Paris Olympics 2024 : কৃষকৰ পুত্ৰই পেৰিছত উৰুৱালে ভাৰতীয় ত্ৰিৰংগ ! জানেনে মনু ভাকৰৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰা সৰবজোৎ সিং কোন ?

Sarabjot Singh: ২০১৯ চনত শ্বুটিং ইভেণ্টৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱেশ কৰিছিল সাৰবজোৎ সিঙে । সাৰবজোতে অলিম্পিকত প্ৰথমটো পদক লাভ কৰিছে যদিও, ইয়াৰ পূৰ্বে ২০১৯ চনত জুনিয়ৰ বিশ্বকাপত দুটা ৰূপ আৰু এটা সোণৰ পদক লাভ কৰিছিল । ২০১৯ চনৰ দোহা এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ আৰু সোণৰ পদক লাভ কৰিছিল সাৰবজোৎ সিঙে ।

Paris Olympics 2024 : কৃষকৰ পুত্ৰই পেৰিছত উৰুৱালে ভাৰতীয় ত্ৰিৰংগ ! জানেনে মনু ভাকৰৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰা সৰবজোৎ সিং কোন ?

মনু ভাকৰ আৰু সৰবজোৎ সিং

Updated On: 

30 Jul 2024 15:01 PM

ভাৰতীয় শ্বুটাৰে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে পেৰিছ অলিম্পিকত । এইবাৰ পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে । এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ভাৰতৰ হৈ দ্বিতীয়টো বঞ্জৰ পদক নিশ্চিত কৰে মনু ভাকৰ আৰু সৰবজোৎ সিঙে ।

ইফালে একক ইভেণ্টত ভাৰতৰ হৈ প্ৰথমটো বঞ্জৰ পদক লাভ কৰিছিল মনু ভাকৰে । অৰ্থাৎ দ্বিতীয়টো পদক লাভ কৰাৰ পাছত মনু ভাকৰ অলিম্পিক ইভেণ্টতত দুটাকৈ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এইবাৰ দ্বিতীয়টো পদক লাভ কৰাত তেওঁৰ সংগী আছিল সৰবজোৎ সিং। অলিম্পিকত প্ৰথমটো পদক সাৰবজোৎ সিঙৰ ।

অম্বাৰাৰ বাৰাডাত জন্মগ্ৰহণ কৰা সাৰবজোৎ সিঙৰ বয়স মাত্ৰ ২২ বছৰ। সাৰবজোতৰ পিতৃ যতীন্দৰ সিং এজন খেতিয়ক আৰু মাতৃ হৰদীপ কৌৰ এগৰাকী গৃহিণী। সাৰবজোৎ সিঙৰ জন্ম এখন সৰু গাঁৱত হ’লেও পিতৃ-মাতৃয়ে তেওঁক কোনো ধৰণৰ কষ্ট ভোগ কৰিবলৈ দিয়া নাছিল । খেলাৰ সম্পূৰ্ণ সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল পিতৃ-মাতৃয়ে ।  আনকি তেওঁক প্ৰশিক্ষণৰ বাবে দিল্লীলৈও পঠিয়াইছিল পিতৃ-মাতৃয়ে । সাৰবজোতে আম্বালা কেণ্টৰ এ আৰ শ্বুটিং একাডেমীত অভিষেক ৰাণাৰ তত্বাৱধানত  শ্বুটিং প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।

২০১৯ চনত শ্বুটিং ইভেণ্টৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱেশ কৰিছিল সাৰবজোৎ সিঙে । সাৰবজোতে অলিম্পিকত প্ৰথমটো পদক লাভ কৰিছে যদিও, ইয়াৰ পূৰ্বে ২০১৯ চনত জুনিয়ৰ বিশ্বকাপত দুটা ৰূপ আৰু এটা সোণৰ পদক লাভ কৰিছিল । ২০১৯ চনৰ দোহা এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ আৰু সোণৰ পদক লাভ কৰিছিল সাৰবজোৎ সিঙে ।

একেদৰে ২০২১ চনত সাৰবজোতে বিশ্ব চেম্পিয়নশ্বিপত একক আৰু দলীয় ইভেণ্টত দেশৰ হৈ সোণৰ পদক লাভ কৰিছিল । ২০২৩ চনত চাগৱনত পুনৰ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ২০২৩ চনত ভূপাল আৰু বাকুত অনুষ্ঠিত হোৱা বিশ্বকাপত তেওঁ স্বৰ্ণ পদক লাভ কৰে। ২০২২ চনত অনুষ্ঠিত এছিয়ান গেমছত সোণ আৰু ৰূপৰ পদক লাভ কৰিছিল সাৰবজোতে । তেওঁৰ পদক জয়ৰ এই যাত্ৰা অব্যাহত থকাৰ আশা প্ৰকাশ কৰিছে ক্ৰীড়া অনুৰাগীয়ে…

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension