Fighter Jets: সাধাৰণ নাগৰিকে কেনেকৈ ক্ৰয় কৰিব পাৰে যুঁজাৰু বিমান? জানক সকলো প্ৰক্ৰিয়া…

Fighter Jets: আপুনি নিশ্চয় ফাইটাৰ জেট অৰ্থাৎ যুদ্ধ বিমানৰ বিষয়ে শুনিছে। আপোনাৰ যদি নিজৰ এখন যুদ্ধ বিমান থাকে তেতিয়া আপুনি কি কৰিব? অৱশ্যে ফাইটাৰ জেটৰ মালিক হোৱা বহুতৰে সপোন।

Fighter Jets: সাধাৰণ নাগৰিকে কেনেকৈ ক্ৰয় কৰিব পাৰে যুঁজাৰু বিমান? জানক সকলো প্ৰক্ৰিয়া...

যুদ্ধ বিমান

Published: 

20 Oct 2025 | 10:22 AM

আপুনি নিশ্চয় ফাইটাৰ জেট বা যুদ্ধ বিমানৰ বিষয়ে জানে। নিশ্চয় ইয়াৰ ফটো বা উৰণৰ সময়ৰ ভিডিঅ’ দেখিছে। যুদ্ধ বিমানৰ মালিক হোৱা দেশৰ বহু লোকৰ ডাঙৰ সপোন। অৱশ্যে এয়া সহজ নহয়, যাৰ বাবে এয়া বহুতৰে বাবে কেৱল সপোন মাত্ৰ। কিন্তু প্ৰশ্ন হয়, যুদ্ধ বিমানৰ মালিক হোৱা কিমান সহজ?

যদি কোনোৱে প্ৰকৃততে যুদ্ধ বিমান ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁ এক জটিল প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব। এই প্ৰক্ৰিয়া দেশৰ চৰকাৰে অতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে। বৰ্তমানৰ আইন অনুসৰি সাধাৰণ নাগৰিকে সেৱাত থকা কোনো যুদ্ধ বিমান ক্ৰয় কৰিব নোৱাৰে। ইয়াৰ একমাত্ৰ কাৰণ হ’ল উন্নত সামৰিক প্ৰযুক্তি যাতে আনৰ হাতলৈ নাযায়।

পুৰণি যুঁজাৰু বিমানৰ নিয়ম কি?

বৰ্তমান সময়ত সেৱাত থকা বিমানসমূহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে যদিও অৱসৰ লোৱা বিমান ক্ৰয় কৰিব পাৰে। ইয়াৰ বাবে কিছুমান আইনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে। এই ক্ষেত্ৰত কিছুমান বিশেষ চৰ্ত আছে। প্ৰথমে এই বিমানখনক অ-সামৰিক কৰি তুলিব লাগিব। অৰ্থাৎ এই বিমানখনত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বা গোপন সামৰিক সঁজুলি থাকিব নোৱাৰিব। ইয়াৰ লগতে এই যুঁজাৰু বিমানখন ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন বা FAA ৰ দ্বাৰা পঞ্জীয়নভুক্ত হ’ব লাগিব। ইমানেই নহয়, এই বিমানখনে অসামৰিক বিমান পৰিবহণৰ সকলো মানদণ্ড পূৰণ কৰিব লাগিব। এইসমূহ চৰ্ত পূৰণ কৰিলেহে এই বিমানখন ক্ৰয় কৰিব পাৰিব।

যদি কোনোৱে এই বিমান ক্ৰয় কৰে তেন্তে তেওঁৰ বাবে ইয়াৰ ৰক্ষণাবেক্ষণ কৰা অতি কঠিন হৈ পৰে। প্ৰতিটো মডেলৰ বাবে পাইলটসকলে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ল’ব লাগে। যান্ত্ৰিকতাৰ ক্ষেত্ৰতো সমস্যা হ’ব পাৰে। এতিয়ালৈকে টম ক্ৰুজৰ দৰে চেলিব্ৰিটি বা প্ৰাক্তন সামৰিক পাইলটেহে এনে এখন যুদ্ধ বিমান ক্ৰয় কৰাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে। টম ক্ৰুজৰ হাতত আছে দ্বিতীয় বিশ্বযুদ্ধৰ যুগৰ পি-৫১ মুস্তাংগ।

 

অন্য খবৰ পঢ়কঃ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰতিশোধ ল’বলৈ বৌয়েকে কাটিলে যুৱকৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...