আহি আছে iPhone 17 ! ভাৰতত কিমান হ’ব ইয়াৰ দাম, জানক সবিশেষ…

আইফোন আপুনিও ভাল পাই নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ।কিয়নো, শীঘ্ৰেই এপলে iPhone 17 ছিৰিজ মুকলি কৰিব। য’ত নতুন এয়াৰ মডেল, উন্নত কেমেৰা আৰু শ্লিম ডিজাইন অন্তৰ্ভুক্ত হ'ব।

আহি আছে iPhone 17 ! ভাৰতত কিমান হব ইয়াৰ দাম, জানক সবিশেষ...

আইফোন

Published: 

20 Jul 2025 20:53 PM

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এপল (Apple)য়ে মুকলি কৰিবলৈ সাজু হৈছে আইফোন ১৭ ছিৰিজ (I phone 17)। ইয়াত আইফোন ১৭, আইফোন ১৭ প্ৰ’ (I phone 17 pro), আইফোন ১৭ প্ৰ’ মেক্স (I phone 17 pro max) আৰু নতুন আইফোন ১৭ এয়াৰ (I phone 17 air) কে ধৰি চাৰিটা মডেল থাকিব। এইবাৰ প্ৰ’ মডেলত অনন্য ডিজাইন পৰিৱৰ্তন আৰু উন্নত বৈশিষ্ট্য দেখা যাব। এয়াৰ মডেলৰ নামেৰে অনুমান কৰা হৈছে যে এইটো এপলৰ এতিয়ালৈকে হোৱা আটাইতকৈ শ্লিম ফোন হ’ব পাৰে।

ভাৰতত মূল্য

ভাৰতত আইফোন ১৭ ছিৰিজৰ সম্ভাৱ্য মূল্য কিমান হব এতিয়ালৈকে আনুুষ্ঠিক প্ৰকাশ হোৱা নাই। কিন্তু প্ৰ’ মেক্সৰ মূল্য প্ৰায় ১,৬৪,৯০০ টকা হ’ব পাৰে। একে সময়তে আইফোন ১৭ প্ৰ’ৰ দাম প্ৰায় ১,৪৫,০০০ টকা আৰু আইফোন ১৭ এয়াৰৰ দাম প্ৰায় ৯০,০০০ টকা হ’ব পাৰে। ব্যয়বহুল অংশ আৰু বিশ্বব্যাপী বাণিজ্য শুল্কৰ বাবে দাম বৃদ্ধি হ’ব পাৰে।

বিভিন্ন দেশত এপল আইফোন ১৭ৰ দাম সামান্য ভিন্ন হ’ব পাৰে। ভাৰতত ইয়াৰ আৰম্ভণিৰ মূল্য প্ৰায় ৭৯,৯০০ টকা হ’ব পাৰে। আমেৰিকাত ইয়াৰ মূল্য ৮৯৯ ডলাৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। একে সময়তে সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) ইয়াক প্ৰায় ৩,৭৯৯ ডিৰহাতত পোৱা যায়।

ব্ৰিটেইন (ইউ কে)ত ইয়াৰ সম্ভাৱ্য মূল্য প্ৰায় ৮৪৯ পাউণ্ড হ’ব পাৰে, আনহাতে জাৰ্মানী আৰু ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশত ইয়াৰ মূল্য প্ৰায় ১০১৯ ইউৰো হ’ব পাৰে। কানাডাত আইফোন ১৭ৰ দাম প্ৰায় ১১৯৯ কেনাডিয়ান ডলাৰ হ’ব পাৰে। জাপানত ইয়াক প্ৰায় ১২৯,৮০০ জেপাই হোৱাৰ সম্ভাৱনা আছে। লগতে ছিংগাপুৰত ইয়াৰ সম্ভাৱ্য মূল্য ১,৪২৯ এছজিডি হ’ব পাৰে। এই মূল্যসমূহ আংশিক আৰু মুকলিৰ সময়ত কৰ অনুসৰি সলনি হ’ব পাৰে।

ডিজাইন

নতুন কেমেৰাৰ ডিজাইন ত্ৰিভুজ লেআউটত ট্ৰিপল কেমেৰা ছেটআপত দেখা যায়। ইয়াত থকা প্ৰাইমেৰী কেমেৰাটো 48MP হ’ব পাৰে। iOS 26, 12GB ৰেম আৰু নতুন কুলিং চিষ্টেম, 8K ভিডিঅ’ ৰেকৰ্ডিং আৰু 24MP ফ্ৰন্ট কেমেৰাৰ সৈতে মুকলি কৰা আৰু নতুন ৰঙৰ বিকল্প Black, Silver, Dark Blue, Orange-Copper দেখা যাব।

 

অন্য খবৰ পঢ়কঃ Jio offer: মাত্ৰ ৬০১ টকা! এবছৰলৈ লাভ কৰিব আনলিমিটেড 5G ডাটা, জানক সবিশেষ…

ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি? আজিয়েই কৰক এই কাম...
খালী পেটত বিষৰ দৰৱ খালে কি হয় জানেনে? জানক বিশেষজ্ঞৰ পৰা...
নিশা ভালদৰে টোপনি নাহে নেকি? টোপনিৰ অভাৱত কি কি সমস্যা হ'ব পাৰে?
ৰাহু-কেতুৰ নক্ষত্ৰ পৰিবৰ্তন! ৫০ দিন সাৱধান হৈ থাকিব লাগিব এই ৰাশিৰ লোক...