Voter Card: কেনেকৈ ডাউনলোড কৰিব ডিজিটেল ভোটাৰ কাৰ্ড? জানক প্ৰক্ৰিয়া…

E-Epic Download: আজিকালি প্ৰায় বিভিন্ন কামতে ভোটাৰ আইডিৰ প্ৰয়োজন হয়। কিন্তু সকলো ক্ষেত্ৰতে প্ৰকৃত ভোটাৰ আই়ডি লৈ ফুৰা সহজ নহয়। এই ক্ষেত্ৰত আপুনি আপোনাৰ ভোটাৰ আইডি ডিজিটেল প্ৰক্ৰিয়াৰ দ্বাৰা সংৰক্ষণ কৰিব পাৰে।

Voter Card: কেনেকৈ ডাউনলোড কৰিব ডিজিটেল ভোটাৰ কাৰ্ড? জানক প্ৰক্ৰিয়া...

ই-এপিক

Published: 

21 Nov 2025 12:10 PM

দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হৈছে SIR. ইয়াৰ পাছতে এতিয়া বহুতে ভোটাৰ কাৰ্ড বিচাৰি হাবাথুৰি খাইছে। একাংশৰ যদি ভোটাৰ কাৰ্ড নষ্ট হৈছে, কাৰোবাৰ আকৌ ভোটাৰ কাৰ্ড হেৰুৱাইছে। আপোনাৰো যদি এই সমস্যা হৈছে তেন্তে চিন্তাৰ কাৰণ নাই। কিয়নো পঞ্জীয়নভুক্ত ভোটাৰসকলে নিজৰ ভোটাৰ কাৰ্ডৰ ডিজিটেল সংস্কৰণ ডাউনলোড কৰিব পাৰিব। নিৰ্বাচন আয়োগে প্ৰদান কৰিছে এই সুবিধা। এই প্ৰক্ৰিয়া অতি সহজ। মাত্ৰ এটা ক্লিকতেই আপুনি ই-এপিক (e-EPIC) ডাউনলোড কৰিব পাৰিব।

E-Epic কি ?

ই-এপিক হ’ল ইলেক্ট্ৰনিক ভোটাৰ আইডি, যি আপোনাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ। এই ডিডিটেল ভোটাৰ কাৰ্ডখন আপুনি মোবাইল, লেপটপ বা ক্লাউড ড্ৰাইভত সংৰক্ষণ কৰিব পাৰে। আনকি আপুনি ইয়াক প্ৰিন্ট কৰিব পাৰে। যদি ক’ৰবাত ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হয়, তেন্তে এই ডিজিটেল কাৰ্ডখন দেখুৱাব পাৰিব।

E-EPIC কেনেকৈ ডাউনলোড কৰিব

  • প্ৰথমে আপুনি ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পৰ্টেল বা ভোটাৰ হেল্পলাইন এপক ক্লিক কৰক।
  • পাছত e-EPIC Download বিকল্পত ক্লিক কৰিব।
  • এতিয়া আপুনি আপোনাৰ এপিক নম্বৰ (EPIC number)  বা ফৰ্ম ৰেফাৰেন্স নম্বৰ দিব পাৰিব।
  • পাছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ দিব লাগিব।
  • ইয়াৰ পাছতে এটা অ’টিপি আহিব। সেই অ’টিপিটো দিব লাগিব।
  • পাছত আপুনি লাভ কৰিব ডিজিটেল ই-এপিক।
  • পাছত আপুনি এইখন ডাউনলোড কৰিব পাৰিব।

যদি আপুনি এই কাৰ্ডখন ডাউনলোড কৰে তেন্তে প্ৰকৃত ভোটাৰ কাৰ্ড লগত লৈ ফুৰাৰ প্ৰয়োজন নাই। ইয়াৰোপৰি এই ডাউনলোড প্ৰক্ৰিয়া অতি সহজ। গতিকে আপুনি কম সময়ৰ ভিতৰতে ইয়াক ডাউনলোড কৰিব পাৰিব। ইয়াৰোপৰি ইয়াৰ বাবে আপোনাৰ প্ৰকৃত ভোটাৰ কাৰ্ডখন হেৰাই যোৱাৰ আশংকা কম হৈ পৰে।

 

অন্য খবৰ পঢ়কঃ আপোনাৰ ঘৰতো ইনভাৰ্টাৰ আছে নেকি? ভুলতো নাৰাখিব এই স্থানত…

ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...
থেলাছেমিয়া ৰোগৰ লক্ষণ আৰু কাৰণ কি, জানক সকলো...
এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !