AI ৰ আধিপত্য! চলিত বৰ্ষত প্ৰায় ১ লাখ লোকে হেৰুৱালে চাকৰি…

প্ৰায় সকলোকে এটা ভাল চাকৰিৰ প্ৰয়োজন। এতিয়াও লাখ লাখ নিবনুৱা দেশত আছে। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। জানিব পৰা মতে চলিত বৰ্ষত এতিয়ালৈকে ১ লাখ লোকে চাকৰি হেৰুৱাইছে।

AI ৰ আধিপত্য! চলিত বৰ্ষত প্ৰায় ১ লাখ লোকে হেৰুৱালে চাকৰি...

চাকৰি

Published: 

02 Nov 2025 18:13 PM

প্ৰায় সকলোকে লাগে এটা ভাল চাকৰি। যাৰ বাবে একাংশই দিনে নিশাই কষ্ট কৰে। কিন্তু ইয়াৰ মাজতে আহিছে এটা বেয়া খবৰ। ২০২৫ চনত বৰ্তমান সময়লৈকে প্ৰায় ১ লাখ ১২ হাজাৰতকৈ অধিক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। এই তথ্য কেৱল প্ৰযুক্তি ক্ষেত্ৰখনত জড়িতসকলৰ। আমাজন, ইণ্টেল, টিচিএছ, মাইক্ৰ’ছফ্ট আৰু গুগলৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা এই বৃহৎ পৰিমাণৰ কৰ্মচাৰী বৰ্খাস্ত কৰা হৈছে। কেৱল আমেৰিকাতে নহয়, ইয়াৰ প্ৰভাৱ ইউৰোপ, ভাৰতকে ধৰি বিভিন্ন দেশত দেখা যায়।

AI আৰু খৰচ নিয়ন্ত্ৰণৰ দৌৰত কোম্পানীবোৰে এই বৃহৎ পৰিমাণৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। ইয়ে টেক জগতখনত অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

পৰিসংখ্যা

Layoffs.fyi ৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে টেক খণ্ডত ১১২,৭৩২ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। এ আইৰ ব্যৱহাৰ বৃদ্ধি, খৰচ নিয়ন্ত্ৰণ, ব্যৱসায়িক পুনৰ্গঠন আদিৰ বাবে এনে কৰা হৈছে। ইয়াৰ প্ৰভাৱ কেৱল ছিলিকন ভেলীতে সীমাবদ্ধ নহয়, ভাৰতৰ আই টি হাবসমূহতো ইয়াৰ প্ৰভাৱ পৰিছে।

তথ্য

আমাজনে ২০২৫ চনত প্ৰায় ৩০ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। এআই-চালিত অটোমেচন, অভাৰ-হাইৰিং আৰু মেনেজমেণ্ট লেয়াৰৰ পুনৰ্গঠনৰ ফলত এই সিদ্ধান্ত লোৱা হৈছে বুলি কয় কোম্পানীটোয়ে।

ইণ্টেলেও গ্ৰহণ কৰিছে ডাঙৰ পদক্ষেপ। কোম্পানীটোৱে প্ৰায় ২২ শতাংশ কৰ্মশক্তি হ্ৰাস কৰিছে। কোম্পানীটোৱে আমেৰিকা, জাৰ্মানী, পোলেণ্ড আৰু কোষ্টা ৰিকা আদিত বহুতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

ইফালে ভাৰতৰ আই টি জায়ান্ট টি চি এছে ছেপ্টেম্বৰ ত্ৰৈমাসিকত প্ৰায় ১৯,৭৫৫ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। মধ্য আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলক বিশেষকৈ কোম্পানীটোৱে বৰ্খাস্ত কৰিছিল। টিচিএছে এতিয়া এআই ভিত্তিক প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ বাবে শ্ৰমিকৰ সংখ্যা হ্ৰাস পাইছে।

ইয়াৰোপৰি মাইক্ৰ’ছফটে বছৰটোত প্ৰায় ৯ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। মুঠতে এনেকৈ বিভিন্ন কোম্পানীয়ে এই বছৰটোত হাজাৰ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। কোম্পানীসমূহে এতিয়া এই আইৰ ওপৰত বেছি নিৰ্ভৰ কৰিবলৈ লৈছে, যাৰ বাবে বহুতে চাকৰি হেৰুৱাইছে। ইয়ে আই টি ক্ষেত্ৰত এক অনিশ্চিয়তা আনি দিছে।

 

 

অন্য খবৰ পঢ়কঃ অতি ভয়ংকৰ! ওৰে নিশা ফোন চাৰ্জত থৈ দিয়ে নেকি? জানক কি কি হ’ব পাৰে…

পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক
ভিটামিন Cৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...