বিশ্বৰ ১ নম্বৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত বিৰাট কোহলী, পিছ পেলালে এইগৰাকী ভাৰতীয় তাৰকাক…
ICC ODI Rankings: আইচিচিৰ শেহতীয়া এদিনীয়া ৰেংকিঙত ১ নং স্থান দখল কৰিছে বিৰাট কোহলীয়ে। প্ৰায় পাঁচ বছৰৰ মূৰত পুনৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে কোহলী।

বিৰাট কোহলী
Virat Kohli ODI Ranking: ধাৰাবাহিভাৱে উন্নত প্ৰদৰ্শনৰ বাবে ভাৰতৰ কিংবদন্তি বেটছমেন বিৰাট কোহলীয়ে লাভ কৰিছে এক বিশেষ পুৰস্কাৰ। পুনৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষত স্থান লাভ কৰিছে কোহলীয়ে । বুধবাৰে আইচিচিয়ে শেহতীয়া প্ৰকাশ কৰা এদিনীয়া ৰেংকিং তালিকাত ১ নম্বৰত স্থানত আছে কিংবদন্তি বেটছমেনগৰাকী। তাৎপৰ্যপূৰ্ণভাৱে কোহলী ১ নম্বৰত উপনীত হোৱাৰ পিছত ৰেংকিং তালিকাত ৩ নম্বৰলৈ অৱনমিত হৈছে ৰোহিত শৰ্মাৰ স্থান।
৪ বছৰ ৯ মাহৰ পাছত পুনৰ ১ নং বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। ইফালে ১৭৩৬ দিনৰ বহু অপেক্ষাৰ অন্তত এইগৰাকী খেলুৱৈয়ে এদিনীয়া ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ১৩ এপ্ৰিললৈকে বিৰাট কোহলিয়ে এদিনীয়া ৰেংকিঙত এক নম্বৰ স্থান দখল কৰি আছিল আৰু তাৰ পিছত ১৪ এপ্ৰিলত তেওঁৰ ঠাইত পাকিস্তানী বেটছমেন বাবৰ আজমে স্থান লাভ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুটা শতক অৰ্ধশতক অৰ্জন কৰিছিল বিৰাটে। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলতো তেওঁ ৯৩ ৰান সংগ্ৰহ কৰি প্ৰথম নম্বৰৰ ৰেংকিঙৰ দিশত আগবাঢ়িছিল।
🚨 ICC ODI BATTERS RANKING 🚨
1) Virat Kohli – 785
2) Daryl Mitchell – 784
3) Rohit Sharma – 775 pic.twitter.com/eOnHTGbbme
— Johns. (@CricCrazyJohns) January 14, 2026
আইচিচিৰ শেহতীয়া এদিনীয়া ৰেংকিং
আইচিচিৰ শেহতীয়া এদিনীয়া ৰেংকিঙত ৭৮৫ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে বিৰাট কোহলীয়ে। নিউজিলেণ্ডৰ বেটছমেন ডেৰিল মিচেলে ৭৮৪ পইণ্টেৰে দ্বিতীয় স্থানত মাত্ৰ এটা ৰেটিং পইণ্ট পিছ পৰি আছে। ৭৭৫ ৰেটিং পইণ্টেৰে তৃতীয় স্থানলৈ পিছলি গৈছে ৰোহিত শৰ্মা। পঞ্চম স্থানত শুভমন গীল, আৰু দশম স্থানত আছে শ্ৰেয়াছ আয়াৰ।
বিৰাট কোহলী এদিনীয়াত এক নম্বৰত পৰিণত হৈছে যদিও এই স্থান অক্ষুণ্ণ ৰখাটো তেওঁৰ বাবে কঠিন হ’ব। কাৰণ নিউজিলেণ্ডৰ বেটছমেন ডেৰিল মিচেল দ্বিতীয় স্থানত আছে, তেওঁ মাত্ৰ এটা ৰেটিং পইণ্ট পিছত আছে। বাকী দুখন এদিনীয়া মেচত দুয়োগৰাকী খেলুৱৈয়ে কেনেদৰে প্ৰদৰ্শন কৰে তাৰ ওপৰত অহা সপ্তাহৰ ৰেংকিং নিৰ্ধাৰণ কৰা হ’ব। মিচেলক পিছ পৰি থাকিবলৈ বিৰাটে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰিব লাগিব।