টি-২০ ক্ৰিকেটত অভিলেখ ৰচিলে সূৰ্যকুমাৰ যাদৱে, চেৰ পেলালে হিটমেন ৰোহিতক
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টি-২০ শৃংখলাৰ প্ৰথমখন মেচত সূৰ্যকুমাৰ যাদৱে দুটা ছয় কোবাই কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। টি-২০ কেৰিয়াৰত ১৫০ টা ছিক্সাৰ কোবোৱাৰ লগতে বিশেষ তালিকাত শীৰ্ষস্থান দখল কৰে খেলুৱৈগৰাকীয়ে।

সূৰ্যকুমাৰ যাদৱ
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে পাঁচখন খেলৰ টি-২০ শৃংখলা। এই শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে আধাতে সামৰিবলগীয়া হয় যদিও ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক বৃহৎ কৃতিত্ব অৰ্জন কৰে। বিশেষ তালিকাত স্থান লাভ কৰিছে খেলুৱৈগৰাকীয়ে। সূৰ্যকুমাৰ যাদৱে এনে এক কৃতিত্ব অৰ্জন কৰিলে যিটো পূৰ্বতে বিশ্বৰ মাত্ৰ চাৰিজন খেলুৱৈয়েহে অৰ্জন কৰিছিল। এই কৃতিত্বৰে ৰোহিত শৰ্মাকো চেৰ পেলালে সূৰ্যকুমাৰে।
সূৰ্যকুমাৰ যাদৱে ৰচনা কৰিলে ইতিহাস
ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে টি-২০ কেৰিয়াৰত ১৫০ টা ছিক্সাৰ কোবাই এই মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ মাত্ৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত দুটা শক্তিশালী ছয় মাৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে।
সূৰ্যকুমাৰৰ এই কৃতিত্বৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল টি-২০ ক্ৰিকেটত ১৫০টা ছয় কোবোৱা তেওঁ ভাৰতৰ দ্বিতীয়জন খেলুৱৈ। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই কৃতিত্ব অৰ্জন কৰিছিল। অৱশ্যে ইনিংছৰ ক্ষেত্ৰত সূৰ্যকুমাৰে ৰোহিতক চেৰ পেলাইছে।
ৰোহিতে ১১১ টা ইনিংছত এই মাইলৰ খুঁটি অৰ্জন কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে মাত্ৰ ৮৬ ইনিংছত এই মাইলৰ খুঁটি অৰ্জন কৰে। ইয়াৰ ফলত তেওঁ ভাৰতৰ হৈ ১৫০টা টি-২০ ছিক্সাৰ কোবোৱা দ্ৰুততম বেটছমেন হিচাপেও পৰিগণিত হৈছে। ক্ৰিকেটত সৰ্বাধিক দ্ৰুত টি-২০ ছিক্সাৰৰ কৃতিত্বৰ অভিলেখ সংযুক্ত আৰব আমিৰশ্বাহীৰ মহম্মদ ৱাছিমৰ নামত আছে, যিয়ে মাত্ৰ ৬৬ ইনিংছত ১৫০টা ছয় সংগ্ৰহ কৰিছিল।
এই তালিকাত ৱাছিমৰ পাছতেই আছে সূৰ্যকুমাৰ যাদৱ। নিউজিলেণ্ডৰ মাৰ্টিন গুপটিলে ১০১ ইনিংছত, ৰোহিত শৰ্মাই ১১১ ইনিংছত, ইংলেণ্ডৰ জোছ বাটলাৰে ১২০ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। তদুপৰি, এটা দলৰ পূৰ্ণ সদস্য হিচাপে চালে ১৫০ টা ছিক্সাৰ কোবোৱা আটাইতকৈ দ্ৰুততম বেটছমেন হৈছে সূৰ্যকুমাৰ যাদৱ।
পুনৰ ফৰ্মত সূৰ্যকুমাৰ যাদৱ
এই খেলখন সূৰ্যকুমাৰ যাদৱৰ বাবে বহু দিশত বিশেষ আছিল। পূৰ্বৰ পাঁচখন টি-২০ মেচত ২০ ৰানৰ সীমাত উপনীত হোৱা নাছিল তেওঁ। কিন্তু এই মেচখনত তেওঁ ৩০ ৰো অধিক ৰান কৰিবলৈ সক্ষম হয়। এছিয়া কাপ ২০২৫ৰ সময়ত তেওঁ ৭খন মেচত এটাও অৰ্ধশতক অৰ্জন কৰা নাছিল আৰু মাত্ৰ এবাৰহে ২০ ৰানৰ সীমা অতিক্ৰম কৰিছিল। অৱশ্যে এই মেচখনত তেওঁ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়।