জৰ এই মিছাইলটোৰ নাম আইচ ব্ৰেকাৰ (Ice Breaker Missile)। এই মিছাইল ইমানেই শক্তিশালী যে শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা (Air Defence System) ই ইয়াক ৰোধ কৰিব নোৱাৰে। ইয়াৰ সহায়ত এতিয়া ৰোমিঅ’ হেলিকপ্টাৰ (Romeo helicopters) হত্যালীলাৰ মেছিনলৈ পৰিণত হ’ব। ই ধ্বংসস্তূপলৈ পৰিণত কৰিব শত্ৰুৰ ঘাটি তথা সন্ত্ৰাসবাদীৰ শিবিৰ।
ইজৰাইলী কোম্পানী ৰাফেলে (Rafael) নিৰ্মাণ কৰা ‘আইচ ব্ৰেকাৰ’ মিছাইলৰ সহায়ত এতিয়া নৌসেনাৰ ৰোমিঅ’ কিলাৰ মেচিনলৈ ৰূপান্তৰিত হ’ব। এই ‘লং ৰেঞ্জ প্ৰিচিচন গাইড’ (Long Range Precision Guide) ক্ষেপণাস্ত্ৰই প্ৰায় শব্দৰ গতিবেগেৰে আক্ৰমণ কৰিব পাৰে। বায়ুসেনাৰ পাছত এতিয়া নৌ সেনাই এই শক্তিশালী অস্ত্ৰ বিচাৰিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে, এই নতুন মিছাইলটো নৌ সেনাৰ এম এইচ ৬- আৰ ৰোমিঅ ছি হক হেলিকপ্টাৰ (MH-60R ৰোমিঅ’ Sea Hawk helicopter-)ত সংযোজন কৰা হ’ব। জলপথত চোৰাংচোৱাগিৰি কৰাৰ সময়ত যদি শত্ৰুৰ জাহাজ দেখা পাই তেন্তে ই লগে লগে ৩০০ কিলোমিটাৰ দূৰৰ পৰা সেই জাহখনক লক্ষ্য কৰি ল’ব পাৰিব।
এআই (AI) ভিত্তিক স্বয়ংক্ৰিয় লক্ষ্য চিনাক্তকৰণৰ সহায়ত এই ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰিব পাৰে। ইয়াত কোনো জিপিএছ (GPS)ৰ প্ৰয়োজন নাই। গতিকে শত্ৰুৰ বায়ু প্ৰতিৰক্ষা নেটৱৰ্কত সোমাই গ’লেও ‘জাম’ হোৱাৰ কোনো আশংকা নাথাকে। ‘আইচ ব্ৰেকাৰ’ই নিমিষতে শত্ৰুৰ ঘাটি বা জাহাজ ধ্বংস কৰি পেলাবলৈ সক্ষম।
বৈশিষ্ট্য
- দিন হওক বা ৰাতি, ইয়াৰ আক্ৰমণ নিঁখুত
- কম উচ্চতাত উৰে, ৰাডাৰেও বিচাৰি নাপায়
- ইয়াৰ ওজন কম, পিছে ৰেঞ্জ ৩০০ কিলোমিটাৰ
- ইয়াক ৪০০ কিলোগ্ৰাম ওজনৰ ‘আইচ ব্ৰেকাৰ’ হেলিকপ্টাৰতো সংলগ্ন কৰিব পাৰি
- AI ৰ সহায়ত আক্ৰমণ কৰিবলৈ সক্ষম
- জিপিএছ ব্লক কৰিও ইয়াক বন্ধ কৰিব নোৱাৰি
উল্লেখ কৰা প্ৰয়োজন যে, নৌসেনাৰ ৰোমিঅ’ ছি হক হেলিকপ্টাৰত ‘হেলফায়াৰ’ (Hellfire) ক্ষেপণাস্ত্ৰ আৰু ‘টৰ্পিডো’ (Torpedo) আছিল। কিন্তু তাৰ পাছতো দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ অভাৱ আছিল। DRDOৰ ওচৰত মিডিয়াম ৰেঞ্জৰ এন্টি শ্বিপ মিছাইল আছিল, কিন্তু ইয়াৰ ওজন প্ৰায় ৬০০ কিলোগ্ৰাম। যাৰ বাবে নৌ সেনাই হেলিকপ্টাৰত সংযোগ কৰিব পৰাকৈ কম ওজনৰ আৰু দীৰ্ঘ দুৰত্বত আক্ৰমণ কৰিব পৰা ক্ষেপনাস্ত্ৰ বিচাৰি আছিল।
নৌ সেনাই বিচাৰি পঞ্চম প্ৰজন্মৰ ‘আইচ ব্ৰেকাৰ’। ইয়াৰ দ্বাৰা ‘ফ্লাইট পাৰফৰমেন্স’তো কোনো প্ৰভাৱ নপৰে। ইয়াৰোপৰি বহু দূৰৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পাৰি। এই ক্ষেপণাস্ত্ৰ সংলগ্ন হ’লে ‘ৰোমিঅ’ হেলিকপ্টাৰখন শত্ৰুৰ বাবে হত্যাৰ আন এক নাম হৈ পৰিব। সূত্ৰ অনুসৰি ভাৰতীয় কোম্পানী ‘ভাৰত ডাইনেমিক্স লিমিটেড’ আৰু ৰাফেলৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছে। চলিত বৰ্ষৰ মাজভাগৰ পৰা উৎপাদন আৰম্ভ হ’ব। গতিকে তাৰ পাছতেই পুনৰ শক্তি বৃদ্ধি পাব ভাৰতীয় নৌসেনাৰ।
অন্য খবৰ পঢ়কঃ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! অষ্টম দৰমহা আয়োগক লৈ নতুন আপডেট…