ভাৰতৰ ওপৰত মাধমাৰ! ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতে ভাৰতত নিৰ্মিত সামগ্ৰী হৈ পৰিব ব্যয়বহুল…

ভাৰতৰ বিৰুদ্ধে পুনৰ এক ডাঙৰ সিদ্ধান্ত আমেৰিকাৰ। শেহতীয়াকৈ ট্ৰাম্প চৰকাৰে লোৱা এক বিশেষ সিদ্ধান্তৰ প্ৰভাৱ ভাৰতীয় অৰ্থনীতিত পৰিব পাৰে।

ভাৰতৰ ওপৰত মাধমাৰ!  ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতে ভাৰতত নিৰ্মিত সামগ্ৰী হৈ পৰিব ব্যয়বহুল...

ড'নাল্ড ট্ৰাম্প

Published: 

25 Feb 2025 10:37 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুনৰ এবাৰ ভাৰত বিৰোধী সিদ্ধান্ত। শেহতীয়াকৈ ট্ৰাম্পে লোৱা এক সিদ্ধান্তৰ ফলত মেড ইন ইণ্ডিয়া আইফোন (I phone) ৰ ওপৰত সমস্যা বৃদ্ধি হ’ব পাৰে। ট্ৰাম্পে ভাৰতৰ ওপৰত পাৰস্পৰিক শুল্ক (reciprocal tariff) আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই শুল্ক আৰোপ কৰাৰ পাছতে ভাৰতৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত কৰ আৰু আমেৰিকাৰ পৰা ভাৰতলৈ অহা সামগ্ৰীৰ ওপৰত কৰৰ পৰিমাণ একেই হ’ব। এনে পৰিস্থিতি এপলৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পাব পাৰে। কিয়নো এতিয়াৰ পৰা ভাৰতত নিৰ্মাণ হোৱা আইফোন আমেৰিকা বা অন্য দেশত বিক্ৰী কৰাৰ সময়ত অধিক ধন ভৰিব লগা হ’ব ।

মেড ইন ইণ্ডিয়া এপলৰ ওপৰত প্ৰভাৱ

ভাৰতৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী ৰপ্তানি কৰা বৃহৎ কোম্পানীসমূহৰ এপল অন্যতম। এপলে তেওঁলোকৰ বিভিন্ন সামগ্ৰীসমূহ ভাৰতত প্ৰস্তুত কৰি আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন দেশত বিক্ৰী কৰে। বৰ্তমানলৈকে আমেৰিকাই মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ ওপৰত কোনো শুল্ক আৰোপ কৰা নাছিল। যাৰ বাবে ই কোম্পানীসমূহৰ বাবে এক ইতিবাচক দিশ আছিল। কেৱল এপলেই নহয়, চেমচাং আৰু মটৰ’লাৰ দৰে বৃহৎ কোম্পানীয়েও ভাৰতত নিজৰ সামগ্ৰী নিৰ্মাণ কৰি আমেৰিকাত বিক্ৰী কৰে। কিন্তু আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতে এই  কোম্পানীসমূহে এতিয়া অধিক ধন ভৰিব লাগিব।

মেড ইন ইণ্ডিয়াৰ সামগ্ৰী চীনতকৈ অধিক ব্যয়বহুল হ’ব

উল্লেখ্য যে, ভাৰত চৰকাৰে দেশৰ ভিতৰতে উৎপাদনক প্ৰচাৰৰ বাবে বিদেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰে আমেৰিকাৰ পৰা অহা সামগ্ৰীৰ ওপৰত ভাৰতে ১৬.৫ শতাংশ শুল্ক আৰোপ কৰে। গতিকে এতিয়া যদি ট্ৰাম্পে ভাৰতৰ বাহিৰলৈ যোৱা সামগ্ৰীৰ ওপৰত ইমান উচ্চ শুল্ক আৰোপ কৰে, তেন্তে ভাৰতৰ বাহিৰলৈ যোৱা সামগ্ৰীৰ খৰচ কোম্পানীসমূহৰ বাবে বৃদ্ধি পাব। এনে পৰিস্থিতিত চীনৰ পৰা অহা সামগ্ৰীতকৈও ইয়াৰ খৰচ বেছি হব পাৰে। ইয়াৰ বিপৰীতে ট্ৰাম্পে চীনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা কৰিছে।

এপলৰ বাবে চীন হৈছে সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ। গতিকে এতিয়া যদি আমেৰিকাই ভাৰতৰ পৰা যোৱা সামগ্ৰীৰ ওপৰত ১৬.৫ শতাংশ শুল্ক আৰোপ কৰে তেন্তে ই চীনতকৈ ব্যয়বহুল হব। যাৰ ফলত এপলৰ সমস্য়া বৃদ্ধি পাব। অৱশ্যে কেৱল এপলেই নহয় আন কোম্পানীসমূহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। এই সমগ্ৰ ঘটনাৰাজিৰ প্ৰভাৱ পৰিব ভাৰতীয় অৰ্থনীতিৰ ওপৰত।

 

অন্য খবৰ পঢ়কঃ বন্ধুত্বত আঘাত! ভাৰতীয় বহুকেইটা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ…

 

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...