পিন, ফিংগাৰপ্ৰিণ্ট নে ফেচ আনলক! আপোনাৰ ফোনটোক সুৰক্ষিত ৰাখিবলৈ কোনটো অধিক ফলপ্ৰসূ?
স্মাৰ্টফোন এতিয়া কেৱল ফোন কৰাতে সীমাবদ্ধ হৈ থকা নাই। ব্যক্তিগত তথ্য যেনে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু বেংকিংৰ সবিশেষৰ দৰে বহু বস্তু মোবাইলত চেভ হৈ থাকে। এনে পৰিস্থিতিত ফোনটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক ল’ব নোৱাৰি। আজি আমি - ফিংগাৰপ্ৰিণ্ট, ফেচ আনলক বা পিনৰ ভিতৰত শক্তিশালী সুৰক্ষাৰ বাবে কোনটো ব্যৱহাৰ কৰাটো উত্তম সেই বিষয়ে তথ্য দিম।

প্ৰতীকি ফটো
ফটো, ভিডিঅ’, গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ পৰা আৰম্ভ কৰি বেংকিঙৰ গোপন তথ্যলৈ বহুতো ব্যক্তিগত বস্তু মোবাইল ফোনত চেভ হৈ থাকে। গতিকে সকলোৱে ফোনটোৰ নিৰাপত্তা সুদৃঢ় কৰি ৰাখিবলৈ চেষ্টা কৰে। ফোনটোৰ শক্তিশালী সুৰক্ষাৰ বাবে কিছুমানে ফিংগাৰপ্ৰিণ্ট আৰু ফেচ আনলক ব্যৱহাৰ কৰাৰ বিপৰীতে কিছুমানে পিন ক’ড ব্যৱহাৰ কৰে। কিন্তু এই তিনিটা বিকল্পৰ ভিতৰত কোনটোৱে আটাইতকৈ শক্তিশালী সুৰক্ষা দিয়ে? এই প্ৰশ্নৰ উত্তৰ জানেনে?
ফিংগাৰপ্ৰিণ্ট চেন্সৰ
মানুহে ফোনটো লক কৰিবলৈ ফিংগাৰপ্ৰিণ্ট চেন্সৰ ব্যৱহাৰ কৰে কাৰণ চেন্সৰৰ বাবে ফোনটো সোনকালে আনলক হয় যদিও ফিংগাৰপ্ৰিণ্ট চেন্সৰ শক্তিশালী নিৰাপত্তাৰ বাবে ভাল বিকল্প নহয়। বিশ্বাস কৰা হয় যে প্ৰতিটো ফিংগাৰপ্ৰিণ্ট অনন্য যদিও কোনোবাই শুই থকাৰ সময়ত চেন্সৰত আঙুলি ৰাখি ফোনটো আনলক কৰিব পৰা কথাটো অস্বীকাৰ কৰিব নোৱাৰি।
ফেচ আনলক
ফেচ আনলক প্ৰযুক্তিকো বিশেষ সুৰক্ষা নাই। 2D মুখ চিনাক্তকৰণ চেন্সৰক সহজেই ঠগাব কৰিব পাৰি। কিন্তু থ্ৰীডি স্কেনিং থকা স্মাৰ্টফোন (আইফোন)ত এই ধৰণৰ বিপদ কম।
পিন কোড
ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্টৰ উপৰিও কিছুমান লোকে পিন ক’ড ব্যৱহাৰ কৰে। ফিংগাৰপ্ৰিণ্ট আৰু ফেচ আনলকতকৈ পিন ক’ড ব্যৱহাৰ কৰাটো অধিক সুৰক্ষিত, ইয়াৰ আঁৰৰ কাৰণ হ’ল আঙুলি বা মুখ চুৰি কৰিব পাৰি। কিন্ত পিন ক’ড সহজে আহৰণ কৰিব নোৱাৰি।আপুনি অলপ জটিল পাছৱৰ্ড ব্যৱহাৰ কৰি ফোনটোৰ সুৰক্ষা শক্তিশালী কৰি ৰাখিব পাৰে। ডাঙৰ আখৰ, সৰু আখৰ, চিহ্ন আৰু সংখ্যা – এটা শক্তিশালী পাছৱৰ্ডত এই সকলোবোৰ বস্তু থাকিব লাগে যাতে কোনোৱে সহজে পাছৱৰ্ড আহৰণ কৰিব নোৱাৰে।
আমি আপোনালোকক তিনিওটা বিকল্পৰ ভিতৰত আটাইতকৈ নিৰাপদ বিকল্পৰ বিষয়ে জনাইছো, এতিয়া ফোনটোৰ শক্তিশালী সুৰক্ষাৰ বাবে কোনটো বিকল্প বাছি ল’ব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল।