চৰকাৰৰ সতৰ্কবাণী! ভুৱা এপ ডাউনলোড হ’লে কেনেকৈ জানিব? কৰক এই কাম…

যিমানেই প্ৰযুক্তি আগবাঢ়িছে সিমানেই ভুৱা এপো বৃদ্ধি পাইছে। আজিকালি বহুতে ডিজিলকাৰ ব্যৱহাৰ কৰে। কিন্তু ভুৱা এপৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল। যদি আপোনাৰ ফোনত ভুৱা এপ ডাউনলোড হয় তেন্তে কি কৰিব?

চৰকাৰৰ সতৰ্কবাণী! ভুৱা এপ ডাউনলোড হলে কেনেকৈ জানিব? কৰক এই কাম...

ডিজিলকাৰ

Updated On: 

02 Dec 2025 | 09:19 AM

আপুনিও ফোনত DigiLocker ব্যৱহাৰ কৰে নেকি? তেন্তে এই ক্ষেত্ৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এপ ষ্টৰত উপলব্ধ ভুৱা DigiLocker সন্দৰ্ভত চৰকাৰে সতৰ্ক কৰি দিছে। এই তথ্য ডিজিটেল ইণ্ডিয়াৰ অফিচিয়েল এক্স একাউণ্ট শ্বেয়াৰ কৰিছে। য’ত কোৱা হৈছে, ব্যৱহাৰকাৰীয়ে এপ ডাউনলোড কৰাৰ আগত সেইটো প্ৰকৃত এপ হয় নে নহয় সেয়া পৰীক্ষা কৰা দৰকাৰ।

গতিকে আপুনি কেনেকৈ ভুৱা DigiLocker চিনি পাব সেই সন্দৰ্ভত তলত সবিশেষ উল্লেখ কৰা হ’ল-

নিৰ্দেশনাত কোৱা হৈছে যে, ভুৱা এপসমূহে ব্যৱহাৰকাৰীক বিপথে পৰিচালিত কৰি ব্যক্তিগত তথ্য চুৰি কৰিব পাৰে। DigiLocker হৈছে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় মেইটৱাইৰ অধীনত চৰকাৰী পদক্ষেপ, যিয়ে নাগৰিকৰ বাবে ডিজিটেল ডকুমেণ্ট ৱালেট হিচাপে কাম কৰে। এই এপৰ জৰিয়তে নথি-পত্ৰৰ ডিজিটেল কপি (পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, একাডেমিক ৰেকৰ্ড, আৰু বাহন পঞ্জীয়নৰ প্ৰমাণপত্ৰ ইত্যাদি) সংৰক্ষণ কৰিব পাৰে।

চৰকাৰী নিৰ্দেশনা

সামাজিক মাধ্যমত প্ৰচাৰ কৰা পোষ্টটোৰ মতে, ভুলবশতঃ ভুৱা এপ ডাউনলোড কৰা ব্যৱহাৰকাৰীসকলক তৎক্ষণাত নিজৰ ফোনটোৰ পৰা এপটো ডিলিট কৰি যিকোনো লিংক কৰা একাউণ্টৰ পাছৱৰ্ড সলনি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

প্ৰকৃত এপ বুলি কেনেকৈ জানিব

  • অফিচিয়েল এপ নাম: DigiLocker
  • অফিচিয়েল এপ ডেভেলপাৰ:  National e-Governance Division (NeGD), Government of India
  • অফিচিয়েল ৱেবছাইট: https://www.digilocker.gov.in.

প্ৰথম পৰ্যায়

যদি আপুনি নিশ্চিত নহয় যে গুগল প্লেষ্টোৰ বা এপল এপ ষ্ট’ৰত কোনবোৰ এপ প্ৰকৃত আৰু ভুৱা গম নাপাই তেন্তে অফিচিয়েল ৱেবচাইট চাব পাৰে।

দ্বিতীয় পৰ্যায়

 

পাছত আপুনি “Download DigiLocker App” দেখা পাব, লগতে তলত পাব Google Play Store আৰু Apple App Store ৰ লিংক। এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে গুগল প্লে লিংক আৰু এপল ব্যৱহাৰকাৰীৰ বাবে এপ ষ্ট’ৰত ক্লিক কৰিলে আপুনি অফিচিয়েল এপলৈ যাব। এপটো খোলাৰ পিছত ডাউনলোড কৰি ইনষ্টল কৰিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ New Rule: ৰে’লৰ টিকট বুকিঙৰ পৰা বেংক, ATM লৈ, আজিৰ পৰা সলনি হ’ব এইসমূহ নিয়ম…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...