শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খেলৰ পূৰ্বে মৌন প্ৰাথনা, ক’লা আৰ্মবেণ্ড! ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত কিয় দেখা গ’ল এনে দৃশ্য

মেচখনত আজি দুয়োটা দলৰ খেলুৱৈসকলে ক’লা আৰ্মবেণ্ড পৰিধান কৰি খেলপথাৰত নমা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে। পিছে দুয়োটা দলৰ খেলুৱৈসকলে কিয় ল’লে এই পদক্ষেপ? স্বাভাৱিকতেই এই প্ৰশ্ন সকলোৰে মনত উদয় হ’ব পাৰে।

খেলৰ পূৰ্বে মৌন প্ৰাথনা, ক’লা আৰ্মবেণ্ড! ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত কিয় দেখা গ’ল এনে দৃশ্য
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ মৌন প্ৰাৰ্থনাImage Credit source: Asanka Ratnayake/Getty Images
monjit-dutta
Monjit Dutta | Updated On: 31 Oct 2025 16:14 PM

আজি মেলবৰ্ণত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি২০ শৃংখলাৰ দ্বিতীয়খন মেচ বৰষুণৰ বাবে প্ৰথমখন টি-২০ মেচ পৰিত্যক্ত হোৱাৰ পিছত এই মেচখনৰ বাবে অনুৰাগীৰ উৎকণ্ঠা বৃদ্ধি পাইছিল মেচখনত টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক মিচেল মাৰ্শ্বৰ সিদ্ধান্তক সঠিক প্ৰমাণিত কৰি দলটোৰ বলিং আক্ৰমণে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে আৰু ভাৰতীয় দলক মাত্ৰ ১২৫ ৰানতে বান্ধি ৰাখে ভাৰতীয় বেটিন লাইন আপৰ সম্পূৰ্ণ ব্যৰ্থতাৰ মাজত কেৱল অভিষেক শৰ্মাহে উজলি উঠে

এই মেচখনত আজি দুয়োটা দলৰ খেলুৱৈসকলে ক’লা আৰ্মবেণ্ড পৰিধান কৰি খেলপথাৰত নমা পৰিলক্ষিত হয়ইয়াৰ পূৰ্বে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে পিছে দুয়োটা দলৰ খেলুৱৈসকলে কিয় লে এই পদক্ষেপ? স্বাভাৱিকতেই এই প্ৰশ্ন সকলোৰে মনত উদয় পাৰে

বেন অষ্টিনক শ্ৰদ্ধাঞ্জলি

যোৱা ২৯ অক্টোবৰত ক্ৰিকেটৰ অনুশীলন চলাই থকাৰ সময়তে ডিঙিত আঘাত পাইছিল মেলবৰ্ণৰ ১৭ বছৰীয়া কিশোৰ খেলুৱৈ বেন অষ্টিনে। এই আঘাতৰ পৰিণতিত ৩০ অক্টোবৰ অৰ্থা বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে উদীয়মান খেলুৱৈগৰাকীয়ে। এই শোকাৱহ ঘটনাই জোকাৰি যায় সমগ্ৰ ক্ৰিকেট বিশ্বক

বেন অষ্টিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে আজি ক’লা আৰ্মবেণ্ড পৰিধান কৰি খেলপথাৰত নামে। লগতে মেচৰ পূৰ্বে দুয়োটা দলৰ খেলুৱৈ আৰু অনুৰাগীয়ে এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰি তেওঁৰ আত্মাৰ শান্তি কামনাৰে প্ৰাৰ্থনা কৰে কিশোৰ খেলুৱৈগৰাকীৰ প্ৰতি শোক প্ৰকাশৰ বাবে এক মিনিট নিস্তব্ধ হৈ পৰে মেলবৰ্ণ ক্ৰিকেট খেলপথাৰ

ভাৰতৰ শোচনীয় প্ৰদৰ্শন

শৃংখলাৰ দ্বিতীয়খন মেচত আজি ভাৰতীয় দলৰ বেটিং বিভাগ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে চূড়ান্ত বেটিং ব্যৰ্থতাৰে ভাৰতে মাত্ৰ ১২৫ ৰানতে ইনিংছ সামৰে দলৰ মাত্ৰ দুগৰাকী বলাৰে দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয় অভিষেকে অকলেই যুঁজ দি সৰ্বাধিক ৬৮ ৰান সংগ্ৰহ কৰাৰ বাদে হৰ্ষিত ৰানাই কৰে ৩৫ ৰান