শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি মুকলি হ’ব এপ’লৰ iPhone 17, প্ৰতীক্ষাৰ পৰিব অন্তঃ এইদৰে চাব পাৰিব লাইভ ষ্ট্ৰীমিং

এপ’ল ইভেণ্টৰ সময়ত আইফোন ১৭ সংস্কৰণৰ চাৰিটা নতুন মডেল মুকলি কৰাৰ সম্ভাৱনা আছে। এইবাৰ আইফোন ১৭, আইফোন ১৭ প্ৰ’, আইফোন ১৭ প্ৰ’ মেক্সৰ উপৰিও নতুন আইফোন ১৭ এয়াৰো মুকলি কৰা হ’ব পাৰে।

আজি মুকলি হ’ব এপ’লৰ iPhone 17, প্ৰতীক্ষাৰ পৰিব অন্তঃ এইদৰে চাব পাৰিব লাইভ ষ্ট্ৰীমিং
আজি মুকলি হ’ব আইফোন ১৭Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 09 Sep 2025 09:33 AM

বিশ্বৰ প্ৰসিদ্ধ কোম্পানী এপলৰ মোবাইলৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণৰ কথা পুনৰাই নকলেও কোম্পানীটোৰ জনপ্ৰিয় মোবাইল আইফোনৰ প্ৰতিটো সংস্কৰণ গ্ৰাহকৰ দ্বাৰা সমাদৃত হৈছে এপলৰ আইফোন ১৭ সংস্কৰণৰ বাবে গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি কৰি আহিছে অপেক্ষা গ্ৰাহকৰ এই অপেক্ষাৰ আজি অন্ত পেলাব কোম্পানীটোৱে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে এপলে মুকলি কৰিব বহু প্ৰতীক্ষিত আইফোন ১৭ সংস্কৰণ এপলৰ এই বিশেষ অনুষ্ঠানৰ সময়ত কেৱল আইফোন ১৭এই নহয়, আন বহু নতুন সামগ্ৰীও মুকলি কৰা হব।

এই অনুষ্ঠানৰ সময়তে এপলে iOS 26, iPadOS 26 ইত্যাদি মুকলি কৰাৰ সম্ভাৱনা সম্ভাৱনা আছে। ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব এপলৰ এই বিশেষ অনুষ্ঠান এপলৰ এই নতুন সামগ্ৰীসমূহৰ বাবে যদি আপুনিও অপেক্ষা কৰি আছে, ঘৰতে বহি এইApple Event 2025’ চাব পাৰে

এপলৰ অফিচিয়েল চাইটৰ বাহিৰেও কোম্পানীটোৰ অফিচিয়েল ইউটিউব চেনেলত এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে এই লেখাৰ তলত লাইভ ষ্ট্ৰীমিংৰ লিংক সংযোগ কৰা হৈছে, নিশা ১০:৩০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হোৱাৰ পিছতে এই লিংকত আপুনি পোনপটীয়াকৈ অনুষ্ঠানটো লাইভ চাব পাৰিব।

এপল ইভেণ্টৰ সময়ত আইফোন ১৭ সংস্কৰণৰ চাৰিটা নতুন মডেল মুকলি কৰাৰ সম্ভাৱনা আছে। এইবাৰ আইফোন ১৭, আইফোন ১৭ প্ৰ’, আইফোন ১৭ প্ৰ’ মেক্সৰ উপৰিও নতুন আইফোন ১৭ এয়াৰো মুকলি কৰা ব পাৰে। এয়াৰ ভেৰিয়েণ্টে প্লাছ ভেৰিয়েণ্টৰ ঠাই ল’ব

নতুন আইফোন ১৭ সংস্কৰণৰ উপৰিও এপল ইভেণ্টৰ সময়ত কোম্পানীটোৱে তিনিটা নতুন স্মাৰ্টৱাচ ক্ৰমে এপল ৱাচ ছিৰিজ ১১, ৱাচ আল্ট্ৰা ৩ আৰু ৱাচ এছ ই ৩ মুকলি কৰিব পাৰে। নতুন আইফোন আৰু নতুন স্মাৰ্টৱাচৰ উপৰিও তৃতীয় প্ৰজন্মৰ এয়াৰপডছ প্ৰ’ও মুকলি কৰাৰ সম্ভাৱনা আছে।

কোম্পানীটোৱে তিনি বছৰ পূৰ্বে দ্বিতীয় প্ৰজন্মৰ মডেলটো মুকলি কৰিছিল, এইবাৰ তৃতীয় প্ৰজন্মৰ মডেলৰ বৈশিষ্ট্যসমূহ কিছু উন্নত ৰূপত সংযোজিত কৰা পাৰে যদি আপুনিও এপলৰ এই সামগ্ৰীসমূহৰ বিষয়ে জানিব বিচাৰে, তলৰ লিংকত ক্লিক কৰি এপলৰ আজিৰ বিশেষ অনুষ্ঠান চাব পাৰে