Aadhaar Card Update: বিয়াৰ পাছত আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব? জানক প্ৰক্ৰিয়া…

Aadhaar Card Update: বৰ্তমান সময়ত আধাৰ কাৰ্ড অতি গুৰুত্বপূৰ্ণ নথি। গতিকে আধাৰ কাৰ্ড আপডেট কৰি ৰখা প্ৰয়োজন। আপোনাৰ বিয়া হৈছে নেকি? গতিকে বিয়াৰ পাছত কেনেকৈ আপডেট কৰিব আধাৰ কাৰ্ড?

Aadhaar Card Update: বিয়াৰ পাছত আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব? জানক প্ৰক্ৰিয়া...

আধাৰ কাৰ্ড

Published: 

29 Jan 2026 | 11:56 AM

বৰ্তমান সময়ত আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি হৈ পৰিছে। যিকোনো চৰকাৰী কামত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়।বেংকৰ লেনদেনৰ পৰা আৰম্ভ কৰি স্কুল-কলেজ বা অন্যান্য প্ৰয়োজনীয় কামলৈকে আধাৰৰ প্ৰয়োজন। আধাৰ কাৰ্ডত সকলো বায়’মেট্ৰিক আৰু জনগাঁথনিগত তথ্য থাকে। আধাৰ কাৰ্ডত সকলো তথ্য আপডেট কৰি ৰাখিব লাগে। যদি আধাৰ কাৰ্ড আপডেট নাথাকে তেন্তে পাছপ’ৰ্ট, ৰেচন কাৰ্ড, জীৱন বীমা আদি সকলো কামেই আৱদ্ধ হৈ পৰিব পাৰে। ধৰক এগৰাকী মহিলাৰ বিয়া হৈছে। তেন্তে সেইগৰাকী মহিলাই আধাৰ কাৰ্ডত কেনেকৈ স্বামীৰ নাম সংযোগ কৰিব?

যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডত স্বামীৰ নাম সংযোগ কৰিব বিচাৰে তেন্তে বিবাহৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক। ইয়াৰ লগতে আপোনাৰ আৰু আপোনাৰ স্বামীৰ আধাৰ কাৰ্ডৰো প্ৰয়োজন হ’ব। পৰীক্ষণৰ বাবে অন্যান্য নথি-পত্ৰ বা ৰেকৰ্ডৰো প্ৰয়োজন হ’ব পাৰে। এনে ক্ষেত্ৰত আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰাটো বাধ্যতামূলক।

আধাৰ কাৰ্ডত স্বামীৰ নাম কেনেকৈ সংযোগ কৰিব?

  • প্ৰথমে আধাৰ নিয়ন্ত্ৰণ সংস্থা UIDAI ৰ অফিচিয়েল ৱেবছাইট uidai.gov.in ত ক্লিক কৰক।
  • এতিয়া এপইণ্টমেণ্ট অপচনত ক্লিক কৰিব।
  • ইয়াৰ পাছত ‘Book an Appointment’ ত ক্লিক কৰক।
  • এতিয়া আপুনি আপোনাৰ আধাৰ কেন্দ্ৰটো বাছি ল’ব লাগিব আৰু বুকিং কৰিবলৈ তাৰিখ, সময় নিৰ্ধাৰণ কৰা আৱশ্যক।
  • সেই নিৰ্ধাৰিত দিনত আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব।
  • আধাৰ সেৱা কেন্দ্ৰলৈ গৈ আধাৰ আপডেট বা শুধৰণিৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰক।
  • তাত আপোনাৰ স্বামীৰ নাম লিখি প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়ক।
  • প্ৰ-পত্ৰ জমা দিয়াৰ পাছত আপোনাক শ্লীপ দিয়া হ’ব।
  • এই আপডেটৰ বাবে ৫০ টকাৰ প্ৰয়োজন হ’ব।
  • ইয়াৰ পাছতে ৭ৰ পৰা ১৫ দিনৰ ভিতৰত তথ্য আপডেট কৰা হ’ব।
  • তথ্যসমূহ আপডেট হৈছে নে নাই ইয়াৰ বাবে আপুনি UIDAI ৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
  • আৰু এনেকৈ আপুনি আপোনাৰ সংগীৰ নাম আধাৰত সংযোগ কৰিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ! জানক বাজেট সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা…

ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?
প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়ে লক্ষণসমূহ কি কি? জানক...
চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক...
বৃক্কৰ সংক্ৰমণ হ'লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী