নৈতিক আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী কাঠামো দিছে ভাৰতে: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে ভাৰতে নৈতিক আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী কাঠামো গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আছে।

নৈতিক আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী কাঠামো দিছে ভাৰতে: প্ৰধানমন্ত্ৰী মোদী

ESTIC 2025 ত নৰেন্দ্ৰ মোদী

Published: 

03 Nov 2025 13:21 PM

সোমবাৰৰ পৰা আৰম্ভ হৈছে উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (Emerging Science, Technology and Innovation Conclave) ২০২৫। এই অনুষ্ঠান মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাক সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে সুলভ আৰু উপকাৰী কৰি তোলাৰ দিশত কাম কৰি আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে ভাৰতে নৈতিক আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী কাঠামো গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আছে। “আজি খুচুৰা বিক্ৰীৰ পৰা আৰম্ভ কৰি লজিষ্টিক, গ্ৰাহক সেৱাৰ পৰা আৰম্ভ কৰি শিশুৰ ঘৰুৱা কামলৈকে সকলোতে AI (Artificial Intelligence) ব্যৱহাৰ কৰা হৈছে। সেয়েহে ভাৰততো আমি AI ৰ শক্তিক সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে উপযোগী কৰি তুলিছো। ইণ্ডিয়া এ আই মিছনত ১০ হাজাৰ কোটিতকৈ অধিক টকা বিনিয়োগ কৰা হৈছে।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

তেওঁ আৰু কয় যে যেতিয়া ভাৰতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত গ্ল’বেল এআই শীৰ্ষ সন্মিলন আয়োজন কৰিব, তেতিয়া সৰ্বাংগীন, নৈতিক, আৰু মানৱকেন্দ্ৰিক এআইৰ প্ৰচেষ্টাই নতুন গতি লাভ কৰিব।

“আজি ভাৰতে নৈতিক আৰু মানৱকেন্দ্ৰিক এআইৰ বাবে বিশ্বব্যাপী কাঠামো গঢ় দিছে। আমাৰ আগন্তুক এআই শাসন কাঠামো এই দিশত এক বৃহৎ পদক্ষেপ হ’ব। ইয়াৰ লক্ষ্য হৈছে উদ্ভাৱন আৰু সুৰক্ষা একেলগে বিকশিত কৰা। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ভাৰতে গ্ল’বেল এআই শীৰ্ষ সন্মিলন আয়োজন কৰিব, তেতিয়া সৰ্বাংগীন, নৈতিক, আৰু মানৱকেন্দ্ৰিক এআইৰ বাবে কৰা প্ৰচেষ্টাই নতুন গতি লাভ কৰিব। এতিয়া উদীয়মান ক্ষেত্ৰত আমাৰ শক্তি পুনৰ দুগুণ কৰাৰ সময়। আমাৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবেও এইটো অতি গুৰুত্বপূৰ্ণ।” এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত মহিলাৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দশকত অংশগ্ৰহণৰ হাৰ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে।

তেওঁ কয়, “যেতিয়া আমি ভাৰতৰ মহাকাশৰ কথা কওঁ, তেতিয়া ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ বিষয়ে বহুত আলোচনা হয়। পেটেণ্ট ফাইলিঙত বছৰি এই ক্ষেত্ৰত মহিলাৰ সংখ্যা এদশক পূৰ্বে ১০০ তকৈও কম আছিল। এতিয়া, বছৰি ৫,০০০ তকৈও অধিক হৈছে। STEM শিক্ষাত মহিলাৰ অংশ প্ৰায় ৪৩%, যিটো বিশ্বৰ গড়তকৈ বেছি।”

ভাৰতৰ মহিলাসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে বুলি লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এটা মুহূৰ্তৰ কথা মনত পেলাই কয়, “মই এখন উন্নত দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীৰ সৈতে লিফটত আছিলো। তেওঁ মোক সুধিলে – ‘ভাৰতত ছোৱালীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ পিছত লগা নেকি?’ এনে সংখ্যাৰ কথা কওঁতে তেওঁ থতমত খালে। ভাৰতৰ কন্যাসকলে এইখিনি লাভ কৰিছে। এই পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতৰ মহিলাসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কিমান দ্ৰুতগতিত আগবাঢ়িছে।”

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক