Asia Cup 2025: খিতাপৰ পৰা মাত্ৰ এখোজ দূৰ, এছিয়া কাপৰ ফাইনেলত ভাৰত…

 মহিলা এছিয়া কাপ ২০২৫ৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় মহিলা হকী দলটোৱে।  ছুপাৰ ৪ৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে জাপানৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ১-১ গ’লত ড্র খেলে। ইয়াৰ লগে লগে পইণ্ট তালিকাত দ্বিতীয় স্থানত থাকে।

Asia Cup 2025: খিতাপৰ পৰা মাত্ৰ এখোজ দূৰ, এছিয়া কাপৰ ফাইনেলত ভাৰত...

এছিয়া কাপৰ ফাইনেলত ভাৰত

Published: 

13 Sep 2025 23:08 PM

মহিলা এছিয়া কাপ ২০২৫ত জাপানৰ বিৰুদ্ধে ছুপাৰ-৪ মেচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ১-১ গ’লত ড্ৰ’ কৰে ভাৰতীয় মহিলা হকী দলে। এই ৰোমাঞ্চকৰ মেচখন হাংঝোত অনুষ্ঠিত হৈছিল, য’ত ভাৰতে বিউটি ডাংডুঙৰ (৭ মিনিট) উজ্জ্বল গ’লেৰে আগতীয়াকৈ অগ্ৰগতি লাভ কৰিছিল যদিও শেষ মুহূৰ্তত জাপানৰ শ্বিহো কোবায়াকাৱাই (৫৮ মিনিট) এটা গ’ল দি গ’ল সমতা স্থাপন কৰে। এই ড্ৰ’ৰ জৰিয়তে ভাৰতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। দৰাচলতে টীম ইণ্ডিয়াই ৩খন খেলৰ ভিতৰত ১খন খেলত জয়লাভ কৰি পইণ্ট তালিকাত দ্বিতীয় স্থানত থাকে। এতিয়া ফাইনেলত চীনৰ সৈতে মুখামুখি হ’ব।

ফাইনেলত প্ৰৱেশ ভাৰতত

ভাৰতীয় মহিলা হকী দলটোৱে খেলখনৰ আৰম্ভণিতে আগ্ৰাসী স্থিতি গ্ৰহণ কৰি প্ৰথম কেইমিনিটমানৰ ভিতৰতে জাপানক বিপদত পেলাইছিল। ইছিকা চৌধাৰীয়ে গ’লপোষ্টত এটা উজ্জ্বল শ্বট মাৰে, যিটো শ্বট ফ্ৰেমত খুন্দা মাৰে। ইয়াৰ পাছত জাপানে আক্রমণ আৰম্ভ কৰে যদিও অতি সোনকালেই ভাৰতীয় দলটোৱে বিউটি ডাংডাঙৰ গ’লেৰে অগ্রগতি লাভ কৰে৷ প্ৰথম কোৱাৰ্টাৰৰ শেষ মুহূৰ্তত ভাৰতে প্ৰথমটো পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও স্ক’ৰ ১-০ হৈয়ে আছিল।

দ্বিতীয় কোৱাৰ্টাৰত জাপানে সমতা স্থাপনৰ সন্ধানত আক্ৰমণাত্মক প্ৰদৰ্শন কৰি পেনাল্টি কৰ্ণাৰ লাভ কৰে। অৱশ্যে ভাৰতীয় ডিফেন্সে ইয়াক সহজেই বিফল কৰি পেলালে। খেলখন আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতীয় দলটোৱে পুনৰ বলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। কিন্তু কোৱাৰ্টাৰ শেষত জাপানে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। তথাপিও ভাৰতীয় ডিফেন্সে উজ্জ্বল প্ৰদৰ্শন কৰি জাপানক গ’ল দিবলৈ বাধা দিছিল আৰু হাফ টাইমলৈকে ১-০ গ’লত অগ্ৰগতি বজাই ৰাখিছিল।

শেষ মুহূৰ্তত জাপানে গ’ল দিয়ে

তৃতীয় কোৱাৰ্টাৰত ভাৰতীয় মহিলা হকী দলে আক্ৰমণ তীব্ৰতৰ কৰি তুলিলে। ভাৰতীয় আক্ৰমণে এই কোৱাৰ্টাৰত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল যদিও দ্বিতীয়টো গ’ল দিব নোৱাৰি স্ক’ৰ ১-০ত ৰাখিছিল। চতুৰ্থ আৰু অন্তিম কোৱাৰ্টাৰত জাপানে সমতা স্থাপনৰ সন্ধানত সকলো প্ৰচেষ্টা চলাইছিল। ডিফেণ্ডিং চেম্পিয়ন জাপানে ভাৰতীয় ডিফেন্সৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যদিও ভাৰতে উৎকৃষ্ট ডিফেন্সেৰে তেওঁলোকৰ আক্ৰমণ বিফল কৰিছিল। কোৱাৰ্টাৰৰ মাজভাগত ভাৰতে আক্ৰমণ কৰি কেইবাটাও পেনাল্টি কৰ্ণাৰ লাভ কৰে, যাৰ ফলত জাপানৰ ওপৰত হেঁচা বৃদ্ধি পায়। অৱশ্যে শেষ মুহূৰ্তত শ্বিহো কোবায়াকাৱাই জাপানৰ হৈ সমতা স্থাপন কৰি ১-১ গ’লত অগ্ৰগতি লাভ কৰে।

পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!