অথলে গ’ল অভিষেকৰ অকলশৰীয়া যুঁজ, মেলবৰ্ণত কেংগাৰু বাহিনীৰ সমুখত সহজ ‘আত্মসমৰ্পণ’ ভাৰতৰ
দলৰ আন বেটাৰৰ ব্যৰ্থতাৰ বিপৰীতে অপেনাৰ অভিষেক শৰ্মাই প্ৰায় অকলেই যুঁজ দি ৩৭টা বলত ৩৮ ৰানৰ অৱদান আগবঢ়ায়। তেওঁক কিছু সংগ দি হৰ্ষিত ৰানাই সংগ্ৰহ কৰে ৩৩বলত ৩৫ ৰান। ভাৰতীয় দলৰ এই ব্যৰ্থতাৰ কাৰণ হৈ পৰে বিশেষকৈ জ’ছ হেজলউড।
 
                                ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত আজি দেখা গৈছিল এক আনন্দময় পৰিৱেশ। বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেটপ্ৰেমীক এই সুখৰ ক্ষণ প্ৰদান কৰি মহিলা বিশ্বকাপৰ প্ৰৱেশ কৰিছিল ভাৰতীয় মহিলা ক্ৰিকেট দল। এনে আকাংক্ষিত সাফল্যৰ পিছত আজি দেশৰ ক্ৰিকেট অনুৰাগীয়ে ভাৰতীয় পুৰুষ দলৰ পৰাও আশা কৰিছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শনৰ। পিছে অনুৰাগীৰ এই আশাত চেঁচাপানী ঢালে ভাৰতীয় দলে। কেংগাৰু বাহিনীৰ সমুখত ভাৰতীয় দলে সহজেই পৰাজয় স্বীকাৰ কৰে।
অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত টি-২০ শৃংখলাৰ আজি দ্বিতীয়খন মেচত ৪ উইকেটত পৰাস্ত হয় ভাৰত। প্ৰথমে অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ সমুখত অত্যন্ত হতাশাজনক বেটিং প্ৰদৰ্শন কৰাৰ পিছত বলিঙতো বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে ভাৰতে আৰু অষ্ট্ৰেলিয়াই ৪০টা বল হাতত থকা অৱস্থাতে জয়লাভ কৰে।
মেচখনত টছত জয়ী হোৱাৰ পিছত অষ্ট্ৰেলিয়ান অধিনায়ক মিচেল মাৰ্শ্বে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ভাৰতে অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে আৰু মাত্ৰ ১২৫ ৰানতে ইনিংছ সামৰে। দলৰ মাত্ৰ দুগৰাকী বেটাৰেহে দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়।
দলৰ আন বেটাৰৰ ব্যৰ্থতাৰ বিপৰীতে অপেনাৰ অভিষেক শৰ্মাই প্ৰায় অকলেই যুঁজ দি ৩৭টা বলত ৩৮ ৰানৰ অৱদান আগবঢ়ায়। তেওঁক কিছু সংগ দি হৰ্ষিত ৰানাই সংগ্ৰহ কৰে ৩৩বলত ৩৫ ৰান। ভাৰতীয় দলৰ এই ব্যৰ্থতাৰ কাৰণ হৈ পৰে বিশেষকৈ জ’ছ হেজলউড। নিজ স্পেলত মাত্ৰ ১৩ ৰান খৰচ কৰি ৩টাকৈ উইকেট দখল কৰে পেচাৰগৰাকীয়ে।
হেজেলউডৰ লগতে এলিছ, বাৰ্টলেটে দুটাকৈ আৰু ষ্টইনিছে এটা উইকেট লাভ কৰে। ইফালে জয়ৰ বাবে ১২৬ ৰানৰ সহজ লক্ষ্য অষ্ট্ৰেলিয়াই ১৩.২ অভাৰতে অতিক্ৰম কৰে। হেডে মাত্ৰ ১৫টা বলত ২৮ আৰু অধিনায়ক মাৰ্শ্বে ২৬টা বলত ৪৬ ৰান সংগ্ৰহ কৰি জয়ৰ পথ সহজ কৰি তোলে।
ইয়াৰ পিছত জ’ছ ইংলিছে ২০ আৰু অ’ৱেনে ১৪ ৰান সংগ্ৰহ কৰি দলক জয়ৰ দুৱাৰডলিত উপনীত কৰায়। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে নিয়ন্ত্ৰিত বলিঙেৰে ২৩ ৰানত দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে বুমৰাহ আৰু কুলদীপেও দুটাকৈ উইকেট লাভ কৰে।
আজিৰ জয়েৰে অষ্ট্ৰেলিয়াই পাঁচখনীয়া মেচৰ শৃংখলাটোত ১-০ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল। এতিয়া ভাৰতে শৃংখলা জয়ৰ লক্ষ্য পূৰ কৰিবলৈ শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাব লাগিব। শৃংখলাৰ পৰৱৰ্তী মেচ অহা ২ নৱেম্বৰত হ’বাৰ্টত অনুষ্ঠিত হ’ব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      