কেতিয়া হ’ব WPLৰ চতুৰ্থ সংস্কৰণ? ঘোষণা কৰা হ’ল সময়সূচী, চাই লওক এতিয়াই

সদ্যসমাপ্ত মহিলা বিশ্বকাপত ভাৰতৰ শ্ৰেষ্ঠত্বৰ পিছতে ক্ৰিকেটপ্ৰেমীসকলৰ যেন অধিক কাষ চাপিছে মহিলা ক্ৰিকেট। ইয়াৰ প্ৰভাৱ হিচাপে শেহতীয়া সময়ছোৱাত দেখা গৈছিল ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLৰ ব্যাপক চৰ্চা। এতিয়া এই সকলো চৰ্চাৰ অৱসান ঘটাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে।

কেতিয়া হ’ব WPLৰ চতুৰ্থ সংস্কৰণ? ঘোষণা কৰা হ’ল সময়সূচী, চাই লওক এতিয়াই

WPL ২০২৬ৰ সময়সূচী ঘোষণা

Updated On: 

27 Nov 2025 17:32 PM

বিশ্বৰ অন্যতম ধনাঢ্য তথা জনপ্ৰিয় মহিলা ক্ৰিকেট লীগ WPL ২০২৬ৰ সময়সূচী ঘোষণা কৰা হৈছে। দিল্লীত অনুষ্ঠিত হোৱা মেগা নিলামৰ সময়তে ক্ৰিকেটপ্ৰেমীসকললৈ এই সুখবৰ আগবঢ়োৱা হৈছে। সদ্যসমাপ্ত মহিলা বিশ্বকাপত ভাৰতৰ শ্ৰেষ্ঠত্বৰ পিছতে ক্ৰিকেটপ্ৰেমীসকলৰ যেন অধিক কাষ চাপিছে মহিলা ক্ৰিকেট। ইয়াৰ প্ৰভাৱ হিচাপে শেহতীয়া সময়ছোৱাত দেখা গৈছিল ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLৰ ব্যাপক চৰ্চা। এতিয়া এই সকলো চৰ্চাৰ অৱসান ঘটাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে।

এই ঘোষণা অনুসৰি, নৱী মুম্বাই আৰু বদোদৰা- এই দুখন চহৰত অনুষ্ঠিত হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগৰ চতুৰ্থ সংস্কৰণ। অহা ৯ জানুৱাৰীৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ’ব আৰু ৫ ফেব্ৰুৱাৰীত ফাইনেল অনুষ্ঠিত হ’ব। প্ৰথমখন মেচ নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে বদোদৰাৰ বিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খিতাপ যুঁজ।

চতুৰ্থ ছিজনক লৈ উৎকণ্ঠা

ভাৰতৰ বিশ্বকাপ জয়ৰ পিছত ৱ’মেন প্ৰিমিয়াৰ লীগ অধিক হিট হোৱাৰ সম্ভাৱনা আছে। এই প্ৰতিযোগিতাৰ বিগত তিনিটা ছিজনত প্ৰতিটো দিশতে ক্ৰমাগতভাৱে উত্থান হোৱা পৰিলক্ষিত হৈছে। এতিয়া অনুৰাগীৰ উৎসাহৰ সমান্তৰালকৈ খেলুৱৈৰ সমাৱেশো লক্ষণীয় হৈ পৰিব। ন ৰূপত গঠিত প্ৰতিটো দলৰ মাজত এইবাৰ দেখা পোৱা যাব ৰোমাঞ্চকৰ যুঁজ।

উল্লেখ্য যে ৱ’মেন প্ৰিমিয়াৰ লীগৰ প্ৰথমটো ছিজন ২০২৩ চনত অনুষ্ঠিত হৈছে। প্ৰথম ছিজনত প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিল মুম্বাই ইণ্ডিয়ানছে। ইয়াৰ পিছত ২০২৪ চনত অনুষ্ঠিত দ্বিতীয় ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চলিত বৰ্ষত হোৱা তৃতীয় ছিজনত মুম্বাই ইণ্ডিয়ানছে পুনৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

দীপ্তি শৰ্মাৰ দৰ বৃদ্ধি

ৱ’মেন প্ৰিমিয়াৰ লীগৰ সূচী ঘোষণাৰ পিছতে আৰম্ভ হয় মেগা নিলাম। এই নিলামত ভাৰতীয় দলৰ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অলৰাউণ্ডাৰ দীপ্তি শৰ্মাক বৃহৎ মূল্যত ক্ৰয় কৰা হয়। দিল্লী কেপিটেলছে তেওঁক ৩.২ কোটি টকা দৰত ক্ৰয় কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁৰ পূৰ্বৰ দল ইউ পি ৱাৰিয়ৰ্ছে ৰাইট টু মেচ কাৰ্ড প্ৰয়োগ কৰি পুনৰবাৰ দললৈ আনে।

আমোদজনকভাৱে বিগত ছিজনত দীপ্তি শৰ্মাই ইউ পি ৱাৰিয়ৰ্ছৰ প্ৰতিনিধিত্ব কৰিছিল যদিও নিলামৰ আগে আগে দলে তেওঁক মুকলি কৰি দিছিল। কিন্তু এতিয়া দলটোৱে পুনৰ তাৰকা অলৰাউণ্ডাৰগৰাকীক নিজ দললৈ আনিছে। বিগত ছিজনত দীপ্তিৰ দৰমহা আছিল ২.৬ কোটি টকা। কিন্তু এইবাৰ তেওঁ পূৰ্বৰ নিৰিখতকৈ অতিৰিক্ত ৬০ লাখ টকা লাভ কৰিব।

পাপী লোকৰ মৃত্যু ভোজ খালে কি হয়? জানক...
প্ৰস্ৰাৱৰ পৰা অধিক ফেন ওলাই নেকি? হ'ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক...
ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...