মানচেষ্টাৰত জয়ছোৱালে ৰচিলে ইতিহাসঃ ৫১ বছৰৰ পিছত দেখা গ’ল এনে কৃতিত্ব

মানচেষ্টাৰত আজিৰ পৰা আৰম্ভ হোৱা ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত ৫৮ ৰানৰ এক অৰ্ধশতকীয় ইনিংছ খেলে জয়ছোৱালে। এই সময়ছোৱাতে যুৱ তাৰকাগৰাকীয়ে অৰ্জন কৰে এক ঐতিহাসিক কৃতিত্ব। এই অৰ্ধশতকীয় ইনিংছেৰে জয়ছোৱালে মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড খেলপথাৰত ইতিহাসৰ সৃষ্টি কৰিলে।

মানচেষ্টাৰত জয়ছোৱালে ৰচিলে ইতিহাসঃ ৫১ বছৰৰ পিছত দেখা গ’ল এনে কৃতিত্ব

যশস্বী জয়ছোৱালৰ ঐতিহাসিক কৃতিত্ব

Published: 

23 Jul 2025 | 09:17 PM

আজিৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টেষ্ট এই মেচখনত ভাৰতীয় দলৰ বাবে জয় অনিবাৰ্য হৈ পৰিছে তেনে পৰিস্থিতিত মেচখনত ভাৰতীয় বেটিং লাইন আপৰ প্ৰদৰ্শন বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে অৱশ্যে দুই অপেনাৰ কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে এইক্ষেত্ৰত নিৰাশ কৰা নাছিল দল তথা অনুৰাগীক দুয়ো ইংলেণ্ডৰ বলিং লাইন আপৰ সন্মুখত দৃঢ়তাৰে থিয় দি প্ৰথম উইকেটৰ যুটিত ৩০ অভাৰত ৯৪ ৰান যোগ দিয়ে ব্যক্তিগত ৪৬ ৰানত ৰাহুল আউট লেও অৰ্ধশতক সম্পূৰ্ণ কৰে জয়ছোৱালে

অৱশ্যে অৰ্ধশতক অৰ্জনৰ পিছত বেছি সময় ক্ৰীজত নিটিকিল জয়ছোৱাল ব্যক্তিগত ৫৮ ৰানৰ ইনিংছ খেলি জয়ছোৱালেও পেভিলিয়নৰ পথ লয় কিন্তু এই সময়ছোৱাতে যুৱ তাৰকাগৰাকীয়ে অৰ্জন কৰে এক ঐতিহাসিক কৃতিত্ব এই অৰ্ধশতকীয় ইনিংছেৰে জয়ছোৱালে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত ইতিহাসৰ সৃষ্টি কৰিলে।

লৰ্ডছৰ ব্যৰ্থতা পাহৰি জয়ছোৱালে আজি ১০৭টা বলৰ মুখামুখি হৈ ১০টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৫৮ ৰানৰ এই গুৰুত্বপূৰ্ণ ইনিংছ খেলে ইয়াৰ লগে লগে জয়ছোৱাল বিগত ৫১টা বছৰে এই খেলপথাৰত কোনো এগৰাকী ভাৰতীয় অপেনাৰে অৰ্জন কৰিব নোৱাৰা কৃতিত্বৰ অধিকাৰী হয় আৰু কিংবদন্তি তাৰকা সুনীল গাভাস্কাৰৰ সৈতে একে তালিকাত সংযুক্ত হয়

এই ইনিংছটোৰ জৰিয়তে যশস্বী জয়ছোৱাল বিগত ৫১ বছৰত অল্ড ট্ৰেফৰ্ডত ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় অপেনাৰ হিচাপে পৰিগণিত হয়। জয়ছোৱালৰ পূৰ্বে ভাৰতীয় অ’পেনাৰ হিচাপে এই খেলপথাৰত অৰ্ধশতক অৰ্জন কৰিছিল সুনীল গাভাস্কাৰে। কিংবদন্তি তাৰকাগৰাকীয়ে ১৯৭৪ চনতে এই কৃতিত্ব কৰিছিল। অৰ্থাৎ জয়ছৱালে ৫১ বছৰৰ পাছত এই কৃতিত্বৰ পুনৰাবৃত্তি কৰিছে।

ইফালে আজিৰ এই ইনিংছটোৰ সময়তে যশস্বী জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত ১০০০ ৰান সম্পূৰ্ণ কৰে। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ এতিয়ালৈকে ১টা শতক আৰু ২টা দ্বিশতক অৰ্জন কৰিছে। তদুপৰি দলটোৰ বিপক্ষে ৫টা অৰ্ধশতকো অৰ্জন কৰিছে জয়ছোৱালে। লক্ষণীয়ভাৱে নিজ টেষ্ট কেৰিয়াৰত তেওঁ এতিয়ালৈকে মাত্ৰ ২০৮৯ ৰানহে সংগ্ৰহ কৰিছে অৰ্থাৎ সংগ্ৰীহৃত মুঠ টেষ্ট ৰানৰে প্ৰায় আধা তেওঁ কেৱল ইংলেণ্ডৰ বিৰুদ্ধেই সংগ্ৰহ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...